বিজেপিৰ পৰিৱর্তনৰ ছুনামিত উটি–ভাহি যাব বিপিএফঃ সোণোৱাল
ফকিৰাগ্রাম–শৰাইবিলৰ জনসভাত মুখ্যমন্ত্রীৰ নির্বাচনী প্রচাৰ
নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ ‘বিটিচিত বিজেপি চৰকাৰ গঠন কৰিবলৈ মাত্র অনানুষ্ঠানিকতাহে বাকী আছে৷ বিজেপিৰ পৰিৱর্তনৰ ছুনামিত ভাহি যাব বি পি এফ৷ দুর্নীতি–ভ্রষ্টাচাৰ নির্মূল কৰি বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সমমর্যাদা–সম–অধিকাৰেৰে ন্যায় প্রতিষ্ঠা কৰি শান্তি–ঐক্য আৰু ভাতৃত্ববোধেৰে জাকত জিলিকা বি টি আৰ প্রতিষ্ঠা কৰা হ’ব৷’ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ কোকৰাঝাৰ জিলাৰ ৭নং ফকিৰাগ্রাম সমষ্টিৰ বিজেপিৰ প্রার্থী অৰূপ কুমাৰ দে’ৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি আজি মুখ্যমন্ত্রী সোণোৱালে চিথিলা এম ভি স্কুলৰ খেলপথাৰত আয়োজন কৰা বিশাল জনসভাত অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রী সোণোৱালে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত শূন্য সহনশীল নীতিৰে ৰাজ্যৰ শাসনভাৰ হাতত লোৱা বিজেপিয়ে বিটিচিৰ পৰাও দুর্নীতি নির্মূল কৰি বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সমমর্যাদা, সম–অধিকাৰ আৰু ন্যায় প্রতিষ্ঠাৰ প্রতিশ্রুতি দিয়ে৷ তেওঁ বিটিচিত হাগ্রামা মহিলাৰীৰ ১৫ বছৰীয়া শাসনকালত সংঘটিত অন্যায়, প্রতাৰণা আৰু শোষণৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহ্বান জনায়৷ এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ বুলি দাবী কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে শান্তি, প্রগতি, সমন্বয় আৰু নিৰাপত্তা নিশ্চিত কৰাই বিজেপিৰ প্রধান লক্ষ্য৷ আন জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীকো জনজাতিকৰণ কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে৷ তদুপৰি বিজেপিৰ ফকিৰাগ্রামৰ প্রার্থীগৰাকী জিকিলে কার্যবাহী সদস্য পদ দিয়া হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্রী সোণোৱালে৷
বিশাল জনসভাক সম্বোধি প্রদান কৰা ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে বিগত ১৫ বছৰে বিটিচিৰ শাসনত থকা হাগ্রামা মহিলাৰী নেতৃত্বৰ বি পি এফ দলৰ চৰকাৰে অঞ্চলটোৰ চাৰিখন জিলাৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্রদান কৰাত ব্যর্থ হোৱাৰ লগতে তেওঁলোকৰ উন্নয়নৰ বাবে নূ্যনতম পদক্ষেপো গ্রহণ নকৰিলে৷ সেই বাবে এই অঞ্চলৰ ৰাইজে ভয়–শংকাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল৷ বিটিচিত সুশাসন থকা হ’লে কেন্দ্র আৰু ৰাজ্য চৰকাৰে গ্রহণ কৰা প্রতিখন আঁচনিৰে সুফল এই অঞ্চলৰ ৰাইজে নিশ্চিতভাৱে লাভ কৰিবলৈ সুযোগ পালেহেঁতেন৷ কিন্তু বিগত ১৫ বছৰ অপশাসন, দুর্নীতি আৰু ভ্রষ্টাচাৰৰ ফলত এই অঞ্চলৰ ৰাইজ নিজৰ প্রাপ্যৰ পৰা বঞ্চিত হ’ল৷ সেই বাবেই এইবাৰৰ নির্বাচনত বিজেপিয়ে আন্তৰিকতাৰে অংশগ্রহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে বিভিন্ন জাতি–ধর্ম–ভাষা–ভাষ্ লোকৰ মাজত সদ্ভাব গঢ়ি তুলি অঞ্চলটোত উন্নয়নৰ এক শক্তিশালী বাতাৱৰণ গঢ়ি তোলাই বিজেপিৰ মূল লক্ষ্য৷ সকলোকে আস্থা আৰু বিশ্বাসত লৈ অঞ্চলটোত স্থায়ী শান্তি প্রতিষ্ঠা কৰা, অঞ্চলটোৰ প্রতিটো পৰিয়ালে যাতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ প্রতিখন আঁচনিৰ লাভালাভ পাবলৈ সক্ষম হয়, তাৰ ব্যৱস্থা কৰা আৰু এই চাৰিখন জিলাত বসবাস কৰা প্রতিটো পৰিয়ালৰ পুত্র–কন্যাই যাতে কর্মসংস্থাপন পাব পাৰে, প্রতিগৰাকী মহিলাই যাতে উপার্জনৰ ক্ষেত্রত স্বাৱলম্বী হ’ব পাৰে, প্রতিগৰাকী বৃদ্ধ–বৃদ্ধাই যাতে নিশ্চিতভাৱে পেন্সন পায়, প্রতিগৰাকী দিব্যাংগই যাতে প্রতিমাহে নিশ্চিতভাৱে আর্থিক সহযোগিতা লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে বিজেপি দলৰ চৰকাৰে সু–নিশ্চিত পদক্ষেপ গ্রহণ কৰিব৷ ফকিৰাগ্রাম অঞ্চলক বিভিন্ন জাতি–জনগোষ্ঠীৰ মিলনভূমি বুলি উল্লেখ কৰি অঞ্চলটোৰ জনসাধাৰণক সম্প্রীতিৰে বসবাস কৰি এখন সুন্দৰ আৰু আদর্শ সমাজ প্রতিষ্ঠা কৰিবলৈ মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায়৷ অঞ্চলটোৰ ব্যৱসায়–বাণিজ্য, চাকৰি, কৃষি আদি বিভিন্ন বৃত্তিত নিয়োজিত সকলো নাগৰিককে এক ভয় আৰু শংকামুক্ত পৰিৱেশ উপহাৰ দিয়াৰ বাবে বিজেপিয়ে সম্পূর্ণ আন্তৰিকতাৰে কাম কৰিব বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে বডোফা উপেন্দ্রনাথ ব্রহ্ম, বিশ্ববীৰ চিলাৰায়, স্বামী বিবেকানন্দ, কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ, আজান ফকীৰ আদিৰ দৰে বিভিন্ন আদর্শ পুৰুষৰ আদর্শৰে আমাৰ সমাজ জীৱন সুন্দৰ ৰূপত গঢ় দিয়াৰ বাবে আমি কাম কৰিছোঁ৷ বিভিন্ন জাতি–জনগোষ্ঠী, ভাষা–ভাষী লোকৰ মিলনভূমি এই অসমভূমিত সদায়ে সমন্বয় আৰু ভাতৃত্ববোধ জীয়াই ৰাখি প্রতি পৰিয়ালক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ বাবে স্থায়ী ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কৃপণালি কৰিছে বুলি ওলোৱা অপপ্রচাৰ নস্যাৎ কৰি মুখ্যমন্ত্রী সোণোৱালে কয়– এইক্ষেত্রত চৰকাৰে আন্তৰিকতাৰে পদক্ষেপ অব্যাহত ৰাখিছে৷ ইপিনে আজিৰ নির্বাচনী সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাই বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ সা–সম্পত্তিৰ তালিকা উদঙাই দি বিটিচিত বি পি এফৰ সোতৰ বছৰীয়া কার্যকালত ৰাইজক কৰা প্রতাৰণা, বঞ্চনা আদিৰ বিৰুদ্ধে ৰাইজে ওলাই আহিছে বুলি মন্তব্য কৰে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী নৱ কুমাৰ দলেই কয় যে বিটিচি অঞ্চলত ইমান বছৰে নেতৃত্ব দিয়াসকলৰ আন্তৰিকতা নথকা বাবেই ৰাইজৰ সামগ্রিক উন্নয়ন নহ’ল বুলি উল্লেখ কৰে৷ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বিটিচি চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰে৷ ভাষণত দাসে শান্তি আৰু প্রগতিৰ বাবে ৰাইজে বিজেপিক আঁকোৱালি লৈছে বুলি মন্তব্য কৰি কয় যে বিগত সময়ত সংঘটিত হোৱা হত্যাকাণ্ড, অপহৰণ, গোষ্ঠীসংঘর্ষ আদিৰ দৰে ঘটনা কোনো কাৰণতে পুনৰাবৃত্তি হ’বলৈ দিয়া নহ’ব৷ এজনো লোক যাতে হত্যাৰ বলি নহয়, এজনো লোক যাতে অপহূত নহয়, ধন দাবী যাতে সংঘটিত নহয়, তাৰ বাবে বিজেপি নেতৃত্বই কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ বিগত ২০১৪ চনৰ পাছৰ পৰা বিটিচিত শান্তি বিৰাজমান হোৱাত হিলদল ভাঙি ৰাইজ ওলাই আহিছে আৰু সোণোৱাল চৰকাৰ হোৱাৰ পাছত এটাও ধর্মীয় সংঘাত, গোষ্ঠীসংঘর্ষ হোৱা নাই বুলি মন্তব্য কৰি সর্বানন্দ সোণোৱালৰ নেতৃত্বত আকৌ বিজেপি চৰকাৰ অহাৰ ভয়ত কংগ্রেছ আৰু এ আই ইউ ডি এফ দলে ৰাইজক ভুল পথে পৰিচালিত কৰিবলৈ উঠিপৰি লাগিছে বুলি তেওঁ মন্তব্য কৰে৷ বি পি এফ চৰকাৰৰ অপশাসন আৰু দুর্নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰি দাসে চৰকাৰ গঠনৰ পাছতে বিটিচি এলেকাত সংঘটিত হোৱা দুর্নীতিৰ তদন্ত আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰে৷
বি পি এফ দলে ক্ষমতাত থাকি উন্নয়নৰ ধন আত্মসাৎ কৰিলে’
বিগত ১৭টা বছৰ ক্ষমতাত থাকি বি পি এফ দলে উন্নয়নৰ সকলো ধন আত্মসাৎ কৰিলে৷ বি টি এ ডিবাসীৰ বাবে কেন্দ্রীয় চৰকাৰে প্রেৰণ কৰা ধন বি পি এফৰ নেতাসকলে আত্মসাৎ কৰি নিজৰ নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িলে৷ দুখীয়া–খাটিখোৱা ৰাইজে বহু আশাৰে বি পি এফক সমর্থন কৰিছিল যদিও বি পি এফ দলে খাটিখোৱা ৰাইজক লুণ্ঠন কৰিলে৷ কিন্তু এতিয়া বি টি এ ডিত সংস্কাৰ হ’ব৷ উন্নয়নৰ ধন কোনেও আত্মসাৎ কৰিব নোৱাৰে৷ –এই মন্তব্য অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ পাঁচ নম্বৰ শৰাইবিল পৰিষদীয় সমষ্টিৰ অন্তর্গত শৰাইবিল–বছগাঁৱত্ আজি বিজেপি প্রার্থী উইলিয়াম নার্জাৰীৰ হৈ নির্বাচনী প্রচাৰত আহি মুখ্যমন্ত্রী সোণোৱালে কয় যে এইবাৰৰ নির্বাচন হল বি টি এ ডিবাসী ৰাইজৰ সংস্কাৰৰ নির্বাচন৷ কেন্দ্রৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রস্তুত কৰা সকলো আঁচনি বসবাস কৰা সকলো লোকৰ ওচৰত পঠাই দিয়াই হ’ল বিজেপিৰ মূল লক্ষ্য৷ ৰাইজৰ আশীর্বাদত বিটিচিত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছতেই বিটিচিৰ উন্নয়নৰ পথ প্রশস্ত হ’ব৷ আজিৰ নির্বাচনী প্রচাৰ সভাত মন্ত্রী নৱ কুমাৰ দলে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ কামাখ্যাপ্রসাদ তাছা, ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা উপস্থিত থাকি উন্নতি, শান্তি, প্রগতিৰ স্বার্থত বিজেপি দলৰ প্রার্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷
দোতমা সমষ্টিত ৰঞ্জিত দাসৰ নির্বাচনী প্রচাৰ
বিটিচি নির্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল৷ আজি দোতমা সমষ্টিত বিজেপি প্রার্থী বিভূতি বৰগয়াৰীৰ হৈ দোতমা বজাৰত দোকানে দোকানে গৈ নির্বাচনী প্রচাৰ চলালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ প্রচাৰৰ সময়ছোৱাত উপস্থিত থাকে বিজেপি প্রার্থী বিভূতি বৰগয়াৰীও৷