নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ অসমত দলৰ সাংগঠনিক স্থিতিৰ বুজ ল’বলৈ আহি নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙে বাৰে বাৰে প্রত্যক্ষ কৰিবলগীয়া হৈছে সমষ্টিয়ে সমষ্টিয়ে কংগ্রেছীসকলৰ উচ্ছৃংখল আচৰণ আৰু প্রচণ্ড মাৰপিট৷ ৰাজ্যখনত পর্যবেক্ষকৰ দায়িত্ব লাভ কৰাৰ পাছত প্রথম অসম ভ্রমণৰ সময়তে যোৱা ২ নৱেম্বৰৰ নিশা নগাঁৱৰ ৰাজীৱ ভৱনত প্রথমবাৰ কংগ্রেছীৰ হতাহতি তেওঁৰ সন্মুখতে সংঘটিত হয়৷ দ্বিতীয়বাৰ অসম ভ্রমণ কৰিবলৈ আহি পুনৰ একেই কর্মকাণ্ড প্রত্যক্ষ কৰিলে পর্যবেক্ষক সিঙে৷ কালি শিলচৰ বিমানকোঠৰ পৰা আহি থকা অৱস্থাত মাজবাটতে একাংশ কংগ্রেছীয়ে তেওঁৰ কনভয় ৰখাই জিতেন্দ্র সিং জিন্দাবাদ, সুস্মিতা দেৱ মুর্দাবাদ, অজিত সিং মুর্দাবাদ ধ্বনি দিয়াই নহয়, এটা সময়ত কংগ্রেছৰ কর্মীসকলৰ মাজত প্রচণ্ড মাৰপিটৰ ঘটনাৰো তেওঁ সাক্ষী হৈ পৰে৷ চৰম অস্বস্তিত ভুগি এটা সময়ত পর্যবেক্ষক সিঙে মুর্দাবাদ কোনো ৰাজনৈতিক দলৰ সংস্কৃতি নহয় বুলি মন্তব্য কৰিবলৈ বাধ্য হয়৷ পিছে ইমানৰ পাছতো শেষ নহ’ল কংগ্রেছৰ নিজৰ মাজতে মাৰপিটৰ আখ্যান৷ বৰাক উপত্যকাত দেওবাৰে পুনৰ একেই মাৰপিট দেখিবলৈ পালে পর্যবেক্ষক সিঙে৷ সোণাই বিধানসভা সমষ্টিত পর্যবেক্ষক সিঙৰ উপস্থিতিত এখন কর্মীসভা অনুষ্ঠিত হয়৷ কর্মীসভাখনত পর্যবেক্ষক সিঙৰ লগতে প্রাক্তন সাংসদ তথা নিখিল ভাৰত মহিলা কংগ্রেছ কমিটীৰ সভানেত্রী সুস্মিতা দেৱ উপস্থিত আছিল৷ সুস্মিতা দেৱে কর্মীসভাখনত ভাষণ দিয়াৰ সময়তে যুৱ কংগ্রেছৰ প্রাক্তন নেতা আনছাৰুল হক বৰলস্কৰে সভাৰ মাজতে থিয় হৈ সুস্মিতা দেৱ মুর্দাবাদ ধ্বনি দিয়ে৷ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে যুৱ নেতাজনক মঞ্চলৈ আনি বহুওৱাৰ ব্যৱস্থা কৰে যদিও যুৱ নেতাজন মঞ্চৰ পৰা নামি যায়৷ ইয়াৰ পাছতেই পর্যবেক্ষক সিঙৰ চকুৰ সন্মুখতে উভয় শিবিৰে প্রচণ্ড মাৰপিটত লিপ্ত হয়৷
ইপিনে, দেওবাৰে শিলচৰত আয়োজিত এখন সংবাদ মেলত পর্যবেক্ষক সিঙে কংগ্রেছ–এআইইউডিএফৰ্ মাজত মিত্রতা হোৱাৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰিছে৷ সংবাদ মেলখনত তেওঁ কয় যে বিজেপিক ৰুধিবলৈ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা হোৱাৰ সম্ভাৱনা নাই৷ জোঁটবন্ধন সম্পর্কত কংগ্রেছে কোনো ৰাজনৈতিক দলৰ সৈতে কথা পতা নাই৷ মিত্রতা সন্দর্ভত কংগ্রেছে ৰাইজৰ মতামত চালি–জাৰি চাব৷ ৰাইজে বিচাৰিলে যিকোনো দলৰেই মিত্রতা কৰাত আপত্তি নাই৷ কিন্তু এতিয়ালৈ দলে এই বিষয়ত আগবঢ়া নাই৷ তেওঁ কয় যে ৰাইজে এতিয়া পৰিৱর্তন বিচাৰিছে৷ কাৰণ ৰাইজৰ ওচৰত বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ হিচাপে পৰিগণিত হৈছে৷ দেশত এতিয়া হিটলাৰৰাজ চলিছে৷ দেশৰ মানুহে কি খাব, কি কৰিব, ক’লৈ যাব সকলোতে তেওঁলোকৰ নির্দেশত চলিবলগীয়া হৈছে৷ বিজেপি চৰকাৰে জনগণৰ স্বাধীনতা কাঢ়ি লৈছে৷ অহা বিধানসভা নির্বাচন কেৱল কংগ্রেছ দলক জয়ী কৰোৱাৰ বাবে নির্বাচন নহয়৷ অহা নির্বাচন হ’ব অসমৰ অস্তিত্ব, ভৱিষ্যৎ ৰক্ষা কৰাৰ লগতে হিটলাৰৰাজৰ অৱসান ঘটোৱাৰ নির্বাচন৷ সেইদৰে বৰদিনৰ দিনা গির্জালৈ নাযাবলৈ বজৰং দলে দিয়া ফতোৱা সম্পর্কতো প্রতিক্রিয়া ব্যক্ত কৰি সিঙে কয় যে বজৰং দলক দেশদ্রোহী সংগঠন ঘোষণা কৰিব লাগে৷ গণতান্ত্রিক দেশত ধর্মৰ নামত তেওঁলোকে সাম্প্রদায়িক কথা–বতৰা কৈছে৷ সংবাদ মেলখনত বিৰোধী দলপতি দেৱব্রত শইকীয়া, নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱো উপস্থিত থাকে৷