নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসা শিক্ষা সঞ্চালকালয়ত চাকৰিৰ বিজ্ঞাপনঃ ২৪ ডিচেম্বৰ আবেদনৰ অন্তিম তাৰিখ

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত চিকিৎসা শিক্ষা সঞ্চালকালয়ত(Directorate of Medical Education) মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Team Leader (1), Finance Expert (1),  আৰু Procurement Expert (1)৷Finance Expert পদৰ প্রার্থীChartered Accountant/Cost Accountant অথবাRetired Government Auditor-Local Fund/AGৰ হোৱাৰ লগতেAudit Officer হিচাপে কার্যনির্বাহ কৰা হ’ব লাগিব৷

তদুপৰি প্রার্থীৰ সংশ্লিষ্ট খণ্ডত অতিকমেও ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স ১ ডিচেম্বৰ, ২০২০লৈ নৱাগত প্রার্থীৰ ৪৫ বছৰ হোৱাৰ বিপৰীতে অৱসৰপ্রাপ্ত প্রার্থীৰ বয়স ৬১ বছৰ৷ নিযুক্তিপ্রাপ্তই বছৰি ৭.২০ লাখ টকা লাভ কৰিব৷Team Leader পদৰ প্রার্থীBiomedical/Electronics বিষয়তAICTEৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰাB.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থীৰ সংশ্লিষ্ট খণ্ডত ৭–১০ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স ১ ডিচেম্বৰ, ২০২০লৈ নৱাগত প্রার্থীৰ ৪৫ বছৰ হোৱাৰ বিপৰীতে অৱসৰপ্রাপ্ত প্রার্থীৰ বয়স ৬১ বছৰ৷ নিযুক্তিপ্রাপ্তই বছৰি ১২ লাখ টকা লাভ কৰিব৷ শেষত Procurement Expert পদৰ প্রার্থী বাণিজ্যৰ স্নাতকোত্তৰ হোৱাৰ লগতে আইনৰ স্নাতক ডিগ্রীধাৰী অথবাMaterial Management বিষয়ত Post Graduate ডিগ্রীধাৰী হোৱাৰ লগতেBusiness Administration বিষয়তMaster ডিগ্রীধাৰী হ’ব লাগিব৷ প্রার্থীৰ সংশ্লিষ্ট খণ্ডত অতিকমেও ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স ১ ডিচেম্বৰ, ২০২০লৈ সর্বোচ্চ ৪৫ বছৰ৷ নিযুক্তিপ্রাপ্তই বছৰি ৭.২০ লাখ টকা লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://nhm.assam.gov.in  ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৪ ডিচেম্বৰ, ২০২০৷

You might also like