নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ডিজিটেল ডেস্ক, ২৬ জুলাই : মহানগৰীৰ জালুকবাৰীত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। মালিগাঁৱৰ পৰা আজাৰা অভিমুখে দুচকীয়া বাহনেৰে আহি থকা অৱস্থাত জালুকবাৰী ৰে’লৱে অভাৰব্ৰীজৰ তলত নিয়ন্ত্ৰণ হেৰুৱাই দুচকীয়া বাহনসহ ৰাস্তাত বাগৰি পৰে এজন লোক। ঠিক সেই সময়তে পিছফালৰ পৰা তীব্ৰ বেগেৰে অহা এখন ডাম্পাৰ বাহন লোকজনৰ ওপৰেৰে পাৰ হৈ যোৱাত লোকজনৰ থিতাতে কৰুণ মৃত্যু ঘটে।

ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমানলৈকে নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

You might also like