নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত মহিলা–শিশুসহ ১৩ ৰহিংগ্যাক আটক

অসমত জাকে জাকে ৰহিংগ্যাৰ অনুপ্রৱেশ

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ অসমত ৰহিংগ্যা নাগৰিকৰ অনুপ্রৱেশ অব্যাহত আছে৷ চুবুৰীয়া বাংলাদেশৰ পৰা ৰহিংগ্যা নাগৰিকে ত্রিপুৰা হৈ জাকে জাকে অসমত অনুপ্রৱেশৰ প্রচেষ্টা চলাই আহিছে৷ ৰাজ্যখনৰ সীমান্ত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ চকুত ধূলি দি অসমত অবৈধভাৱে প্রৱেশ কৰিবলৈ আহি ইতিমধ্যে বহুসংখ্যক ৰহিংগ্যা লোক গ্রেপ্তাৰ হৈছে৷ এনেদৰে গোপনে অসমত প্রৱেশ কৰা ১৩জন ৰহিংগ্যা লোকক কালি কৰিমগঞ্জত আৰক্ষীয়ে আটক কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে ৰহিংগ্যাৰ দলটোৱে ত্রিপুৰাৰ পৰা এখন বাছেৰে গুৱাহাটী অভিমুখে আহি আছিল৷ কৰিমগঞ্জত নিয়মীয়া তালাচীৰ সময়ত সন্দেহবশতঃ সোধা–পোছা কৰাত ৰহিংগ্যাৰ দলটোৱে নিজৰ পৰিচয় দিয়াত আৰক্ষীয়ে আটাইকেইজন লোকক আটক কৰে৷ ৰহিংগ্যাৰ ১৩জনীয়া দলটোত মহিলা আৰু শিশুও আছে৷ আৰক্ষীয়ে এই দলটোৰ পৰা বাংলাদেশী আৰু ভাৰতীয় নোটকে ধৰি চাৰি হাজাৰ টকাৰ লগতে বাংলাদেশৰ কেইবাখনো ভুৱা আধাৰ কার্ড জব্দ কৰে৷ আটকাধীন ৰহিংগ্যা লোককেইজন বাংলাদেশৰ এজেণ্টৰ জৰিয়তে দেশখনৰ পৰা ত্রিপুৰাত প্রৱেশ কৰিছিল৷

You might also like