নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেড পে’ক লৈ বঞ্চনাঃ ২০ ডিচেম্বৰত প্রাথমিক শিক্ষকে ল’ব প্রতিবাদী কার্যসূচী

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ প্রধান শিক্ষকৰ পদ সৃষ্টি আৰু স্নাতক শিক্ষকক ৮,৭০০ টকাৰ গ্রেড পে’ত দৰমহা দিয়াৰ প্রতিশ্রুতিক লৈ চৰকাৰে কৰি বঞ্চনাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ প্রাথমিক শিক্ষকসকল৷ বাৰম্বাৰ আশ্বাস দিয়াৰ পিছতো আজিপর্যন্ত চৰকাৰে এইক্ষেত্রত কার্যকৰী ব্যৱস্থা গ্রহণ নকৰাত পৰৱর্তী কার্যপন্থা গ্রহণ কৰিবলৈ সাজু হৈছে৷

অহা ২০ ডিচেম্বৰত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ কার্যনির্বাহক সভাতে পৰৱর্তী কার্যপন্থা গ্রহণ কৰিব৷  এক বিবৃতিযোগে এই কথা সদৰী কৰিছে সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল গোস্বামীয়ে৷ এক বিবৃতিত তেওঁ কয় যে অহা ২০ ডিচেম্বৰত চানমাৰিস্থিত শিক্ষক ভৱনত দিনৰ ১১ বজাৰ পৰা কার্যনির্বাহক সভা অনুষ্ঠিত হ’ব৷ এই সভাতে পৰৱর্তী সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ গ্রেড পে’ ঘূৰাই দিয়া আৰু প্রধান শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ নকৰিলে সন্মিলনী কোনো কাৰণতে বহি নাথাকে বুলি তেওঁ হুংকাৰ দিয়ে৷

এই প্রসংগত সভাপতি জীৱন চন্দ্র বৰা আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে কয়– ‘২০১৯ বর্ষৰ ৩০ ডিচেম্বৰত মুখ্যমন্ত্রীয়ে দুয়োটা সমস্যা সমাধানৰ বাবে নির্দেশ দিছিল৷ পৰৱর্তী সময়ত যোৱা ৫ আৰু ১৪ নৱেম্বৰতো ৰাজ্য চৰকাৰৰ সৈতে দুলানি আলোচনা অনুষ্ঠিত হৈছিল৷ এই আলোচনা যথেষ্ট সৌহার্দ্যপূর্ণ আছিল৷ সেয়েহে এই আলোচনাৰ ফলাফলৰ কার্যকৰী ৰূপ দিয়াটো চৰকাৰৰ দায়িত্ব৷ কিন্তু এইক্ষেত্রত বিভাগীয় গতি অতি লেহেম৷ যাৰ বাবে পৰৱর্তী পদক্ষেপ কি গ্রহণ কৰা হ’ব, সেই সন্দর্ভত শিক্ষকসকলৰ সৈতে মত বিনিময় কৰিছে৷’ উল্লেখ্য যে ইয়াৰ পূর্বেও গ্রেড পে’ বৃদ্ধিৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত প্রাথমিক শিক্ষকসকলে কেইবাবাৰো প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছিল৷

You might also like