নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনো কাৰণতে ডিমৰীয়াৰ ৬ সমষ্টিত তিৱা পৰিষদৰ নির্বাচন হ’ব নিদিয়াৰ হুংকাৰ

৬ জাতীয় সংগঠনৰ নেতৃত্বত সোণাপুৰত অৱস্থান শ শ আম্ৰি কার্বিৰ

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ডিমৰীয়াৰ ৬ সমষ্টিত পৰিৱেশ ক্রমাৎ উত্তপ্ত হৈ পৰিছে৷ কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া, ক্ষেত্রী, সোণাপুৰ, আম্প্রী ডিগাৰু আৰু ফংআৰি সমষ্টিত তিৱা নির্বাচন বাতিলৰ দাবীত আজিৰে পৰা পুনৰ আমৰি কার্বি জনগোষ্ঠীৰ শ শ লোকে তিনিদিনীয়াকৈ অবিৰাম অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰিছে৷ সোণাপুৰৰ ২২ মাইলৰ ৩৭নং ৰাষ্ট্র্রীয় পথৰ কাষতে অৱস্থিত চাকনিবাৰীৰ নৱোদয় সংঘৰ খেলপথাৰত পুৱা ১০ বজাৰ পৰা আমৰি কার্বিৰ ছয় জাতীয় সংগঠনৰ কেইবাহাজাৰ লোকে অৱস্থান কৰে৷ তেজ দিব, কোনো কাৰণতে ডিমৰীয়াত তিৱা নির্বাচন হ’বলৈ নিদিয়ে৷ বলপূর্বকভাৱে নির্বাচন অনুষ্ঠিত কৰিলে পৰিস্থিতি ভয়ংকৰ হোৱাই নহয়, আমৰি কার্বি ৰাইজে ভোট বর্জন কৰাৰো সিদ্ধান্ত লৈছে৷ তেওঁলোকৰ এই কার্যসূচী দিনে–নিশাই হ’ব বুলি উল্লেখ কৰে৷ তিনি শতাংশ তিৱা বসতি ভূমি ডিমৰীয়াত কোনো কাৰণতে নির্বাচন হ’বলৈ নিদিয়ে তেওঁলোকে৷ নির্বাচন বাতিল কৰক, অতুল বৰা মুর্দাবাদ, তেজ দিম নির্বাচন হ’বলৈ নিদিওঁ, আমাৰ দাবী ন্যায্য দাবী, আমাক নির্যাতন নচলাব, আমাক ন্যায় দিয়ক আদি শ্লোগানেৰে অৱস্থানথলী উত্তাল কৰি তোলে৷ তেওঁলোকৰ দাবীসমূহ চৰকাৰে বুজিবলৈ চেষ্টা নকৰাটো দুর্ভাগ্যজনক বুলিও দুখেৰে কয় প্রতিবাদকাৰীয়ে৷

You might also like