নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ টেটৰ দাবীত কাহিলিপাৰাত বিক্ষোভ

ৰাজপথ অৱৰোধ কৰি প্রতিবাদ সংযোগী শিক্ষাকর্মীৰ

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ বিশেষ টেটৰ বিজ্ঞাপন জাৰি কৰাৰ দাবীত আজি উত্তাল প্রতিবাদ সাব্যস্ত কৰে সদৌ অসম সংযোগী শিক্ষাকর্মী সন্থাই৷ বিশেষ টেটৰ বাবে দিন নির্ধাৰণ কৰি শীঘ্রে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰাৰ দাবীত শতাধিক সংযোগী শিক্ষাকর্মীয়ে কাহিলিপাৰা চলো কার্যসূচী ৰূপায়ণ কৰে৷ ৰাজ্য চৰকাৰ হায় হায়, আমাৰ দাবী ন্যায্য দাবী, আমাক নিযুক্তি দিয়ক আদি শ্লোগানেৰে সমগ্র অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলাৰ লগতে প্রতিবাদকাৰীসকলে কাহিলিপাৰা–গণেশ মন্দিৰ সংযোগী ৰাজপথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ পৰৱর্তী সময়ত তেওঁলোকে কাহিলিপাৰাস্থিত সর্বশিক্ষা অভিযানৰ কার্যালয়ৰ সন্মুখত বিয়লি চাৰি বজাপর্যন্ত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি বিভিন্ন স্থানত কর্তব্য পালন কৰাৰ পাছত সংযোগী শিক্ষাকর্মীসকলক চৰকাৰে কর্মৰ পৰা অব্যাহতি দিয়ে৷ ফলত তেওঁলোকৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰে৷ উপায়ান্তৰ হৈ শিক্ষাকর্মীসকলে পুনৰ নিযুক্তিৰ দাবীৰে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে৷ এই ধাৰাবাহিক আন্দোলনৰ অন্তত তেওঁলোকক নিযুক্তিৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰি নিযুক্তি দিয়া হ’ব বুলি প্রতিশ্রুতি দিয়া হয়৷ কিন্তু আজিপর্যন্ত এই বিশেষ টেট অনুষ্ঠিত কৰিবলৈ বিজ্ঞাপন জাৰি নকৰিলে ৰাজ্য চৰকাৰে৷ ইতিমধ্যে সংযোগী শিক্ষাকর্মীসকলৰ নথি–পত্র পৰীক্ষণৰ কামো সম্পন্ন হৈছে৷ সেয়েহে শীঘ্রে বিশেষ টেটৰ বিজ্ঞাপন দি অনুষ্ঠিত কৰাৰ দাবীৰে আজি সন্থাই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ তদুপৰি সংযোগী শিক্ষাকর্মীসকলক বয়সৰ ক্ষেত্রত ৫ বছৰ ৰেহাই, নূ্যনতম ২ বছৰৰ অভিজ্ঞতাৰ ভিত্তিত টেটত ৩০ নম্বৰ ৰেহাই প্রদান কৰিবলৈও তেওঁলোকে দাবী উত্থাপন কৰিছে৷ উল্লেখ্য যে আজি প্রতিবাদী কার্যসূচীৰ অন্তত মিছন সঞ্চালক বি কল্যাণ চক্রৱর্তী, কার্যবাহী সঞ্চালক ধ্রুৱজ্যোতি দাসৰ উপস্থিতিত এখন বৈঠকত মিলিত হয়৷ তেওঁলোকে এই সমস্যাসমূহ সমাধানৰ বাবে মন্ত্রী পর্যায়ত আলোচনা অনুষ্ঠিত কৰাৰ আশ্বাস দিয়ে৷

You might also like