চৰাইদেউৰ মৈদামত আশীর্বাদ লৈ লুৰিণৰ ৰাজনৈতিক যাত্রা আৰম্ভ
শংকৰ–আজানৰ সমন্বয় বার্তাৰে আগুৱাব অসমীয়া
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ অসম জাতীয় পৰিষদৰ নৱনির্বাচিত সভাপতি লুৰিণজ্যোতি গগৈয়ে আজি ঐতিহাসিক চৰাইদেউৰ মৈদামত উপস্থিত হৈ আহোমৰ পূর্বপুৰুষ স্বর্গদেউসকলৰ মৈদামত চাকি–বন্তি জ্বলাই সেৱা আগবঢ়াই আশীর্বাদ বিচাৰে৷ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত লুৰিণজ্যোতি গগৈয়ে কয় যে বৰ অসমৰ ভেটি গঢঁোতা চাওলুং চুকাফাৰ আদর্শৰে তেওঁ আগুৱাই যাব৷ অসমত বর্তমান বিভেদকামী শক্তিসমূহক প্রতিহত কৰিবলৈ সংকল্প লোৱাৰ সময় হ’ল৷ অসমৰ ৰাইজৰ সপোনৰ যাত্রাত বাটকটীয়া হৈ ৰ’ব অসম জাতীয় পৰিষদ৷ ২০২১ চনৰ বিধানসভা নির্বাচনত অসমৰ প্রতিটো সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব দলটোৱে৷ এই যাত্রাত দলটোৱে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সৈতে একত্রিতভাৱে যুঁজ দিব৷ ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ বোকোচাত উঠিব নিবিচৰা প্রতিটো দল আৰু অসমৰ স্বাভিমানী আঞ্চলিকতাবাদী শক্তিসমূহে ঐক্যবদ্ধভাৱে আগুৱাই যাব বুলি কয়৷ চৰাইদেউ মৈদামত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল–সংগঠনৰ লগতে স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়৷ লুৰিণজ্যোতি গগৈৰ লগত উপস্থিত থাকে চিত্র বসুমতাৰী, ৰঞ্জন কোঁৱৰ, গোবিন ফুকনৰ লগতে বহুসংখ্যক নেতা–কর্মী৷
স’ৰাগুৰি চাপৰিৰ আজান পীৰ দৰগাহৰ পৰাই
লুৰিণজ্যোতিয়ে প্রেৰণ কৰিলে ঐক্য–সংহতিৰ বার্তা
২৪ ঘণ্টা পূর্বে সাম্প্রদায়িকতা–ঘৃণাৰ্ কলীয়া ডাৱৰ আঁতৰাই সমন্বয় আৰু সম্প্রীতি প্রতিষ্ঠাৰ প্রতিশ্রুতি দিয়া অসম জাতীয় পৰিষদৰ নৱনির্বাচিত সভাপতি লুৰিণজ্যোতি গগৈ আজি উপস্থিত হ’লগৈ সমন্বয় আৰু সম্প্রীতিৰ প্রতীকস্বৰূপ দিখৌমুখৰ স’ৰাগুৰি চাপৰিৰ হজৰত আজান পীৰ চাহেবৰ দৰগাহস্থলীত৷ হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, মোৰ মনত ভেদ ভাব নাই ভেদ ভাব নাই অ’ আল্লা শীর্ষক সমন্বয়ৰ এই জিকিৰৰ মর্মার্থ আকৌ এবাৰ উজ্জীৱিত কৰি আজান পীৰ চাহেবৰ দৰগাহত উপস্থিত হৈ অসমবাসীৰ কুশল–মংগলৰ বাবে পীৰজনাৰ দোৱা বিচাৰিলে৷ সমাধিস্থলীত উপস্থিত হৈয়েই এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়– ‘এইখন শংকৰ–আজানৰ দেশ৷ অসমীয়া জাতীয় জীৱনৰ কাৰণে যি ভয়াৱহ পৰিৱেশ আহিছে, যি সংকট আহিছে, সেইবোৰ নাইকিয়া কৰি অসমৰ সমাজ জীৱনক আগুৱাই নিবৰ বাবে আমি সকলোৱে প্রয়াস কৰিম৷ অসমৰ ৰাইজৰ যিটো মনৰ সপোন য’ত সাম্প্রদায়িকতাৰ পৰিৱেশ নাইকিয়া কৰি এক সমন্বয় আৰু ভাতৃত্ববোধৰ চিন্তাৰে আগবাঢ়িব লাগিব, যিটো আদর্শ শংকৰ–আজানে দি থৈ গৈছিল, সেই আদর্শক সাৰোগত কৰি অসমৰ সমাজ আগবাঢ়িব লাগিব৷ আমাৰ যাত্রা সমন্বয়ৰ যাত্রা, আত্মপ্রতিষ্ঠাৰ যাত্রা, আমি সকলো জাতি–জনগোষ্ঠী, ভাষা–ভাষী আৰু সকলো ধর্মাৱলম্বী লোকে সমন্বয়ৰে বৰ অসম গঢ়াৰ আমাৰ সোণোৱালী সপোন যিটো আছে, সেই পথত আগবাঢ়িব বিচাৰিছেছা৷ সেয়েহে এই পুণ্যধামৰ পৰা আল্লাৰ ওচৰত দোৱা বিচাৰিছেছা, যাতে আহিব লগা দিনত আমি আমাৰ লক্ষ্যত উপনীত হ’ব পাৰোঁ৷ আমাৰ ভাষা–কৃষ্টি–সংসৃকতি সুৰক্ষাৰে সমাজখনক এক সর্বাংগসুন্দৰ এটা উন্নত সংসৃকতিৱান আৰু ৰুচিৰ আধাৰত পৰিচালিত এখন সমাজলৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেই সপোন সাকাৰ কৰিবৰ বাবে তেওঁলোকে পুণ্যধামৰ পৰা আমাক যাতে আশীর্বাদ কৰে, তাৰ বাবে আজি এই মাঝাৰত আহি আমি পীৰজনাৰ ওচৰত দোৱা মাগিছেছা৷ হিন্দু–মুছলমানৰ নামত যি বিভেদৰ ৰাজনীতি আৰম্ভ হৈছে, তাৰ অৱসান বিচাৰিছে অসমৰ ৰাইজে৷ অসমৰ সাতামপুৰুষীয়া ঐক্য–সমন্বয়–সম্প্র্ ভেটি ভাঙি থানবান কৰি দিবৰ বাবে ৰাজনৈতিকভাৱে যি ষডযন্ত্র চলিছে, সেই ষডযন্ত্র ওফৰাই কেৱল অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰা, আমাৰ সমন্বয় প্রতিষ্ঠা কৰা, আমি বিচৰা স্বাভিমানী, আপোচবিহীন অসমীয়াৰ যি জাতিসত্তা আছে, ইয়াক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰাটোৱেই আমাৰ সকলোৰে লক্ষ্য৷’ ঐতিহাসিক স’ৰাগুৰি চাপৰিৰ আজান পীৰ দৰগাহত উপস্থিত হৈ এনেদৰেই অসমীয়া জাতিটোৰ সম্পর্কত মন্তব্য কৰিলে অসম জাতীয় পৰিষদৰ নৱনির্বাচিত সভাপতি লুৰিণজ্যোতি গগৈয়ে৷