নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফে আমাৰ অধিকাৰ কাঢ়ি নিছে

বিটিআৰত তুংগত উঠিছে দ্বিতীয় পর্যায়ৰ প্রচাৰ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ বিটিচি নির্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ পূর্বে প্রচাৰ ব্যাপক কৰি তুলিছে ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে চিৰাং পৰিষদীয় সমষ্টিৰ সুভাইঝাৰ আৰু বিজনীৰ মানস ছেৰফাং (পাণবাৰী)ত দুখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি বি পি এফপ্রধান হাগ্রামা মহিলাৰীক আক্রমণৰ লক্ষ্য কৰি লয় ড০ শর্মাই৷ বিশেষকৈ বিগত ১৭ বছৰীয়া শাসনকালত হাগ্রামাই চৰকাৰী আঁচনি ৰূপায়ণৰ নামত কৰা দুর্নীতিৰ বিষয়ে উল্লেখ কৰি ড০ শর্মাই কয় যে হাগ্রামা মহিলাৰীৰ দুর্নীতিয়ে গীনিজ বুক অৱ ৱ’ল্ড ৰেকর্ডত স্থানত পাব৷ বি পি এফে ৰাইজৰ অধিকাৰ কাঢ়ি নিছে বুলি উল্লেখ কৰি সুভাইঝাৰত অনুষ্ঠিত সভাখনত তেওঁ কয়– ‘কেন্দ্রীয় চৰকাৰে বিটিচিবাসীৰ উন্নয়নৰ বাবে ধন প্রদান কৰি আহিছে৷ কিন্তু হাগ্রামা মহিলাৰী আৰু ভি চি ডি চিসকলে এই ধন লুণ্ঠন কৰি আহিছে৷ ঘঁৰিয়ালৰ দৰে মুখ মেলি থকা এইসকল লোকে চৰকাৰৰ সকলো টকা খাই পেলাইছে৷ দীর্ঘকালে দুর্নীতি–নিয়ম কৰি থকা বি পি এফ পুনৰ ক্ষমতালৈ আহিলে ৰাইজ উন্নয়নৰ পৰা বঞ্চিত হ’ব৷ জবকার্ড, বৃদ্ধ পেন্সন, দৰিদ্রক বিনামূলীয়া ঘৰ প্রদান আদি আঁচনিত সীমাহীন দুর্নীতি সংঘটিত হৈছে৷ দৰিদ্র লোকৰ বাবে আবণ্টিত ঘৰ পাবৰ বাবে ২০–২৫ হাজাৰ টকা উৎকোচ দিবলগীয়া হৈছে৷ চাউলকে ধৰি চৰকাৰী ৰেচনৰ পৰা বি পি এফৰ নেতা–পালিনেতাই কমিছন সংগ্রহ কৰিছে৷ আমাৰ অধিকাৰ আমাৰ পৰা তেওঁলোকে কাঢ়ি লৈ গৈছে৷ শৌচাগাৰৰ নামত অহা ধনো কোনোবাই খাইনে? পৃথিৱীৰ বহু ঠাই ঘূৰিলোঁ৷ দেশৰ সকলো ৰাজ্যলৈ মই গৈছোঁ৷ উত্তৰ–পূবৰ সকলো ৰাজ্য ভ্রমণ কৰিছোঁ৷ কিন্তু শৌচাগাৰৰ নামত অহা ধন আত্মসাৎ কৰা ৰাজনৈতিক দল ক’তো দেখা নাই৷ একমাত্র বি পি এফেহে শৌচাগাৰৰ নামত অহা ধনো আত্মসাৎ কৰিছে৷ তেওঁলোকৰ এই দুর্নীতিয়ে গীনিজ বুক অৱ ৱ’ল্ড ৰেকর্ডত স্থান লাভ কৰিব৷’ ইফালে, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবল নেতৃত্বত বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছত সমগ্র অঞ্চলটোলৈ শান্তিৰ পৰিৱেশ আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে শান্তিৰ বতাহ বলা বিটিচিত এতিয়া উন্নয়ন আৰু প্রগতিৰ বতাহ বলিব লাগিব৷ ইয়াৰ বাবে কেন্দ্র আৰু ৰাজ্যৰ পাছত বিটিচিতো বিজেপিৰ চৰকাৰ গঠন হোৱাটো অত্যন্ত প্রয়োজনীয়৷ প্রথমবাৰৰ বাবে বিটিচিবাসীয়ে মুকলিমূৰীয়াকৈ ভোটদান কৰিব পাৰিব বুলি উল্লেখ কৰি ড০ শর্মাই কয়–‘ভয়–ভাবুকিৰে ক্ষমতা দখলৰ দিন গ’ল৷ সর্বত্র এতিয়া শান্তিৰ পৰিৱেশ সূচনা হৈছে৷ কোনেও ভবা নাছিল যে বিটিচিত নাচ–গান কৰি এইদৰে নির্বাচনী প্রচাৰ চলিব পাৰে৷ বিটিচিবাসীয়ে এইবাৰ বিজেপি চৰকাৰ গঠনৰ সপক্ষে জনমত প্রদান কৰিব৷’

বি পি এফ চৰকাৰে বিটিচিবাসীক দ্বিতীয় শ্রেণীৰ নাগৰিকলৈ পর্যবসিত কৰা বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয় যে ৰাইজক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে৷ ক্রয়–বিক্রয়ৰ অধিকাৰ নোহোৱা কৰা হৈছে বিটিচিবাসীৰ৷ বছৰ বছৰ ধৰি বসবাস কৰি অহা লোকসকলক মাটিৰ পট্টা প্রদান কৰা নাই৷ সেয়েহে বিজেপিৰ চৰকাৰ গঠন হ’লে ১৫ দিনৰ ভিতৰতে আবেদনকাৰীক মাটি ক্রয়–বিক্রয়ৰ অনুমতি প্রদানৰ ব্যৱস্থা কৰা হ’ব৷ ক্ষমতালৈ আহিলে ভি চি ডি চিসমূহ ভংগ কৰি পঞ্চায়তীৰাজ ব্যৱস্থা প্রৱর্তন কৰিব৷

আনহাতে, বি পি এফৰ চিৰাং সমষ্টিৰ প্রার্থী খাইখোং বসুমতাৰী ওৰফে বি চাওৰাইগৌৰাক কঠোৰ ভাষাৰে সমালোচনা কৰি নেডাৰ আহ্বায়কগৰাকীয়ে কয়– ‘এটা সময়ত চাওৰাইগৌৰাৰ নামটো সকলোৰে বাবে ভয়াৱহ আছিল৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাবে এতিয়া পৰিৱেশ বহু সলনি হ’ল৷ সেই চাওৰাইগৌৰাই এতিয়া ৰাইজৰ ওচৰত হাতযোৰ কৰি ভোট বিচাৰি ফুৰিবলগীয়া হৈছে৷’ চিৰাং পৰিষদীয় সমষ্টিত মডেল হাস্পতাল, চৰকাৰী মহাবিদ্যালয়, ষ্টেডিয়াম আদি স্থাপন কৰিব বুলিও তেওঁ আশ্বাস দিয়ে৷ সভাখনত ভাষণ প্রদান কৰি বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে কাইলৈ অনুষ্ঠিত হ’বলগীয়া বাক্সা আৰু ওদালগুৰিৰ নির্বাচনত বিজেপিয়ে ১৫খন আসন লাভ কৰিব৷ ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই চিৰাঙৰ বিজেপি প্রার্থী অলক বসুমতাৰীক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায়৷ ইফালে, ১৮ নম্বৰ মানাস ছেৰফাং সমষ্টিৰ বিজেপিৰ প্রার্থী শিৱনাথ ব্রহ্মৰ হৈ আজি আন এখন নির্বাচনী সভাত অংশগ্রহণ কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সভাখনত ভাষণ প্রদান কৰি ড০ শর্মাই কয় যে বিটিচি পৰিষদীয় নির্বাচনত বিজেপিক ভোট দিলে বিগত সময়ত চলি অহা অন্যায়–বিচাৰ সম্পূর্ণৰূপে নির্মূল হ’ব৷ হাগ্রামা মহিলাৰীক পুনৰ ভোট দিয়া মানে দুর্নীতিৰ বজাৰ চলি থাকিব বুলি উল্লেখ কৰি ড০ শর্মাই কয়–‘ইমান দিনে বিটিচিবাসীয়ে দুখত দিন কটালে৷ অহা ১২ ডিচেম্বৰৰ পৰা বিটিচিৰ ৰাইজ আৰু দুখত থাকিব নালাগে৷ বিটিচিত নতুন সূর্য ভুমুকি মাৰিব৷ নতুন প্রভাত হ’ব৷ পদুম ফুলৰ পাহি পাহি, ভোট দিম হাঁহি হাঁহি৷’ বিজেপিৰ চৰকাৰ হ’লে সকলোৱে সম–ধিকাৰ, সমমর্যাদা লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে বিটিচি অঞ্চল উন্নয়নৰ নতুন দিশলৈ ৰূপান্তৰ হ’ব লাগিব৷ নতুন ৰূপত গঢ়িব লাগিব বিটিচি৷ ডিচেম্বৰত বিটিচিবাসীৰ ভাগ্য পৰিৱর্তন হ’ব৷ হাগ্রামাৰ দুর্নীতিক আক্রমণৰ লক্ষ্য কৰি লৈ তেওঁ কয়– ‘বি পি এফে ঘৰৰ নামত, চাউলৰ নামত, শৌচালয়ৰ নামত ব্যাপক দুর্নীতি কৰিছে৷ হাগ্রামাৰ ভি চি ডি চি আমাক নালাগে৷ বহুত ধন আত্মসাৎ কৰিলে এই ভি চি ডি চিয়ে৷ হাগ্রামাৰ ভি চি ডি চিক মানাস নৈত উটুৱাই দিব লাগিব৷ অতদিনে বিটিচিবাসীক হত্যা, গুলী–বাৰুদ আদিয়ে ভীতিগ্রস্ত কৰি আহিছে৷ নৰেন্দ্র মোদীৰ শাসনকালত বিটিচিত বন্দুকৰ পৰিৱর্তে গান–নাচৰ পৰিৱেশ ঘূৰি আহিল৷’ সভাতে ড০ শর্মাই ছেৰফাং সমষ্টিত চিকিৎসা মহাবিদ্যালয়, চৰকাৰী মহাবিদ্যালয়, বিষ্ণুপুৰত আৰক্ষী চকী নির্মাণৰো আশ্বাস দিয়ে৷
থুৰিবাৰীত ১০ কিলোমিটাৰজোৰা পদযাত্রা
বিটিচি নির্বাচনৰ প্রচাৰৰ অংশ হিচাপে আজি থুৰিবাৰীত ১০ কিলোমিটাৰজোৰা পদযাত্রাত অংশগ্রহণ কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ছাৰাগাঁৱৰ পৰা আৰম্ভ হোৱা এই পদযাত্রাৰ সামৰণি পৰে শিয়ালমাৰীত৷ বিজনী চহৰৰ মাজেৰে সন্ধিয়া প্রায় ৫ বজাত উলিওৱা এই সমদলত অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে অংশগ্রহণ কৰে৷ পদযাত্রাৰ অন্তত শিয়ালমাৰীত এখন সামৰণী সভাতো তেওঁ ভাগ লয়৷ পদযাত্রাৰ সময়ত ‘নেডা’ৰ আহ্বায়ক ড০ শর্মাই হাত জোকাৰি সমর্থকসকলক অভিনন্দন জনায়৷

You might also like