আজি ২৭ জুলাই, শাওণ মাহৰ ১০ তাৰিখ
সোমবাৰ : তিথি–ত্রয়োদশী, নক্ষত্র : মূলা, যাত্রা : শুভ
মেষ : আজি আপোনাৰ কিছু পেটৰ সমস্যাই দেখা দিব পাৰে৷ আনক বিশ্বাসত নল’ব৷ বিদ্যার্থীসকলৰ বাবে দিনটো ভাল৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
বৃষ : আজি দাম্পত্যত আনৰ হস্তক্ষেপৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ যান–বাহনৰ পৰা সতর্ক হ’ব৷ সামাজিক ক্ষেত্রত উন্নতি লাভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
মিথুন : আজি আপোনালোকৰ মান–সন্মান প্রাপ্তি হ’ব৷ কর্মস্থানতো উন্নতিৰ যোগ৷ শিক্ষাৰ ক্ষেত্রত শুভ ফল লাভ৷ দাম্পত্যত কিছু তর্ক–বিতর্ক থাকিব যদিও মিলি আলোচনা কৰিলে সুখী হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কর্কট : আজি আপোনাক গোপন শত্রুৱে অনিষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে, সেয়েহে সিদ্ধান্ত লওঁতে ভাবি–চিন্তি ল’ব৷ আর্থ–সামাজিক দিশত উন্নতি৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা ৬৷
সিংহ : আজি অত্যধিক খৰচ কৰাৰ পৰা বিৰত থাকক৷ সহকর্মীৰ লগত সুমধুৰ সম্পর্ক ৰাখিব, নহ’লে বিবাদ হোৱাৰ সম্ভাৱনা বেছি৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৪৷
কন্যা : আজি দূৰ ভ্রমণ হোৱাৰ যোগ আছে৷ প্রেমিক–প্রেমিকাসকলৰ বাবে দিনটো যথেষ্ট ভাল৷ কাৰণ বিবাহৰ যোগ খোল খাব৷ আয়ৰ আগমন হ’ব৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৮৷
তুলা : আজি আবেলিলৈ কোনো সু–সংবাদ আহিব পাৰে৷ আলহীৰ আগমনে ঘৰত আনন্দৰ পৰিৱেশ গঢ়ি তুলিব৷ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৬৷
বৃশ্চিক : আজি অধিক চিন্তা নকৰিব৷ প্রেমত আনে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব পাৰে, সাৱধান হ’ব৷ বিদ্যাত যত্ন লোৱাৰ প্রয়োজন৷ শুভ ৰং সেডজীয়া, শুভ সংখ্যা ৫৷
ধনু : আজি আপোনাৰ প্রতিভা বিকাশৰ সুযোগ পাব৷ আপোনাৰ ওপৰত শত্রুৰ নজৰ থাকিব পাৰে, সাৱধানেৰে কাম কৰিব৷ বিদ্যাত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷
মকৰ : আজি এই ৰাশিৰ জাতক–জাতিকাসকলৰ বিবাহৰ যোগ খোল খাব৷ কোনো লোকে বদনাম কৰিবলৈ চেষ্টা কৰিব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷
কুম্ভ : আজি ছাত্র বিষয়ে কিছু কষ্ট দিব পাৰে৷ কর্মব্যস্ততা থাকিব৷ মানসিক চিন্তা বেছি নকৰিব৷ দূৰ ভ্রমণৰ পৰা বিৰত থাকিব৷ পিতৃ–মাতৃৰ সেৱা কৰিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷
মীন : আজি আপোনাৰ বহুদিনৰ পৰা চলি থকা আইনী বিবাদ মীমাংসা হ’ব৷ খঙৰ ওপৰত নিয়ন্ত্রণ ৰাখিব৷ দাম্পত্যত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷