নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছোনিয়া গান্ধীৰ কাষ চাপিবলৈ কাক উৎকোচ দিছিল ৰাজীৱ গান্ধীয়ে?

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ আজি ৭৫ বছৰত ভৰি দিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধীয়ে। জন্মদিনৰ দিনা ছোনিয়া গান্ধীক পুৱাৰে পৰা অসংখ্য গুণমুগ্ধই শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ দীৰ্ঘায়ু কামনা কৰে।

জন্মদিনৰ দিনা জানো আহক, ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীৰ মাজৰ প্ৰেমৰ কিছু জনা-নজনা কথা…

ছোনিয়াৰ কাষত বহিবলৈ উৎকোচঃ

যেতিয়া ৰাজীৱ গান্ধীয়ে ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম ল’বলৈ কেমব্ৰিজলৈ গৈছিল, তেওঁ ১৯৬৫ চনত ছোনিয়া গান্ধীক লগ পায়। চাওতে চাওতেই তেওঁ ছোনীয়াৰ প্ৰেমত পৰিছিল। তেওঁলোক দুয়ো প্ৰায়ে এখন গ্ৰীক ৰেষ্টুৰেণ্টলৈ গৈছিল।

অশ্বিনী ভটনাগৰৰ ‘দ্যা লটাছ ইয়ৰছ- পলিটিকেল লাইফ ইন ইণ্ডিয়া ইন দ্য টাইম অফ ৰাজীৱ গান্ধী’ নামৰ কিতাপখনত উল্লেখ আছে – “ৰাজীৱে ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী চাৰ্লচ এণ্টনিক ছোনিয়াৰ কাষৰে এখন টেবুলত বহাবলৈ মান্য কৰাইছিল। এজন ভাল গ্ৰীক ব্যৱসায়ীৰ দৰে চাৰ্লছে এই কামটোৰ বাবে ৰাজীৱ গান্ধীৰ পৰা দুগুণ টকা সংগ্ৰহ কৰিছিল।”

নেপকিনৰ ওপৰত ছোনিয়াৰ বাবে লিখা কবিতাঃ

ছোনিয়াৰো চকু সেই ওখ, ক’লা চকু আৰু হাঁহিমুখীয়া নিষ্পাপ ল’ৰাটোৰ ওপৰত পৰিছিল আৰু দুয়োফালে প্ৰেমৰ আকৰ্ষণ সমান বৃদ্ধি পাইছিল। ৰাজীৱে প্ৰথমে নেপকিনত ছোনিয়াৰ সৌন্দৰ্যৰ ওপৰত এটা কবিতা লিখিছিল আৰু ৰেষ্টুৰেণ্টৰ ৱেইটাৰৰ যোগেদি ছোনিয়ালৈ প্ৰেৰণ কৰিছিল। অৱশ্যে ছোনিয়াই সেইখন পাই অলপ অস্বস্তিত পৰিছিল। কিন্তু ৰাজীৱৰ এজন জাৰ্মান বন্ধু, যি ছোনিয়াকো জানিছিল, পাছলৈ তেওঁ দুয়োৰে মাজত বাৰ্তাবাহকৰ ভূমিকা সুন্দৰকৈ পালন কৰিছিল।

লগতে পঢ়কঃ ক্ৰিকেটৰ পৰা সন্যাস ঘোষণা ভাৰতীয় উইকেটকিপাৰ বেটছমেন পাৰ্থিৱ পেটেলৰ

You might also like