তিনি বছৰৰ ভিতৰত ছিংগাপুৰত এয়াৰ টেক্সি সেৱা
নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ ছিংগাপুৰত ২০২৩ চনৰ ভিতৰত ইলেকট্রিক এয়াৰ টেক্সিৰ সেৱা আৰম্ভ হ’ব৷ ভ’লোক’প্ঢাৰ নামৰ এই এয়াৰ টেক্সিয়ে যোৱা বছৰ অক্টোবৰ মাহত ছিংগাপুৰৰ মেৰিনা বে’ৰ আকাশত পৰীক্ষামূলক উৰণ চলাইছিল৷ একেখন জিলাত প্রথমবাৰলৈ বাণিজ্যিক এয়াৰ টেক্সি সেৱা আৰম্ভ কৰিব ছিংগাপুৰ প্রশাসনে৷ ভ’লোক’প্ঢাৰ জি এম বি এইচৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি এই টেক্সি সেৱা কেৱল পর্যটকৰ বাবে মুকলি কৰা হ’ব৷ জার্মান নির্মাতা ভ’লোক’প্ঢাৰ জি এম বি এইচে নগৰ ৰাষ্ট্র ছিংগাপুৰত পর্যটনৰ বাবে এই এয়াৰ টেক্সি অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু হ’ব বুলিও ঘোষণা কৰিছে৷