নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬৬ বছৰীয়া দেউতাক বিয়া কৰাই দিলে পুত্ৰই, ৬৩ বছৰীয়া নতুন মাতৃ পায় সম্পূর্ণ হ’ল পৰিয়াল

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ এক আধৰুৱা প্রেমৰ গল্পই অৱশেষত সম্পূর্ণতা পালে । নিঃসংগ দেউতাকক পুনৰ সম্পর্কৰ মধুৰ সোৱাদ দিলে পুত্ৰই । ছ’চিয়েল মিডিয়াত এইগৰাকী পুত্ৰৰ উদাৰতা দেখি সকলোৱে একমুখে প্ৰশংসা কৰিছে।

কলকাতাৰ বাসিন্দা তৰুণ কান্তি পালৰ বয়স ৬৬ বছৰ । পত্নীৰ মৃত্যুৰ পাছত বিগত ১০ বছৰ ধৰি অকলেই বাস কৰি আহিছে তেওঁ। একমাত্র পুত্ৰ চায়নো থাকে কানাডাত ।

ইপিনে অৱসৰৰ পাছত তৰুণ কান্তি পালে গাঁৱৰে ৰামকৃষ্ণ মঠলৈ অহা যোৱা কৰিবলৈ লৈছিল। তাতেই চিনাকী হৈছিল এগৰাকী মহিলা স্বপ্না ৰায়ৰ সৈতে। লাহে লাহে চিনাকীৰ পৰায়ে সম্পৰ্ক আগবাঢ়িবলৈ লয়। ইজনে আনজনক বুজিবলৈ লয়। কিন্তু পুত্ৰক নজনোৱাকৈ একো পদক্ষেপ নলয় তৰুণ পালে। অৱশেষত এই সম্পৰ্কৰ কথা পুত্ৰক ক’লে তৰুণ পালে।

ইফালে পুত্ৰ চায়নো সকলো কথা জনাৰ পাছত এই সম্পৰ্কত সহমত জনায় আৰু নিজেই দেউতাকৰ বিয়াৰ আয়োজন কৰে।

এই খবৰ সবত্ৰ প্ৰচাৰ হোৱাৰ পাছতে বৰ্তমানে ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে।

You might also like