আব্দুৰ ৰহিম মুর্দাবাদ ধ্বনিৰে উত্তাল যমুনামুখ
নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অকচেক হাতিবন্ধা গাঁৱৰ এটা মন্দিৰ নির্মাণৰ ভুৱা প্রতিশ্রুতি দিয়া স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাইজ৷ এআইইউডিএফ দলৰ যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমলে ২০১৬ চনৰ বিধানসভা নির্বাচনৰ আগত সমষ্টিটোৰ অকচেক হাতিবন্ধা গাঁৱৰ কালী মন্দিৰ নির্মাণ কৰি দিয়াৰ প্রতিশ্রুতি দিছিল৷ কিন্তু চাৰিটা বছৰ অতিক্রম কৰাৰ পিছতো বিধায়ক আব্দুৰ ৰহিম আজমলে দিয়া নির্বাচনী প্রতিশ্রুতি অসাৰ হৈ ৰ’ল৷ যাৰ বাবে শ শ পুৰুষ–মহিলাই আজি মন্দিৰটোৰ চৌহদত উপস্থিত হৈ স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমলক প্রৱঞ্চক আখ্যা দি, প্রৱঞ্চক আব্দুৰ ৰহিম আজমল মুর্দাবাদ, আব্দুৰ ৰহিম আজমল গ’ বেক, যমুনামুখত এআইইউডিএফৰ প্রৱঞ্চনা নচলিব আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য ধুমকেতুৰ দৰে হঠাতে যমুনামুখ আৱির্ভাৱ হোৱা বিধায়ক আব্দুৰ ৰহিম আজমলক যোৱা কেইদিনমানৰ পৰা সমষ্টিটোৰ বিভিন্ন ঠাইৰ ভোটাৰ ৰাইজে ক’লা পতাকাৰে পহু খেদা দিয়াৰ সমানে বিধায়কগৰাকী য’তেই গৈছে তাতেই ৰাইজৰ ৰোষত পৰা দেখা গৈছে৷ সমান্তৰালকৈ আজি অকচেক হাতিবন্ধা কালী মন্দিৰ চৌহদত বিধায়ক আব্দুৰ ৰহিম আজমলৰ বিৰুদ্ধে শ শ পুৰুষ মহিলাই বিধায়কগৰাকীক প্রৱঞ্চক আখ্যা দি প্রতিবাদ সাব্যস্ত কৰে৷ আজমল বাহিনীৰ প্রতাৰণাত অতিষ্ঠ হোৱা ৰাইজে স্থানীয় পুতুল দাস নামৰ লোকজনৰ জৰিয়তে বিভিন্ন চৰকাৰী আঁচনি লাভ কৰাত সন্তুষ্টি প্রকাশ কৰি আগন্তুক ২০২১ চনৰ বিধানসভা নির্বাচনত যমুনামুখ সমষ্টিৰ পৰা তেওঁক প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়৷
ৰাইজৰ ৰোষত পৰা পুত্রক উদ্ধাৰ অভিযান আজমলৰ
দীর্ঘদিনৰ বিৰতিত সমষ্টিত ভৰি থৈ ৰাইজৰ ৰোষত পৰা যমুনামুখৰ বিধায়ক পুত্রক উদ্ধাৰৰ প্রচেষ্টাত নামিল পিতৃ বদৰুদ্দিন আজমলসহ এ আই ইউ ডি এফৰ কর্মীসকল৷ আজি পিতৃসহ সদলবলে আহি বিধায়কৰ আন টাইদ পুঁজিৰে নির্মিত নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নির্মাণ কৰা ৰাজহুৱা প্রেক্ষাগৃহটো উদ্বোধন কৰে বিধায়ক আব্দুৰ ৰহিমে৷ এই ৰাজহুৱা প্রেক্ষাগৃহটোৱে বৃহত্তৰ নীলবাগানৰ লগতে যমুনামুখবাসীৰ এক দীর্ঘদিনীয়া অভাৱ পূৰণ কৰিছে বুলি মত ব্যক্ত কৰে নীলবাগান আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মোহাম্মদ বৰভূঞাই৷ প্রেক্ষাগৃহটো উদ্ধোধন উপলক্ষে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সভাত বদৰুদ্দিন আজমলৰ লগতে বিধায়ক আব্দুৰ ৰহিম আজমল, ধিঙৰ বিধায়ক আমিনুল ইছলাম, চম্পক কলিতা, হায়দৰাবাদৰ ইংলিছ হাউছৰ মুখ্য কার্যবাহী বিষয়া মনোৱাৰ জামাসহ বহু লোক উপস্থিত আছিল৷ প্রেক্ষাগৃহ উদ্ধোধনৰ পিছত সাংবাদিকৰ আগত সাংসদ আজমলে আজমল ফাউণ্ডেচনৰ প্রসংগ উত্থাপন কৰি কয় যে আজমলৰ লগত ৰাজনৈতিক শত্রুতাৰ বাবেহে আজমল ফাউণ্ডেচনক টার্গেট কৰা হৈছে৷ যদি আজমল ফাউণ্ডেচনে কিবা বেয়া কাম কৰিছে ভাৰত চৰকাৰে তদন্ত কৰক৷ তদন্ত কৰিলে সকলো সত্য ওলাই পৰিব বুলি মন্তব্য কৰে সাংসদ আজমলে৷ সাংসদ আজমলে কয় যে আজমল ফাউণ্ডেচনে কৰা সমাজসেৱামূলক কাম, দক্ষতা বিকাশ তথা আজমল ছুপাৰ ৪০ৰ সফলতাৰ বাবে ভাৰত চৰকাৰৰ বহু সংস্থাই আজমল ফাউণ্ডেচনক বিভিন্ন বঁটাৰে সন্মানিত কৰি আহিছে৷ আজমল ফাউণ্ডেচনৰ এক টকাৰ হিচাপ আছে আৰু সকলো ভাৰতৰ বিদেশ মন্ত্রালয়ত দাখিল কৰা আছে৷ ৰাজনৈতিক মুনাফা ল’বলৈ কাৰোবাৰ সমাজসেৱাক অপমান নকৰিবলৈ আহ্বান জনায় সাংসদ আজমলে৷ ইফালে ধিঙৰ বিধায়ক আমিনুল ইছলামেও আজমল ফাউণ্ডেচন সন্দর্ভত কয় যে জাতি, ধর্ম আৰু বর্ণ নির্বিশেষে আজমল ফাউণ্ডেচনে যিসকল দৰিদ্র শিক্ষার্থীক চিকিৎসক–ইঞ্জিনীয়াৰ্ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে, আজমল ফাউণ্ডেচন তথা আজমলক সমালোচনা কৰাসকলে ইয়াৰ এক শতাংশ কাম কৰি দেখুৱাওক৷