নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিচমিচ আৰু মৌৰ সৈতে বন্ধুত্ব কৰক আৰু বৈবাহিক জীৱন সুখৰ কৰক

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ  বতৰৰ পৰিৱৰ্তনৰ লগে লগে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক মন দিবলগীয়া হয়। কৰোনা কালত শীতৰ আগমণৰ লগে লগে শৰীৰক বিশেষভাৱে মন দিবলগীয়া হৈছে। ইয়াৰ ভিতৰত মৌ আৰু খিচমিছ খালে  শৰীৰত বহুত লাভ হয়। বৈবাহিক জীৱনৰ সুখৰ আধাৰ হ’ব পাৰে খিচমিচ আৰু মৌ।

লগতে পঢ়কঃ দৰা-কইনাই বিবাহৰ উপহাৰৰ পৰিৱৰ্তে কৃষকৰ সাহায্যৰ বাবে ল’লে অনুদান

বিবাহিত পুৰুষে যদি মৌ আৰু খিচমিচ মিহলাই খাই বহুধৰণৰ লাভ হয়। বিশেষকৈ যৌন জীৱনৰ ক্ষেত্ৰত ই বহুত লাভদায়ক। ই শৰীৰৰ দুৰ্বলতা দূৰ কৰাৰ লগতে শক্তি বৃদ্ধি কৰে।

স্বাস্থ্যবান হ’বৰ বাবে বহুদিনলৈকে মৌ আৰু খিচমিচ খাব লাগে। এই উপকৰণে পুৰুষৰ শৰীৰত টেষ্টটৰণ হৰম’ন বৃদ্ধি কৰাত সহায় কৰে। টেষ্টটৰণ হৰম’নে পুৰুষৰ যৌনতাৰ সমস্যাৰ দূৰ কৰে। টেষ্টটৰণ হৰম’ন যদি কমি যায় তেতিয়া পুৰুষ এজনৰ বৈবাহিক জীৱনত অসুবিধাৰ সৃষ্টি কৰে। কেইবাদিনো ধৰি যদি খিচমিচ আৰু মৌ সেৱন কৰে তেতিয়া পুৰুষৰ এই সমস্যা দূৰ হয়।

লগতে পঢ়কঃ ক্ৰিকেটৰ পৰা সন্যাস ঘোষণা ভাৰতীয় উইকেটকিপাৰ বেটছমেন পাৰ্থিৱ পেটেলৰ

বহু পুৰুষৰ বীৰ্য পৰিমাপত সমস্যা থকা দেখা যায়। এনেধৰণৰ লোকে খিচমিচ আৰু মৌৰ খাব কৰিব লাগে। যাৰ ফলত বীৰ্য পৰিমাপ বৃদ্ধি হয়। মৌ আৰু খিচমিচত এনেকুৱা ধৰণৰ গুণ আছে যি সুস্থ শুক্ৰাণু বৃদ্ধি হোৱাত সহায় কৰে।

কেৱল যৌনতাৰ ক্ষেত্ৰতে নহয় ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ, কাহ, গেছৰ সমস্যা, হজম শক্তি সম্বন্ধীয় যিকোনো সমস্যাৰ পৰা মুক্ত হ’ব পাৰি খিচমিচ আৰু মৌ খাই।

 

 

You might also like