নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোৰ ৰামদিয়াত ২৮ কৃতী শিক্ষাৰ্থীক অভিনন্দন

ৰামদিয়াৰ সামাজিক ধ্বজাধাৰী সুসংগঠিত অনুষ্ঠান ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বেলিও হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰামদিয়া অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ২৮গৰাকী কৃতীমানক সম্বৰ্ধনা জনোৱা হয়।

এই উদ্দেশ্যে পুথিভঁৰালৰ স্থায়ী প্ৰেক্ষাগৃহত এখন অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।  ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে ছাত্ৰী সকলে সমবেত সংগীত পৰিৱেশন কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে ভাষণত কয়, ৰামদিয়া সামাজিক তথা শৈক্ষিক দিশত বিশেষ ভাৱে আগবঢ়া। এই ৰামদিয়াৰ পৰাই ভাষাবিদ কালিৰাম মেধিয়ে অসমীয়া ভাষা সাহিত্যৰ হকে কাম কৰি গৈছে।

ভাষণত তেঁও কয় কৃতী ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ লগতে সামাজিক দায়বদ্ধতা পালন কৰিবলৈ আহ্বান জনায়। পুথিভঁৰালৰ সম্পাদক দিলীপ ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ পাৰ্থ ফুকন মহন্তই ছাত্ৰ ছাত্ৰী সকলক নিজৰ নিজৰ দায়িত্ব আৰু সময়ৰ সদব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

তেওঁ নিষ্ঠা, সততা আৰু একা গ্ৰতাৰে অধ্যয়ণত ব্ৰতী হলে নিশ্চয়কৈ সফলতা লাভ কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি মহিবুদ্দিন আহমেদ, ৩নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্যা ৰেৱতী ডেকা মজুমদাৰ, খগেন ভৰালী গাঁও পঞ্চায়তৰ সভানেত্ৰী জ্যোতি শিখা ডেকা ভৰালী, মহানন্দ দাস, সাহিত্যিক পৱিত্ৰ কলিতা প্ৰমুখ্যে অঞ্চলটোৰ শিক্ষক শিক্ষয়ি ত্ৰী,ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে।

ছাত্ৰ ছাত্ৰী সকলক ফুলাম গামোচা, কিতাপৰ টোপোলা আৰু মানপত্ৰৰে অভিনন্দন জনোৱাৰ লগতে পুথিভঁৰালৰ তৰফৰ পৰা বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

নিয়মীয়া বাৰ্তা, হাজো, ২৭ জুলাই

You might also like