নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ৰাজ্যৰ শিক্ষাখণ্ডত অচিৰেই সম্পন্ন হ’ব বৃহৎ নিযুক্তি৷ শিক্ষা বিভাগে ২৮,৩০৪টা পদত শিক্ষক নিযুক্তিৰ বাবে ইতিমধ্যে প্রক্রিয়া আৰম্ভ কৰিছে৷ আজি সদনত বিধায়ক নুৰুল হুদা আৰু ৰফিকুল ইছলামৰ লিখিত প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদৰী কৰা অনুসৰি, বর্তমান নিম্ন প্রাথমিক বিদ্যালয়ত ৫,৭৯৯টা, উচ্চ প্রাথমিক বিদ্যালয়ত ৪,২৯২টা, মাধ্যমিক বিদ্যালয়ত ১৪,২৪৩টা আৰু উচ্চতৰ মাধ্যমিকত ১,২৫৭টা বিষয় শিক্ষকৰ পদ খালী হৈ আছে৷ প্রাথমিক পর্যায়ত খালী হৈ থকা ১০,০৯১টা শিক্ষক পদৰ ভিতৰত ৯,৮৮২টা পদৰ নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে প্রকাশ কৰা বিজ্ঞাপনৰ বিপৰীতে বাছনিৰ বাবে প্রথম সাময়িক তালিকা ৱেবছাইটৰ জৰিয়তে প্রকাশ কৰা হৈছে৷ সেইদৰে প্রাথমিক শিক্ষা বিভাগৰ কার্যালয়সমূহত ৭৮টা তৃতীয়বর্গৰ পদ, ১৬১টা চতুর্থবর্গৰ পদ আৰু মুখ্য কার্যালয়ত ৩টা গাড়ীচালকৰ পদৰ নিযুক্তিৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্রকাশ কৰা হৈছে আৰু পৰৱর্তী পর্যায়ৰ ব্যৱস্থা গ্রহণ কৰি থকা হৈছে৷ একেদৰে বিদ্যালয়ত খালী হৈ থকা চতুর্থবর্গৰ চকীদাৰৰ ১,১৭৭টা পদ পূৰণৰ বাবে বিত্ত বিভাগৰ অনুমোদন বিচৰা হৈছে আৰু অনুমোদনসাপেক্ষে পৰৱর্তী পর্যায়ত নিযুক্তিৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ আনহাতে মাধ্যমিক পর্যায়ত খালী হৈ থকা ১৪,২৪৩টা পদৰ ভিতৰত ৫,৭৪৬টা পদৰ মকৰলৰ প্রক্রিয়া চলি আছে৷ বিষয় শিক্ষকৰ পদসমূহ পূৰণৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰি থকা হৈছে আৰু টেট পৰীক্ষাৰ ফলাফল প্রকাশৰ পিছত বাকী পদসমূহ পূৰণ কৰা হ’ব৷ ভেঞ্চাৰ প্রাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাদেশিকীকৰণৰ প্রসংগত তেওঁ কয় যে ‘দ্য আছাম ইডুকেচন (প্রভিন্সিয়েলাইজেচন অৱ ছার্ভিছেছ অৱ টিচার্ছ এণ্ড ৰি–র্গেনাইজেচন অৱ ইডুকেচনেল ইনষ্টিটিউচন্ছ) এক্ট ২০১৭’ অনুসৰি যোগ্য বিবেচিত শিক্ষানুষ্ঠানসমূহ চৰকাৰীকৰণৰ বাবে ৰাজ্যিক বাছনি কমিটীয়ে পুনৰীক্ষণৰ কাম কৰি আছে৷ পুনৰীক্ষণৰ কাম সম্পূর্ণ হোৱাৰ পিছত বিদ্যালয়সমূহ চৰকাৰীকৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হ’ব৷ নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ তথ্য সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা সংগ্রহ কৰি থকা হৈছে৷ ইয়াৰ বিপৰীতে তেনেধৰণৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হৈছে ১,১৯২খন আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হৈছে ২০৭খন৷ ইপিনে, বিধায়ক দেৱব্রত শইকীয়াৰ আন এক প্রশ্ণৰ উত্তৰত মন্ত্রী ড০ শর্মাই কয় যে ড্রপ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া চৰকাৰৰ উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ বিবেচনাধীন হৈ আছে৷ হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলক আৰ অ’ পিসহ দৰমহা প্রদান কৰা আৰু ৬০ বছৰলৈ চাকৰিৰ সুৰক্ষা সুনিশ্চিত কৰা হৈছে৷ একেদৰে ভুৱা পি এইচ ডি লৈ বহু শিক্ষকে বিভিন্ন মহাবিদ্যালয়ত কাম কৰি থকাৰ সম্পর্কত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই কৰা এক প্রশ্ণৰ উত্তৰত মন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে এই সন্দর্ভত কমিটী গঠন কৰিছে৷ তদন্ত কমিটীৰ প্রতিবেদনমর্মে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ বিভাগৰ নির্দেশ অনুসৰি অভিযুক্ত শিক্ষকসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ উক্ত শিক্ষকসকললৈ ইতিমধ্যে কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰা হৈছে আৰু উত্তৰসমূহ সংগ্রহ কৰা হৈছে৷ এইক্ষেত্রত বিভাগীয় গোচৰ ৰুজু কৰিবলৈ তদন্তকাৰী বিষয়া আৰু উপস্থাপনকাৰী বিষয়াৰ নিযুক্তিৰ পদক্ষেপ লোৱা হৈছে৷
ইপিনে, বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী ড০ শর্মাই কয় যে ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ নিয়ন্ত্রণ কৰাৰ বাবে এতিয়ালৈকে অসম চৰকাৰৰ শিক্ষা বিভাগে ‘দ্য আছাম নন–গৱর্নমেণ্ট ইডুকেচনেল ইনষ্টিটিউচন্ছ (ৰেগুলেচন এণ্ড মেনেজমেণ্ট) এক্ট ২০০৬’, ‘দ্য আছাম নন–গৱর্নমেণ্ট ইডুকেচনেল ইনষ্টিটিউচন্ছ (ৰেগুলেচন এণ্ড মেনেজমেণ্ট) ৰুল্ছ ২০০৭’, ‘দ্য আছাম নন–গৱর্নমেণ্ট ইডুকেচনেল ইনষ্টিটিউচন্ছ (ৰেগুলেচন অৱ ফীজ) এক্ট ২০১৮’ আৰু ‘দ্য আছাম নন–গৱর্নমেণ্ট ইডুকেচনেল ইনষ্টিটিউচন্ছ (ৰেগুলেচন অৱ ফীজ) ৰুল্ছ ২০২০’ আইন আৰু অধিনিয়মসমূহ প্রস্তুত কৰি কার্যব্যৱস্থা গ্রহণ কৰিছে৷ ‘দ্য আছাম নন–গৱর্নমেণ্ট ইডুকেচনেল ইনষ্টিটিউচন্ছ (ৰেগুলেচন এণ্ড মেনেজমেণ্ট) এক্ট ২০০৬’ৰ অধীনত যিকোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয় কর্তৃপক্ষই বিদ্যালয় খোলাৰ প্রাক্–নুমতিৰ বাবে নির্ধাৰিত প্র–পত্রযোগে সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগিব৷ আবেদন–পত্র লাভ কৰাৰ পিছত সংশ্লিষ্ট সঞ্চালকে যাৱতীয় তথ্যসমূহ অনুসন্ধান কৰি উপযুক্ত বিবেচিত কৰিলেহে উক্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে প্রাক্–নুমতি লাভ কৰিব৷ এই প্রাক্–নুমতি দুবছৰৰ বাবেহে প্রযোজ্য থাকিব৷ এই দুবছৰৰ ভিতৰত আবেদনকাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বিদ্যালয় স্থাপন কৰিব লাগিব আৰু সংশ্লিষ্ট সঞ্চালকৰ ওচৰত বিদ্যালয়খনে পঞ্জীয়ন কৰিব লাগিব৷ ‘দ্য আছাম নন–গৱর্নমেণ্ট ইডুকেচনেল ইনষ্টিটিউচন্ছ (ৰেগুলেচন অৱ ফীজ) এক্ট ২০১৮’ৰ অধীনত ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে ছাত্র–ছাত্রীসকলৰ বার্ষিক মাচুল (পৰিবহণ মাচুলৰ বাহিৰে) অসম চৰকাৰে ধার্য কৰা মাচুলতকৈ কম বা সম–পৰিমাণৰ মাচুল লোৱা ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক ‘ৰেহাই প্রমাণ–পত্র’ প্রদান কৰা হয়৷ নির্ধাৰিত মাচুলতকৈ অধিক মাচুল সংগ্রহ কৰিব বিচৰা বিদ্যালয়সমূহে মাচুলৰ যুক্তিযুক্ততা দর্শাই ফীজ ৰেগুলেটৰী কমিটীৰ ওচৰত আবেদন কৰিব লাগিব৷ উক্ত আইনসমূহ কার্যকৰী কৰাৰ বাবে মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ ক্ষেত্রত মাধ্যমিক শিক্ষা সঞ্চালকক অধ্যক্ষ, যুটীয়া মাধ্যমিক শিক্ষা সঞ্চালকক সদস্য সচিব, মাধ্যমিক শিক্ষা বিভাগৰ উপ–সচিব পর্যায়ৰ এজন বিষয়াক সদস্য আৰু ছেবা, মাধ্যমিক শিক্ষা সংসদৰ একোজনকৈ প্রতিনিধিক সদস্য হিচাপে নিয়োগ কৰা হৈছে৷ সেইদৰে প্রাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ ক্ষেত্রত প্রাথমিক শিক্ষা সঞ্চালকক অধ্যক্ষ, যুটীয়া প্রাথমিক শিক্ষা সঞ্চালকক সদস্য সচিব, প্রাথমিক শিক্ষা বিভাগৰ উপ–সচিব পর্যায়ৰ বিষয়াক সদস্য আৰু এছ চি ই আৰ টিৰ যুটীয়া সঞ্চালক পর্যায়ৰ এজন বিষয়াক সদস্য হিচাপে নিয়োগ কৰা হৈছে৷ তদুপৰি ‘দ্য আছাম নন–গৱর্নমেণ্ট ইডুকেচনেল ইনষ্টিটিউচন্ছ (ৰেগুলেচন অৱ ফীজ) এক্ট ২০১৮’ আইন কার্যকৰী কৰিবৰ বাবেও দুখন কমিটী গঠন কৰা হৈছে৷