ধুবুৰীৰ বংশীচৰত ২৩টা চোৰাং গৰুভর্তি নাও জব্দ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ আজি সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ সহযোগত ধুবুৰী আৰক্ষীয়ে ধুবুৰী চহৰৰ পার্শ্বৱর্তী বংশীৰ চৰৰ চৰাঞ্চলৰ সমীপৰ ব্রহ্মপুত্র নৈত বাংলাদেশলৈ চোৰাংকৈ নিয়াৰ বাবে খাপপিটি থকা অৱস্থাত এখন গৰুভর্তি নাও জব্দ কৰে৷ গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ এটি বিশেষ দলে বিএছএফৰ সহযোগত চলোৱা অভিযানটোত নাও এখনৰ পৰা বাংলাদেশলৈ চোৰাংকৈ প্রেৰণ কৰাৰ বাবে অনা ২৩টা গৰু জব্দ কৰিবলৈ সক্ষম হয়৷
আৰক্ষী অহাৰ উমান পাই নাওখনত থকা চোৰাং গো–সৰবৰাহকাৰীকেই পলাই পত্রং দিয়ে৷ মন্ত্রী হাজৰিকাৰ উপস্থিতিত এখন নির্বাচনী সভাত বিজেপি দলত যোগদান কৰে৷ সভাখনত মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে বাবুল পাতৰৰ আগমনে বিজেপি দলক শক্তিশালী কৰিব৷ দলত যোগদান কৰি সদ্য কংগ্রেছ ত্যাগী নেতা বাবুল পাতৰে কয় যে তেওঁ সদায় নেলীবাসী ৰাইজৰ লগত আছে৷ উল্লেখ্য, বাবুল পাতৰৰ সৈতে দুহেজাৰ কংগ্রেছ কর্মীয়ে বিজেপি দলত যোগদান কৰে৷