বিটিচিত পৰিৱর্তনৰ ধুমুহা
অসমৰ চাৰিখন জিলাক সামৰি গঠিত বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্রিক্ট (বিটিএডি)ত এতিয়া পৰিৱর্তনৰ ধুমুহা বলিছে৷ বিগত ১৭ বছৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ অধীনস্থ বিটিএডিত নেতৃত্ব বহন কৰাৰ লগতে ৰাজ্যৰ বড়ো ৰাজনীতিক বিশেষ মাত্রা প্রদান কৰা বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ ৰাজনৈতিক ভেটি কঁপাইছে পৰিৱর্তনৰ ধুমুহাজাকে৷ বিগত ডেৰ দশকে বিটিএডিৰ অপ্রতিদ্বন্দ্বী নেতাৰূপে প্রতিষ্ঠা কৰা হাগ্রামা মহিলাৰী এইবাৰ বিটিচি নির্বাচনত অকলশৰীয়া হৈছে৷ ২০০৬ৰ বিধানসভা নির্বাচনত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনক দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত কৰাৰ ক্ষেত্রত ‘কিংমেকাৰ’ৰ ভূমিকা গ্রহণ কৰা মহিলাৰীয়ে বিগত ডেৰ দশক ধৰি দিছপুৰৰ ক্ষমতাতো আছে৷ বিগত ৫ বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰক সমর্থন দিয়া হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক এইবাৰ বিটিচি নির্বাচনত কোনো এটা ৰাজনৈতিক দলে সমর্থন অথবা সহযোগ কৰা নাই৷ ইয়াৰ বিপৰীতে হাগ্রামা মহিলাৰীক ক্ষমতাচ্যুত কৰাৰ বাবে সহযোগী বিজেপিয়ে এইবাৰ যুদ্ধংদেহি স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ এসময়ৰ সহযোগী কংগ্রেছ আৰু এআইইউডিএফেও এইবাৰ বিটিচি নির্বাচনত মহিলাৰী নেতৃত্বাধীন দলটোক ক্ষমতাচ্যুত কৰিবলৈ নির্বাচনী যুঁজত নামিছে৷ সদৌ বড়ো ছাত্র সন্থা (এবছু) আৰু প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলেও মহিলাৰীক ক্ষমতাচ্যুত কৰাৰ বাবে ককালত টঙালি বান্ধিছে৷ বিটিএডিৰ অধিকাংশ দল–সংগঠনে এইবাৰ যিদৰে হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে তাৰ দ্বাৰা এটা কথাই প্রমাণ হয় যে বড়ো ৰাজনীতিত বিপিএফৰ নেতাগৰাকী ক্রমে অকলশৰীয়া হৈছে৷ ২০০৩ চনত দেশৰ সংবিধানৰ ষষ্ঠ অনুসূচী সংশোধনীৰ জৰিয়তে বিটিচি চুক্তি স্বাক্ষৰৰ পাছত হাগ্রামা মহিলাৰীৰ নেতৃত্বত বড়োসকলে আত্মনিয়ন্ত্রণৰ অধিকাৰৰ লগতে দ্রুত উন্নয়নৰ সপোন দেখিছিল৷ বিগত সময়ছোৱাত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত কিছু পৰিমাণে উন্নয়ন হ’লেও বিটিএডিৰ ৰাইজৰ প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই হাগ্রামা মহিলাৰীয়ে৷ সীমাহীন দুর্নীতি–নিয়মৰ বাবে বিটিএডিৰ অধিকাংশ লোকৰ মনত সৃষ্টি হোৱা ক্ষোভ–সন্তুষ্টিৰ বাবেই বিটিচি নির্বাচনত এইবাৰ পৰিৱর্তনৰ ধুমুহাজাকৰ তীব্রতা বৃদ্ধি পাইছে৷
বিটিচি চুক্তিৰ অধীনত বিগত ডেৰ দশকত কেন্দ্রীয় চৰকাৰে যোগান ধৰা বিশেষ পেকেজকে ধৰি পৰিকল্পনা শিতানৰ পুঁজি সদ্ব্যৱহাৰ কৰাহেঁতেন বিটিএডিৰ উন্নয়নৰ গতিধাৰাৰ আমূল পৰিৱর্তন হ’লহেঁতেন৷ কিন্তু বিগত সময়ছোৱাত শাসনত থকাৰ সুযোগ লৈ মহিলাৰী আৰু বিপিএফৰ একাংশ নেতাই যিদৰে ব্যক্তিগত সা–সম্পত্তিৰ পাহাৰ গঢ়িলে তাৰ দ্বাৰা এটা কথাই প্রমাণ হয় যে বিটিএডিৰ বাবে যোগান ধৰা আঁচনিৰ সঠিক ৰূপায়ণ হোৱা নাই৷ চলিত বিটিচি নির্বাচনৰ মনোনয়ন দাখিলৰ সময়ত হাগ্রামা মহিলাৰীয়ে দাখিল কৰা শপতনামাত সা–সম্পত্তিৰ তালিকাখনে সর্বসাধাৰণ ৰাইজৰ চকু কপালত উঠাটো স্বাভাৱিক৷ হাগ্রামা মহিলাৰী আৰু তেওঁৰ পত্নীৰ নামত এটা–দুটা নহয়, ৫০টা আছে বেংক একাউণ্ট৷ ৰাষ্ট্রীয় ঘাইপথৰ পৰা কোকৰাঝাৰ চহৰৰ ভিতৰত বহুসংখ্যক মূল্যৱান ভূমি শাসনত থকাৰ সময়ছোৱাত হাগ্রামা মহিলাৰীয়ে ক্রয় কৰিছে৷ শপতনামাত উল্লেখ কৰা অনুসৰি মহিলাৰী আৰু তেওঁৰ পৰিয়ালৰ নামত আছে ৫৩ স্থানত বৃহৎ ভূমিখণ্ড৷ ইয়াৰ উপৰি হোটেল, নার্ছিং হোমৰ পৰা বিভিন্ন ব্যৱসায়তো মহিলাৰীয়ে বুজন পৰিমাণৰ পুঁজি বিনিয়োগ কৰাৰ তথ্য উন্মোচিত হৈছে৷ ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰৰ পূর্বে তেওঁ আছিল বিএলটি নামৰ উগ্রপন্থী সংগঠনটোৰ মুৰব্বী৷ বিটিচি চুক্তিৰ জৰিয়তে বড়ো ৰাজনীতিৰ গুৰিব’ঠা ধৰিলেও মহিলাৰী ৰাজনৈতিক অভিজ্ঞতাৰে প্রথম অৱস্থাত অভিজ্ঞ নাছিল৷ কিন্তু বিটিএডিত বিভিন্ন জাতি–জনগোষ্ঠীক ঐক্যবদ্ধ কৰাৰ বাবে চলোৱা প্রচেষ্টাৰ বাবে হাগ্রামা মহিলাৰীক বিটিএডিবাসীয়ে দীর্ঘদিন ধৰি সমর্থন দি আহিছে৷ কিন্তু বিটিএডিৰ সামূহিক উন্নয়নৰ প্রতি ক্রমাগতভাৱে দেখা দিয়া ব্যর্থতাৰ বাবেই এসময়ৰ জনপ্রিয় নেতাজন এতিয়া ক্রমে এলাগী হৈছে৷ ২০১৫ৰ বিটিচি নির্বাচনতো হাগ্রামা মহিলাৰীয়ে তেওঁৰ গৃহজিলা কোকৰাঝাৰ আৰু চিৰাঙত আশাপ্রদ ফলাফল লাভ কৰা নাছিল৷ বাক্সা আৰু ওদালগুৰি জিলাত লাভ কৰা সাফল্যৰ বাবেই হাগ্রামা মহিলাৰীয়ে তৃতীয়বাৰৰ বাবে বিটিচিৰ ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ আজি ভোটদান সম্পন্ন হোৱা ওদালগুৰি অৰু বাক্সা জিলাৰ ২১টা পৰিষদীয় সমষ্টিত যোৱাবাৰৰ লেখীয়া জনসমর্থন লাভ কৰাৰ কোনো ইংগিত বিপিএফৰ পক্ষে নাই৷ এনে পৰিস্থিতিত দ্বিতীয় পর্যায়ত অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভোটদানত মহিলাৰীয়ে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিব পাৰিব বুলি আশা কৰিব নোৱাৰি৷