নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ গ্ৰেহেমবজাত ভয়াৱহ অগ্নিকাণ্ড; জাহ গ’ল ৬ টাকৈ বাসগৃহ, লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতে অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে।

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ  ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড। সোমবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে জাহ গ’ল ৬ টাকৈ বাসগৃহৰ লগতে বহু লক্ষ্য টকাৰ সা-সম্প্ৰতি।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ গ্ৰেহেমবজাৰৰ ধুবীপত্তিত সংঘটিত হয় এই অগ্নিকাণ্ড। ৰবীন দত্ত নামৰ ব্যক্তি এগৰাকীৰ বাসগৃহ পৰাই এই অগ্নিকাণ্ড সূত্ৰপাত হয় । আৰু তাৰ পাছতে নিমিষতে অগ্নিকাণ্ডত  ছয়টাকৈ ঘৰ জুইত জাহ যায়। তিনিটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছতে জুইয়ে বিধংসী ৰূপ ধাৰণ কৰে। ইয়াৰ ফলত পিণ্টু মেধি, নয়ন উপাধ্যায়, বিৰেন্দ্ৰ আৰু নাগেন্দ্ৰ নামৰ লোক কেইজনৰ বাসগৃহ কেইটাও ভস্মীভূত হয়।

আপুনি পঢ়ি ভাল পাব পাৰেঃ ৬৬ বছৰীয়া দেউতাক বিয়া কৰাই দিলে পুত্ৰই, ৬৩ বছৰীয়া নতুন মাতৃ পায় সম্পূর্ণ হ’ল পৰিয়াল

ৰবিন দত্ত নামৰ লোক জনৰ বাসগৃহ পৰা জুই সূত্ৰপাত হয় যদিও  জুই লগাৰ কাৰণ জানিব পৰা নাই অৱশ্যে ৰান্ধনিশালৰ পৰাই এই জুইৰ সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে।

ইতিমধ্যে বহু চেষ্টাৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা পাচখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে  জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । পুৱাতে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও বাসগৃহ কেইটাৰ সকলো সা-সম্পত্তি জাহ যায় এই অগ্নিকাণ্ডত।

You might also like