নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজন্তা নেওগ, ৰাজদীপ গোৱালা, বলেন্দ্ৰ মুছাহাৰীৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ আজি ভাৰতীয় জনতা পার্টীত (বিজেপি) যোগদান কৰিলে প্রাক্তন কংগ্রেছী মন্ত্রী অজন্তা নেওগ, বিধায়ক ৰাজদীপ গোৱালা আৰু বলেন্দ্ৰ মুছাহাৰীয়ে৷ ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত সভাপতি ৰঞ্জিত কুমাৰ দাস, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দলটোত যোগদান কৰে নেওগ, গোৱালা আৰু মুছাহাৰীয়ে৷

উল্লেখ্য যে দীর্ঘদিন ধৰি কংগ্রেছৰ অন্যতম শক্তিশালী নেত্রী অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি ৰাজনৈতিকভাৱে চর্চা লাভ কৰি আহিছিল৷ শেহতীয়াকৈ প্রাক্তন মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ পাছতে এই সম্ভাৱনা অধিক প্রকট হৈ পৰে৷ যোৱা ২৫ ডিচেম্বৰত তিনিদিনীয়া ভ্রমণসূচীৰে অসম ভ্রমণলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি এই কথা স্পষ্ট কৰিছিল অজন্তা নেওগে৷

অজন্তা নেওগসহ তিনিওগৰাকীৰ যোগদান সন্দৰ্ভত ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ‘আজিৰ দিনটো ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে এটা আনন্দৰ দিন। অসমৰ ৰাজনৈতিক জগতত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তিনিগৰাকী বিশিষ্ট ৰাজনৈতিক ব্যক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব আৰু আমাৰ দলৰ ওপৰত আস্থা ৰাখি আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। মই আশা কৰো আগন্তুক দিনত আমাৰ দলটোৰ আদৰ্শ ৰাইজৰ মাজত প্ৰসাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আমাক সহায় কৰিব।’

You might also like