নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ ডিচেম্বৰক লৈ কি নিয়ম বান্ধি দিলে মহানগৰ আৰক্ষীয়ে…

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ৩১ ডিচেম্বৰক লৈ কঠোৰ হৈছে মহানগৰ আৰক্ষী। উক্তদিনাৰ ক্ষেত্ৰত মহানগৰ প্ৰশাসনে বান্ধি দিছে কেটবোৰ নিয়ম। এই নিয়ম অনুযায়ী নিশা ১২ বজালৈ কেৱল অনুজ্ঞাপত্ৰ থকা বাৰহে খোলা ৰাখিব পাৰিব।

৫০ শতাংশতকৈ অধিক লোকৰ উপস্থিতিহে গ্ৰহণযোগ্য হ’ব বাৰ বা ৰেষ্টুৰেণ্টত। ইয়াৰ লগতে মাস্ক আৰু ছেনিটাইজাৰ বাধ্যতামূলক হ’ব। সুৰাপায়ীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব মহানগৰ আৰক্ষীয়ে।

উক্ত দিনা নিশা ঠায়ে ঠায়ে আৰক্ষীয়ে চলাব তালাচী। সুৰাপান কৰি নিশা গাড়ী নচলাবলৈ মহানগৰবাসীক অনুৰোধ জনাইছে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।গুপ্তাই লগতে জনাই যে যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব মহানগৰ আৰক্ষীয়ে। আনহাতে নিশা ১০ বজাৰ পিছত উচ্চস্তৰত কোনো মিউজিক বজাব নোৱাৰিব।

You might also like