মাতৃয়ে যোগ প্রশিক্ষণলৈ যাওঁতে ১৩ বছৰীয়া সন্তানক নৃশংস হত্যা
পুৱাই শিৱসাগৰ চহৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা
নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ মঙলবাৰে পুৱা শিৱসাগৰত সংঘটিত হয় এক লোমহর্ষক হত্যাকাণ্ড৷ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ গণকপট্টিৰ কৃষনগৰৰ সপ্তম শ্রেণীত অধ্যয়নৰত এটি তেৰ বছৰীয়া শিশুক মাতৃৰ অনুপস্থিতিত কোঠাৰ ভিতৰতেই অচিনাক্ত দুর্বৃত্তই হত্যা কৰি থৈ যোৱাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য৷ পুৱা চাহ খাই ডঠি মাতৃক যোগ কেন্দ্রলৈ আগবঢ়াই দিয়াৰ পিছতেই কোঠাৰ ভিতৰতেই দুর্বৃত্তৰ পৰিকল্পিত আক্রমণত নিহত হোৱা শিশুটিক কৃষনগৰ নিৱাসী প্রয়াত প্রণৱজ্যোতি কলিতা আৰু বন্দনা কলিতাৰ পুত্র প্রাচুর্যপ্রাণ কলিতা ওৰফে চনু বুলি জানিব পৰা গৈছে৷ পুৱা ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷ প্রাচুর্যপ্রাণ কলিতাক পকা মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰাৰ পিছত মাতৃয়ে ওচৰ–চুবুৰীয়া, বৰদেডতাকৰ সহযোগত স্থানীয় এখন চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ প্রাপ্ত বাতৰি মতে, ২০১৪ চনতে পিতৃহাৰা হোৱা প্রাচুর্যপ্রাণ কলিতা স্থানীয় গুৰুকুল একাডেমীত সপ্তম শ্রেণীত অধ্যয়ন কৰিছিল৷ স্বামীৰ অবর্তমানত মাতৃ বন্দনা কলিতাই গণকপট্টিতেই এখন দোকান খুলি প্রাচুর্য, প্রাচুর্যৰ ভগ্ণীসহ তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আহিছে৷ তদুপৰি প্রাচুর্যৰ পিতৃয়ে পুৰণি গৃহটোৰ কাষতে নির্মাণ কৰি থৈ যোৱা দুমহলীয়া ঘৰটোত তিনিটা পৰিয়াল ভাৰা লৈ আছে৷ অতি নির্জু আৰু অমায়িক প্রকৃতিৰ প্রাচুর্যই বিদ্যালয় বন্ধৰ সময়ছোৱাত পঢ়া–শুনা কৰি ঘৰতে নিজকে আবদ্ধ ৰাখিছিল৷
মঙলবাৰে পুৱা আন দিনাৰ দৰে মাতৃ আৰু একমাত্র ভগ্ণীয়ে ঘৰৰ সমীপতে থকা যোগ কেন্দ্রত যোগৰ প্রশিক্ষণৰ বাবে যোৱাৰ সময়ত ঘৰত থৈ গৈছিল প্রাচুর্যক৷ কিন্তু ৮ মান বজাত যোগ কেন্দ্রৰ পৰা মাতৃ–ভগ্ণী ডভতি অহাৰ পিছত কোঠাটোৰ ভিতৰত তলমুৱাকৈ পৰি আছিল প্রাচুর্য৷ মৃত প্রাচুর্যৰ ডিঙিত ক্ষত চিহ্ণ প্রত্যক্ষ কৰাৰ লগতে সোঁ কান্ধৰ তলত এক গভীৰ আঘাতৰ চিন প্রত্যক্ষ কৰা হৈছে৷ আৰক্ষীয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি প্রাচুর্যৰ কৃষনগৰৰ বাসগৃহত ডপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে৷ শিৱসাগৰ সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, সদৰ ডপ–আৰক্ষী অধীক্ষক, নগৰ ডপ–পৰিদর্শককে ধৰি এটা দলে মৃতদেহ ডদ্ধাৰ হোৱা কোঠাটোত অনুসন্ধান চলাই প্রাচুর্যই সঘনে ব্যৱহাৰ কৰা এটা ম’বাইল ফোন ভাঙি পৰি থকা, এটা হাতুৰী, এটা খণ্ড–বিখণ্ড মিক্সাৰ মেচিন আৰু আলমিৰাৰ তলত কেইখনমান দহ টকীয়া নোট ডদ্ধাৰ কৰে৷ আৰক্ষীয়ে ডদ্ধাৰকৃত আটাইকেইপদ সামগ্রী নিজৰ জিম্মাত লৈছে৷ ইফালে, এটা মধ্যবিত্ত অৱস্থাসম্পন্ন তিনিজনীয়া পৰিয়ালটোৰ তেৰ বছৰীয়া শিশুটিক কোনে কি ডদ্দেশ্যত এনে নৃশংসভাৱে হত্যা কৰিলে, তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ইতিমধ্যে প্রাচুর্যৰ মাতৃক শিৱসাগৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ সদৰ থানাত সোধা–পোছা কৰিছে৷ সমগ্র জিলাখনতেই চাঞ্চল্য সৃষ্টি কৰা এই ঘটনাৰ আঁৰৰ কাহিনী এই মুহূর্তত ৰহস্যৰ আৱর্তত আছে৷ প্রশ্ণ উঠিছে– ঘাতকে প্রাচুর্যৰ ম’বাইল ফোনটো ভাঙিলে কিয়?