নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিত যোগ দিলে ১৩ শতাধিক কলা–কুশলীয়ে

মুখ্যমন্ত্রীৰ উপস্থিতিত গেৰুৱা দললৈ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ ভিন্ন প্রান্তৰ ১৩ শতাধিক কলা–কুশলীয়ে আনুষ্ঠানিকভাৱে দেওবাৰে বিজেপিত যোগদান কৰে৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত এই যোগদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কলা–কুশলীসকলক দলৰ মজিয়ালৈ আদৰণি জনায়৷ যোগদান কার্যসূচীত ভাষণ প্রদান কৰি তেওঁ কয় যে জন্মলগ্ণৰে পৰা বিজেপিয়ে দেশৰ অখণ্ডতা, সার্বভৌমত্ব ৰক্ষাৰ বাবে সকলো ভাষা–ভাষী লোকক একেলগে লৈ উন্নয়নৰ পথত যে অগ্রসৰ হৈছে, সেয়া দলৰ কর্মৰাজিত প্রতিফলিত হৈছে৷ ৰাষ্ট্র নির্মাণৰ ক্ষেত্রত শিল্পীসকলৰ গুৰুত্বপূর্ণ ভূমিকা আছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘শিল্পীসকলে মানৱীয় অনুভূতিৰে সমাজত সমন্বয়ৰ বার্তা বিলাই দিব লাগিব৷ অসমক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰাৰ বাবে আমাক সংঘাত নহয়, সমন্বয় লাগে৷ অপশক্তিসমূহক প্রত্যাখ্যান কৰি শুভশক্তিসমূহক আঁকোৱালি ল’ব লাগিব৷ সাংস্কৃতিক সম্পদৰাজিৰ ক্ষেত্রত অসমৰ যথেষ্ট সমল আছে৷ অসমক ভাৰতৰ আদর্শ ৰাষ্ট্র হিচাপে প্রতিষ্ঠা কৰাৰ বাবে আমি সকলোৱে মনস্থ কৰিব লাগিব আৰু তাৰ বাবে সততা, নিষ্ঠা আৰু কর্ম সংস্কৃতিৰে নিজকে একোগৰাকী দক্ষ নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব৷’ উল্লেখ্য যে সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদৰ মুখ্য সম্পাদক মণিকাঞ্চন বুঢ়াগোহঁাইৰ লগতে কৈলাস ৰাভা, ৰমেন তামুলী, সঞ্জীৱ দত্ত, প্রাঞ্জল বৰুৱা, কুকিল সিংহ, গীতার্থ প্রিয়ম গগৈ, বাবলু হাজৰিকা, প্রণৱ শর্মা, মঞ্জুমালা শইকীয়াৰ নেতৃত্বত সমগ্র অসমৰ ১৩ শতাধিক কলা–কুশলীয়ে আজি ভাৰতীয় জনতা পার্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ তপন কুমাৰ গগৈয়ে আঁত ধৰা আজিৰ এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ উপ–সভাপতিদ্বয় স্বপ্ণনীল বৰুৱা, পুলক গোহঁাই, ৰাজ্যিক বিজেপিৰ সম্পাদক কৃষ্ণমণি চুতীয়া, ৰাজ্যিক বিজেপিৰ সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰা, সহঃ আহ্বায়কদ্বয় বিদ্যাসাগৰ আৰু জয়ন্ত ভাগৱতী, ৰাজ্যিক বিজেপিৰ মুখপাত্র পৱিত্র মার্ঘেৰিটাৰ লগতে দলৰ ৰাজ্যিক বিষয়ববীয়া আৰু কার্যকর্তাসকল উপস্থিত আছিল৷

You might also like