ৰাণীত চিআৰপিএফৰ স্বচ্ছতা পষেক অভিযান
নিয়মীয়া বাৰ্তা ১২ ডিচেম্বৰঃ কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) গুৱাহাটীৰ পশ্চিম প্রান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়নৰ উদ্যোগত পহিলা ডিচেম্বৰৰ পৰা পালন কৰি অহা ‘স্বচ্ছতা পষেক’ৰ লগত সংগতি ৰাখি বেটেলিয়নৰ মুখ্য কার্যালয় চৌহদৰ উপৰি কাষৰীয়া অঞ্চলত চাফাই অভিযান চলাই থকা হৈছে৷ ১৭৫ চি আৰ পি এফৰ কমাণ্ডেণ্ট সুভাষ চন্দ্র শর্মাৰ নেতৃত্বত বাহিনীটোৰ বিষয়া–জোৱানসকলে হাতে হাতে ঝাডু, কোৰ–কোদাল লৈ কার্যালয় চৌহদ আৰু কাষৰীয়া অঞ্চলৰ পথ–উপপথ, নলা–নর্দমাসমূহ চাফ–চিকুণ কৰি আছে৷ চাফাই অভিযানত বাহিনীটোৰ ডেপুটী কমাণ্ডেণ্টদ্বয় আব্দুল ৰহিম আৰু মনোজ সিং, মুখ্য চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰ, সহকাৰী কমাণ্ডেণ্ট সঞ্জয় কুমাৰ, পৰিদর্শক দেশবীৰ সিঙকে ধৰি কেইবাজনো বিষয়াই ভাগ লয়৷ অহা ১৫ ডিচেম্বৰত স্বচ্ছতা পষেকৰ সামৰণি পৰিব৷