মৰিগাঁৱৰ ১৯টা সমষ্টিত ১,৪৩,৬৫৫ ভোটাৰ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনৰ প্রস্তুতি সন্দর্ভত আজি এখন সংবাদ মেল সম্বোধন কৰে জিলা উপায়ুক্ত লীনা দাস আৰু আৰক্ষী অধীক্ষক ড০ নন্দসিং বৰকলাই৷ তেওঁ কয় যে মৰিগাঁও জিলাত মুঠ ১৯টা সমষ্টিৰ ভিতৰত ১৮টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া নির্বাচনৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ জিলাখনত মুঠ ভোটাৰ সংখ্যা ১,৪৩,৬৫৫জন বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰে পুৰুষ ৭২,৪৬০জন আৰু মহিলা ৭১,১৯৪গৰাকী৷ ভোটকেন্দ্রৰ সংখ্যা ১৮৭টা৷
আনহাতে আৰক্ষী প্রশাসনেও নির্বাচনটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যাৱতীয় ব্যৱস্থা কৰা বুলি তেওঁ মন্তব্য কৰে৷ স্পর্শকাতৰ, অতি স্পর্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি তাৰ বাবে আৰক্ষী, চি আৰ পি এফ আদি নিয়োগ কৰা হৈছে বুলি তেওঁ প্রকাশ কৰে৷ সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ শর্মা, দেৱযানী চৌধুৰী, ৰমী বৰুৱা, মৈত্রীৰ মৰাণ আদিয়ে অংশগ্রহণ কৰে৷