নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ অসমত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ ভেটি সুদৃঢ় কৰাৰ স্বার্থত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদক সহযোগিতা আগবঢ়াব অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷ আজি মহানগৰীৰ চানমাৰিত সংগঠনটোৰ কেন্দ্রীয় কার্যালয়ৰ উদ্বোধনী অনুষ্ঠানত এই মন্তব্য কৰে যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে৷ নতুন দল গঠনৰ প্রসংগত তেওঁ কয় যে ২০২১ চনৰ নির্বাচনত অসমত জাতীয়তাবাদ প্রতিষ্ঠা কৰিব লাগিব৷ আঞ্চলিকতাবাদ প্রতিষ্ঠা কৰি সাম্প্রদায়িক শক্তিসমূহক ৰাজ্যৰ পৰা ওফৰাই পেলাব লাগিব অন্যথা অসমীয়া জাতি কেতিয়াও বাচি নাথাকিব৷ জাতিটোক বচাই ৰাখিবলৈ হ’লে সমাগত নির্বাচনত সাম্প্রদায়িকতাবাদক বিদায় দি অসমত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ ভেটি সুদৃঢ় কৰি তুলিব লাগিব৷ ইয়াৰ বাবেই অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে সহযোগিতা আগবঢ়াই যাব৷ সংবাদ মাধ্যমৰ আগত পলাশ চাংমায়ে লগতে কয় যে আছুৱে ৰাজনৈতিক চৰিত্র হেৰুৱাইছে বুলি কোৱাৰ নৈতিক অধিকাৰ ভাৰতীয় জনতা পার্টীৰ নাই৷ অসম গণ পৰিষদ, কংগ্রেছ আৰু বিজেপিয়ে জাতিটোক বিশ্বাসঘাতকতা কৰিছে বাবেই আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে কথাবোৰ নতুনকৈ ভাবিবলগীয়া হৈছে৷ এই দলকেইটাই অসমৰ মানুহক প্রতাৰণা, বিশ্বাসঘাতকতা কৰিছে৷ এই প্রতাৰণাৰ যৱনিকা পেলাব লাগিব৷ অসমত এক সুস্থ ৰাজনৈতিক বাতাৱৰণ গঢ়ি তোলাৰ আহ্বান জনাই যুৱ–ছাত্র পৰিষদৰ নেতাগৰাকীয়ে কয়, ‘অসমত এক সুস্থ ৰাজনৈতিক বাতাৱৰণ সৃষ্টি কৰিবলৈ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে আহ্বান জনাই আহিছে৷ এক আদর্শগত ৰাজনীতি প্রতিষ্ঠা কৰাটো সময়ৰ আহ্বান৷’ উল্লেখ্য যে মহানগৰীৰ চানমাৰিত আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নৱনির্মিত কার্যালয়টোৰ শুভ উদ্বোধন কৰা হয়৷ বিশিষ্ট লেখিকা ৰীতা চৌধুৰী, সাংস্কৃতিক কর্মী পৃথ্বিৰাজ ৰাভাই উদ্বোধন কৰা কার্যালয়টোক বিষ্ণু ৰাভা ভৱন হিচাপে নামকৰণ কৰা হৈছে৷ অনুষ্ঠানত সংগঠনটোৰ সভাপতি ৰাণাপ্রতাপ বৰুৱাও উপস্থিত থাকে৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বই আজি ঘোষণা কৰে যে বিগত ৪০ বছৰে যুৱ–ছাত্র পৰিষদে দ্বি–নাগৰিকত্ব, পূর্ণ স্বায়ত্তশাসন প্রদান আৰু আন্তঃৰাজ্যিক পাৰপত্র প্রদানৰ দাবী উত্থাপন কৰি আহিছে৷ এই দাবীত সংগঠনটো অটল থাকিব আৰু অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰিবলৈ কার্যসূচী গ্রহণ কৰি যাব৷