জার্ছী সলনিৰ আনন্দ
একোটা ফুটবল দলৰ খেলুৱৈয়ে দলটোৰ সহায়–সহযোগিতা আৰু পৃষ্ঠপোষকতাৰে খেলপথাৰত জিলিকি উঠে আৰু সেই ঔজ্জ্বল্যৰ বাবেই তেওঁলৈ আন দলৰ পৰা আমন্ত্রণ আহে৷ নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰি সেইমতে খেলুৱৈবোৰে দল সলনি কৰে৷ ক্রীডা সাংবাদিকে তাকেই জার্ছী সলনি আখ্যা দিয়ে৷ এই দল সলনিত দলে কি দিলে তাৰ তুলনাত নিজৰ কি সুবিধা হ’ব সেই কথাই প্রাধান্য লাভ কৰে৷ চৌখিন খেলুৱৈৰ ক্ষেত্রত দলটোৰ প্রতি একধৰণৰ আৱেগিক আত্মীয়তা থকাৰ কথা আহিব পাৰে, কিন্তু খেলক কেৰিয়াৰ হিচাপে লোৱাসকলৰ বাবে তেওঁ দলটোৰ প্রতি আগবঢ়োৱা সেৱাৰ মূল্যায়নহে আচল কথা৷ যিকোনো কেৰিয়াৰৰ ক্ষেত্রতে এই কথাটো সত্য৷ ৰাজনীতিতো এই কথা সত্য৷ স্বাধীনতাৰ আগৰ কংগ্রেছ আছিল এটা মিছন, স্বাধীনতাৰ পাছৰ কংগ্রেছ হ’ল দেশৰ শাসনত থকা এটা ৰাজনৈতিক দল৷ যিসকলে ৰাজনীতিক নিজৰ জীৱিকা হিচাপে গ্রহণ কৰিছে, সেইসকল লোকে উন্নত জীৱিকা বা স্থিৰতাৰ আশাত অধিক সফল ৰাজনৈতিক দললৈ যোৱাটো অতি স্বাভাৱিক কথা৷ ৰাজনৈতিক আদর্শৰ কথা ইয়াত গৌণ আৰু অন্য ধৰণেও ক’ব পৰা যায় যে পৰিৱর্তিত সময় আৰু ৰাইজৰ আশা–আকাংক্ষাৰ বাবে ৰাজনৈতিক দল সলনি কৰাটো জৰুৰী৷ এই দল সলনি প্রক্রিয়া ভাৰতীয় ৰাজনীতিত নতুন কথা নহয়৷ ভাৰতৰ স্বাধীনতাক মিছা বুলি কোৱা কমিউনিষ্ট কর্মী বিষ্ণুপ্রসাদ ৰাভায়ো তেওঁৰ দলৰ পৰা সুবিধা নাপাই নির্দলীয়ভাৱেই সংসদীয় ৰাজনীতিত প্রৱেশ কৰিছিল আৰু এম এল এ হৈছিল৷ জৰুৰীকালীন অৱস্থাৰ সময়ত ইন্দিৰা গান্ধীৰ অন্ধ সমর্থক হৈ অসমত অত্যাচাৰৰ সেনাপতি হোৱা, সঞ্জয় গান্ধীক যুৱ কংগ্রেছৰ সভাপতি পতাৰ আর্হিৰে নিজ পুত্রক যুৱ কংগ্রেছৰ সভাপতি পতা শৰৎ চন্দ্র সিংহয়ো কিন্তু ইন্দিৰা গান্ধীৰ লগ এৰি দি অন্য দল আৰম্ভ কৰিছিল৷ আন উদাহৰণো আছে, কংগ্রেছৰ দুর্দিনৰ সময়ত কিন্তু তৰুণ গগৈয়ে নিজৰ দল বাদ দিয়া নাছিল৷ এই দল বাদ দিয়া, নতুন দলত যোগ দিয়াটো নতুন কোম্পানীৰ চাকৰিত যোগ দিয়াৰ দৰেই কথা৷ ‘কা’ আন্দোলনৰ সময়ত চানমাৰি ফিল্ডৰ জনসমাগম দেখি যতীন বৰাই বিজেপিৰ পৰা গৈ আন্দোলনত যোগ দিছিল আৰু তাতো বিশেষ লাভ নেদেখি পুনৰ বিজেপিলৈ উভতি গৈছিল, কিন্তু এৰি থৈ অহা আসনখনত বহাৰ সুবিধা নাপালে৷
দল সলনি কৰা বা দল বাগৰা কামটোত ব্যক্তিগৰাকীয়ে নিজৰ যোগ্যতা অনুসৰি কাম বা স্থান লাভ কৰে৷ অসমৰ নির্বাচন অহাৰ লগে লগে ৰাজনৈতিক দলৰ জার্ছী সলনি কৰা প্রতিক্রিয়া আৰম্ভ হৈ গৈছে৷ শেহতীয়াভাৱে কংগ্রেছৰ প্রভাৱশালী মন্ত্রী অজন্তা নেওগ গৈ বিজেপিত যোগ দিয়াৰ কথাই সংবাদ মাধ্যমত স্থান দখল কৰিছে৷ কিন্তু কথা হ’ল তেনেদৰে হঠাৎ আহি ওলোৱা নেতাক যদি নির্বাচনত টিকট নিয়া হয়, জিকিলে মন্ত্রী বা তেনেকুৱা আসন দিয়া হয়, সেই কামবোৰে কিন্তু তৃণমূল পর্যায়ৰ কিছু কর্ম্ৰ মাজত অসন্তুষ্টিৰো সৃষ্টি কৰে৷ বিশেষকৈ টিকটৰ বাবে আশা কৰি দীর্ঘদিন ধৰি দলৰ সেৱা কৰি থকা লোকসকল আৰু তেওঁলোকৰ সহযোগীসকল নিৰাশ হয়৷ এই কথাটো সকলোৰে ক্ষেত্রত প্রযোজ্য৷ দীর্ঘদিন চাকৰি কৰি অৱসৰ লোৱা বা চাকৰি বাদ দি পাছত ৰাজনৈতিক দলত যোগ দিয়ে কিবা পোৱাৰ আশাত আৰু নাপালে দলটোকে বাদ দিয়ে৷ ৰিপুণ বৰাই চৰকাৰী চাকৰি বাদ দি ৰাজনীতিত যোগ দিছিল আৰু আশা কৰা মতেই প্রাপ্য আদায় কৰি লৈছে৷ আনফালে অদীপ কুমাৰ ফুকনে বেংকৰ চাকৰিৰ পৰা সাংবাদিকতা আৰু তাৰ পাছত বিজেপিত যোগ দিছিল, আৰু বিজেপিত সন্তুষ্ট নোহোৱাত এতিয়া নতুন দলত সন্মানীয় পদবীত যোগ দিছে৷ পাটাছাৰকুছিৰ পৰা এটা সময়ত ৰেকর্ড সংখ্যক ভোট লাভ কৰি বিজয়ী হোৱা পবিন্দ্র ডেকাই অগপ–কংগ্রেছ আদিৰ অভিজ্ঞতাৰে এতিয়া নতুন দল এটাত যোগ দিছে৷ কোম্পানীৰ চাকৰিত বহু ধৰণৰ কোম্পানীত কাম কৰাটো একধৰণৰ অভিজ্ঞতা বুলি গ্রহণ কৰাৰ দৰে ৰাজনীতিতো সেয়া অভিজ্ঞতাৰ শাৰীতেই পৰে যদিও সাধাৰণ ভোটাৰৰ মাজত তেওঁৰ বিশ্বাসযোগ্যতা কমি যায়৷ বিজেপিত যোগ দিয়া কংগ্রেছী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই আশা কৰা মতে মন্ত্রী পদ নোপোৱাটোৱে এটা কথাৰে ইংগিত দিয়ে যে বিজেপিত বিনিময় প্রথা প্রায় অচল, আপুনি লাইনত থিয় হওক৷ হয়তো এই উদাহৰণেই আন দলৰ পৰা বিজেপিলৈ আহিব বিচৰা বহুতৰ ইচ্ছা কিছু সীমিত কৰি দিছে৷ এতিয়া আৰু ৰাজধানীৰ স্থান সলনি কৰা সম্ভৱ নহয়, কিন্তু আন ডাঙৰ প্রতিষ্ঠান আদিৰ সংযোজনেৰে অসমৰ বিভিন্ন ঠাইৰ বিকাশ সাধন কৰিব পাৰি৷ ভাৰত চৰকাৰে শিক্ষাৰ দিশত গুৰুত্ব আৰোপ কৰিছে আৰু সর্বভাৰতীয় মানৰ বহু শিক্ষানুষ্ঠান খোলাৰ পৰিকল্পনা হাতত লৈছে৷ বহু শিক্ষানুষ্ঠানৰ শাখা অসমত আছে আৰু সেইবোৰ আছে ঘাইকৈ গুৱাহাটীত বা গুৱাহাটীৰ আশে–পাশে৷ অসমৰ বিভিন্ন ঠাইত তেনে ধৰণৰ একাধিক শিক্ষা প্রতিষ্ঠানৰ শাখা বা নতুন শিক্ষা প্রতিষ্ঠান স্থাপনৰ চেষ্টা হোৱা উচিত৷ নগাঁৱৰ পৰা আৰম্ভ কৰি অসমৰ পূর্ব সীমালৈকে এই বিশাল অঞ্চলত একো বিশেষ ডাঙৰ বা চকুত পৰা প্রতিষ্ঠান গঢ় লৈ উঠা নাই৷ অসমভিত্তিক অনুষ্ঠান নহয়, এতিয়া অসমক প্রয়োজন সর্বভাৰতীয়ভিত্তিক প্রতিষ্ঠানৰ৷ ফ’ৰলেন হাইৱে, ৰে’লপথৰ ভাল ব্যৱস্থা আৰু পৰিকল্পিত হেলিকপ্ঢাৰ সেৱা আদিয়ে অসমৰ বিভিন্ন ঠাইৰ মাজৰ সংযোগ ব্যৱস্থা উন্নত কৰিছে৷ সমগ্র অসমৰ বিকাশ চাব বিচৰা চৰকাৰে গুৱাহাটীকেন্দ্রিক মানসিকতা বাদ দি অসমৰ বিকাশৰ বাবে এনেধৰণৰ কামো হাতত ল’ব লাগিব৷