নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০০ স্পর্শ ৰাজ্যত ক’ভিডত মৃতকৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ ক’ৰোনাৰ সংক্রমণ ক্রমাৎ হ্রাস পাই অহাৰ সময়তে ৰাজ্যত শুকুৰবাৰে এহাজাৰ স্পর্শ কৰিলে ক’ৰোনাত মৃত্যুৰ সংখ্যাই৷ শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ ৱাজিদা বিবি (৫২) নামৰ এগৰাকী মহিলা ক’ৰোনাত মৃত্যু হোৱাৰ পাছতেই অসমত ক’ভিড আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই এহাজাৰ স্পর্শ কৰিলে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই  এই তথ্য প্রকাশ কৰে৷

উল্লেখ্য যে দেশত ক’ৰোনাই ভয়াৱহ ৰূপ লোৱাৰ সময়তে যোৱা ১০ এপ্রিলত ৰাজ্যত প্রথমজন ক’ৰোনা আক্রান্তৰ মৃত্যু হৈছিল৷ ইয়াৰ পাছতে ক্রমাৎ ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় যদিও বিগত দুটা মাহত মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট হ্রাস পাইছিল৷

ইফালে শুকুৰবাৰে পুনৰ ১২৭গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই টুইটযোগে প্রকাশ কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত ৰাজ্যত ২১,০০২গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰাৰ পাছত ১২৭গৰাকী লোক আক্রান্ত বুলি চিনাক্ত হয়৷ আক্রান্তৰ হাৰ হ’ল ০.৬০ শতাংশ৷ কামৰূপ মহানগৰ জিলাত  ৪৩গৰাকী লোক পজিটিভ চিনাক্ত হৈছে৷

এতিয়ালৈ ৰাজ্যত ক’ৰোনাত আক্রান্ত হৈছে ২,১৪,৪৩২গৰাকী লোক৷ আনহাতে, শুকুৰবাৰে বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হোৱা ১৪৯গৰাকী লোকক ৰিলিজ দিয়া হয়৷ অসমত ক’ৰোনামুক্ত হোৱা লোকৰ হাৰ হ’ল ৯৭.৯০ শতাংশ৷

অৱশ্যে এতিয়াও ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৩,৪৯৩গৰাকী লোক৷ ক’ৰোনামুক্ত হৈ ঘৰলৈ উভতিছে ২,০৯,৯৩৬গৰাকী লোক৷ আক্রান্তৰ হাৰ হ’ল ১.৬৩ শতাংশ আৰু ক’ৰোনাত মৃত্যু হোৱা লোকৰ হাৰ হ’ল ০.৪৬ শতাংশ৷

You might also like