গ্রন্থৰ সুবাস বিলাই প্রকাশন পৰিষদৰ গুৱাহাটী গ্রন্থমেলা আৰম্ভ
দিল্লী–কলকাতা–সম ১২০ গ্রন্থ বিপণীৰ যোগদান
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ গ্রন্থৰ সুবাস বিলাই অসম প্রকাশন পৰিষদৰ উদ্যোগত মহানগৰীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আজিৰে পৰা আৰম্ভ হ’ল ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলা৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হৈ তেওঁৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে বন্তি প্রজ্বলন কৰি আনুষ্ঠানিকভাৱে গ্রন্থমেলা উদ্বোধন কৰে৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি ত্রিপুৰাৰ প্রাক্তন ৰাজ্যপাল তথা বিশিষ্ট লেখক আৰু চিন্তাবিদ তথাগত ৰয়ে অসমীয়া আৰু বাংলা ভাষা–ভাষীৰ মিলা–প্রীতি ঐতিহাসিক বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয়– সাময়িক সংঘাত পাহৰি আমি নতুন চিন্তাৰে আগুৱাব লাগিব৷ অসমীয়া ভাষা বৰ মিঠা৷ অসমীয়া ভাষা মই বুজি পাওঁ, কিন্তু ক’ব নোৱাৰোঁ৷ অসম তথা উত্তৰ–পূর্বাঞ্চলত মোৰ শিপা আছে৷ অসমৰ সৈতে মোৰ শৈশৱৰ পৰা আত্মিক সম্পর্ক আছে৷ তেনেদৰে অসম আৰু পশ্চিমবংগৰ মাজতো এক আত্মিক সম্পর্ক আছে৷ পশ্চিবংগৰ মানুহে জনপ্রিয় শিল্পী ড০ ভূপেন হাজৰিকা আৰু শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ বিষয়ে জানে৷ প্রখ্যাত প্রাচীন শক্তিপীঠ কামাখ্যা মন্দিৰ ব্রহ্মপুত্রৰ সৌন্দর্যৰ লগতে ইয়াৰ আধ্যাত্মিক শক্তি কেৱল অসমৰে নহয়, ই ভাৰতবর্ষৰ ঐতিহ্য৷ এই ঐতিহ্যক দেশ–বিদেশে প্রতিষ্ঠা কৰা উচিত৷ অনুষ্ঠানত সাৰগর্ভ ভাষণ প্রদান কৰি তেওঁ প্রাচীন কামৰূপৰে পৰা ৰুদ্রসিংহৰ যুগলৈ, ব্রহ্মপুত্রৰ পৰা বৰাক উপত্যকালৈ উত্তৰ–পূর্বাঞ্চলৰ সৈতে থকা মহাভাৰতীয় প্রাচীন সম্পর্ক, বিভিন্ন ঐতিহাসিক দিশ তেওঁ নিজৰ ভাষণত বিশ্লেষণ কৰে৷ আনহাতে, ভাৰতবর্ষৰ বিভিন্ন ৰাজ্যৰ বহু মনীষীৰ বিষয়ে চর্চা হোৱা নাই বুলি উল্লেখ কৰি প্রাক্তন ৰাজ্যপাল ৰয়ে আশা প্রকাশ কৰে যে নতুন শিক্ষা নীতিয়ে নতুন প্রজন্মক এই বিষয়ে উচিত জ্ঞান প্রদান কৰিব৷ কাৰণ পশ্চিমবংগৰ নৱপ্রজন্মই যিদৰে ছেইক্সপীয়েৰৰ কথা জানে, কিন্তু অসমৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কথা নাজানে৷ সেইদৰে অসমৰ বহু নৱপ্রজন্মই পশ্চিমবংগৰ জ্যোতি বসুৰ নাম নাজানে৷ গ্রন্থই সদায় মানুহৰ জ্ঞানোদয় কৰি আহিছে৷ অনুষ্ঠানত তথাগত ৰয়ে অসম প্রকাশন পৰিষদৰ গুৱাহাটী গ্রন্থমেলাৰ সাফল্য কামনা কৰে উদ্বোধনী অনুষ্ঠানত৷
বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি অৰুণাচল প্রদেশ নিৱাসী বিশিষ্ট সাহিত্যিক, সাহিত্য অকাডেমি বঁটাপ্রাপক, পদ্মশ্রী য়েছে দৰজে ঠংচিয়ে কয়– প্রায় ৯ মাহৰ পাছত মোৰ প্রিয় চহৰ গুৱাহাটীলৈ আহি আনন্দ অনুভৱ কৰিছোঁ৷ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সকলোৱে নিজৰ নিজৰ ঘৰত সোমাই থাকিবলগীয়া হৈছিল যদিও গুৱাহাটী গ্রন্থমেলাই গ্রন্থপ্রেমী, প্রকাশক আৰু বিক্রেতাসকলক একত্রিত হোৱাৰ সুযোগ প্রদান কৰিলে৷ ইয়াৰ বাবে মই ৰাজ্য চৰকাৰৰ লগতে অসম প্রকাশন পৰিষদকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ ভাষণ প্রসংগত তেওঁ লগতে কয় যে ক’ৰোনাই বহু ক্ষেত্রলৈ অশনি সংকেত কঢ়িয়াই আনিছিল যদিও সমগ্র বিশ্বতে ক’ৰোনাৰ সময়ত কিতাপ পঢ়া মানুহৰ সংখ্যা বৃদ্ধি পোৱা বুলি ছ’চিয়েল মিডিয়াত তথ্য প্রকাশ পাইছে৷ বিপদকালত এই খবৰে এক ইতিবাচক বার্তা কঢ়িয়াই আনিছে৷ বিশেষকৈ ক’ৰোনা মহামাৰীৰ সময়ত বহু মানুহে এমাজন, ফ্লিপকার্ট আদিৰ জৰিয়তে গ্রন্থ ক্রয় কৰি পঢ়িছে৷ এয়া এক যোগাত্মক দিশ৷ যোৱা সময়ছোৱাত লেখকসকলেও সৃষ্টিৰ বাবে অফুৰন্ত সময় পালে৷ আনহাতে, নতুন প্রজন্মৰ একাংশই এই সময়ছোৱাত লিখা–মেলাত মনোনিৱেশ কৰিছে৷ ক’ৰোনা কালৰ এই কথাই প্রমাণ কৰিছে যে সাহিত্য কোনো কালে থমকি নৰয়৷ অৰুণাচলৰ অসমীয়া ভাষাৰ সাহিত্যিক য়েছে দৰজে ঠংচিৰ অগ্রজ লুম্মেৰ দাইৰ সমগ্র ৰচনাৱলী আজি গ্রন্থমেলাত উন্মোচন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছে বুলিও তেওঁ ব্যক্ত কৰে৷ লুম্মেৰ দাইৰ সাহিত্য জীৱনত অসম প্রকাশন পৰিষদৰ বিশেষ অৰিহণা আছে বুলি উল্লেখ কৰি তেওঁ কয়– সমগ্র ৰচনাৰাজি অসম প্রকাশন পৰিষদে প্রকাশ কৰি উলিওৱাৰ পদক্ষেপে লুম্মেৰ দাইক এক অমৰ স্থানত অধিষ্ঠিত কৰিলে৷ লগতে গুৱাহাটী গ্রন্থমেলাই অসমক পুনৰুজ্জীৱিত কৰাৰ লগতে প্রতিগৰাকী অসমীয়াৰ মনত প্রাণৰ সঞ্চাৰ কৰিলে বুলি বিশিষ্ট অসমীয়া ভাষাৰ সাহিত্যিকগৰাকীয়ে মন্তব্য কৰে৷
আনহাতে, গ্রন্থমেলা বন্তি প্রজ্বলনেৰে উদ্বোধন কৰি মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে গ্রন্থক নিৰস মৰুভূমিৰ মৰুদ্যান বুলি অভিহিত কৰে৷ তেওঁ কয়– গ্রন্থই পৃথিৱীখনক জীপাল কৰি ৰাখিছে৷ গ্রন্থই আমাক চিন্তা আৰু জ্ঞান দিয়ে৷ গ্রন্থৰ শক্তি অস্ত্রতকৈ বহু বেছি৷ ক’ৰোনাই স্তব্ধ কৰা বন্ধ দুৱাৰ গুৱাহাটী গ্রন্থমেলাই খুলি দিলে৷ গ্রন্থৰ মাজেদি মানুহৰ বৌদ্ধিক আৰু মনন জগত শক্তিশালী হয়৷ শিশুসকলৰ মাজতো গ্রন্থৰ প্রতি আকর্ষণ জগাই তোলাৰ উদ্যোগ সকলোৱে লোৱা উচিত৷ শিশুসকলক যদি কোমল বয়সতে গ্রন্থৰ প্রতি আগ্রহ বৃদ্ধি কৰিব পৰা নাযায়, তেতিয়াহ’লে ভৱিষ্যতে গ্রন্থৰ পাঠকৰ সংখ্যা হ্রাস পাব৷ উঠি অহা প্রজন্ম যাতে আওবাটে নাযায়, তাৰ বাবে ভাল গ্রন্থ পঢ়োৱাৰ উদ্যোগ ল’ব লাগিব৷ সংঘাত নহয়, কেৱল সমন্বয়ৰ মাজেৰে অসম মাতৃৰ মান–ভিমান উজলোৱাৰ বাবে সকলোৱে সন্মিলিতভাৱে কাম কৰা উচিত৷ ক’ৰোনা সংকটৰ সময়তো অসম প্রকাশন পৰিষদে প্রায় ৪০খন গ্রন্থ প্রকাশ কৰি উলিওৱাৰ বাবে প্রকাশন পৰিষদক হূষীকেশ গোস্বামীয়ে ধন্যবাদ জনায়৷ অনুষ্ঠানত ২০১৯ আৰু ২০২০ বর্ষৰ বাবে অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্রদান কৰা হয়৷ ২০১৯ বর্ষৰ বাবে এই বঁটা বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক ড০ থানেশ্বৰ শর্মাক প্রদান কৰা হয়৷
আনহাতে, শাৰীৰিক অসুস্থতাৰ বাবে ২০২০ বর্ষৰ জীৱনজোৰা সাধনা বঁটা গ্রহণ কৰিব নোৱাৰিলে বিশিষ্ট ভাষাবিদ, সাহিত্যিক, পণ্ডিত ড০ ৰমেশ পাঠকে৷ প্রকাশন পৰিষদে ড০ পাঠকৰ আশু আৰোগ্য কামনা কৰি বঁটাটি তেওঁৰ ঘৰতে প্রদান কৰা হ’ব বুলি সদৰী কৰে৷ এই বঁটাত আছে অংগবস্ত্র, প্রশস্তিপত্র, গ্রন্থৰ টোপোলা আৰু ২ লাখকৈ টকাৰ চেক৷ বঁটা গ্রহণ কৰি অনুষ্ঠানত ড০ থানেশ্বৰ শর্মাই ভাষণ প্রদান কৰি নিজৰ অনুভৱ ব্যক্ত কৰি গ্রন্থমেলাৰ লেখক, প্রকাশক, বিক্রেতা আৰু পঢ়ুৱৈ সকলোকে উপকৃত কৰে৷ এই বঁটাৰ বাবে তেওঁক মনোনীত কৰাত প্রকাশন পৰিষদক ধন্যবাদ জনায়৷ ইয়াৰ পূর্বে প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰে৷ তেওঁ কয় যে ১৯৯৮ চনত গঠন হোৱা অসম প্রকাশন পৰিষদে ১৯৯৪ চনৰ পৰা গ্রন্থমেলা পাতি আহিছে৷ এইবাৰ প্রকাশক তথা গ্রন্থ বিক্রেতা প্রতিষ্ঠানক সকাহ দিয়াৰ বাবে পূর্বতকৈ ১০ শতাংশ ভাৰা হ্রাস কৰা হৈছে৷ অসম প্রকাশন পৰিষদৰ ইতিমধ্যে এখন শ্রব্য অভিধানৰ কাম ৯০ শতাংশ সম্পূর্ণ হোৱাৰ পথত আৰু বাণীকান্ত অসমীয়া ইউনিকোড ফণ্টৰ কামো প্রায় সম্পূর্ণ হৈছে৷ এই সময়ছোৱাত ৩৯খন নতুন গ্রন্থ আৰু ৪১খন আপুৰুগীয়া গ্রন্থ পুনৰ মুদ্রণ কৰিছে৷ পৰিষদে মুঠ ৪০খন গ্রন্থ প্রকাশ কৰিছে৷ গ্রন্থ উদ্যোগক প্রেৰণা দিয়াৰ উদ্দেশ্যে আজি ইয়াৰে ১২খন গ্রন্থ উন্মোচন কৰা হয়৷ উল্লেখ্য যে অনুষ্ঠানত উন্মোচন কৰা ১২খন গ্রন্থৰ ভিতৰত আছে ড০ ডম্বৰুধৰ নাথ সম্পাদিত অনিৰুদ্ধদেৱ ৰচনাৱলী, ড০ সদানন্দ পায়েং সম্পাদিত অই নিঃতম, বিপুলজ্যোতি শইকীয়া সম্পাদিত হীৰেন ভট্টাচার্যৰ ৰচনাৱলী, জয়ন্ত মাধৱ বৰা সম্পাদিত লুম্মেৰ দাই ৰচনাৱলী, ড০ গোবিন্দ প্রসাদ শর্মাৰ সম্পাদিত ৰজনীকান্ত বৰদলৈ ৰচনাৱলী, ড০ উপেন ৰাভা হাকাচাম সম্পাদিত বিবাৰ বাদুংদুপ্পা বিৰতা, তিলক চন্দ্র মজুমদাৰে প্রণয়ন কৰা বৰগীত, মান্না সিং ব্রহ্ম আৰু মাধৱীলতা ৰামচিয়াৰীৰ বড়ো ভাষালৈ অনুবাদ কৰা খনচাইনাই ৰাইথাই বিদান, ড০ উপেন ৰাভা হাকাচাম সম্পাদিত ৰাভা খুত্রাইছিনি খুৰাংচি, প্রয়াত ভগগিৰি ৰায়চৌধুৰীৰ অম্বিকাগিৰিৰ সংগ্রাম আৰু সাৰত্বত সাধনা, অতুল চন্দ্র হাজৰিকাৰ নৰকাসুৰ নাটকৰ ড০ দীপক কুমাই শর্মাই সংস্কৃতলৈ অনুবাদ কৰা নৰকাসুৰম আৰু গীতা ভৰালীয়ে অনুবাদ কৰা ৰবীন্দ্র নাথৰ এমুঠি গ্রন্থ৷ অনুষ্ঠানত শিক্ষা বিভাগৰ সচিব দীপক মজুমদাৰকে ধৰি অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷ অনুষ্ঠানত অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই শলাগৰ শৰাই আগবঢ়ায়৷ সন্ধিয়া গ্রন্থমেলাৰ বাকৰিত আয়োজন কৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত নলবাৰীৰ বর্ণালী ডেন্স একাডেমীয়ে পৰিৱেশন কৰা নৃত্যানুষ্ঠানে দর্শকক মুগ্ধ কৰে৷ এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মিচিং আগাম কেবাঙৰ সভাপতি গোবিন্দ টাইদে৷ ইফালে গ্রন্থমেলাত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দুখন গ্রন্থ মোৰ প্রিয় দেশবাসী আৰু আইলৈৰ চিঠি উন্মোচন কৰে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে৷আজি প্রথম দিনাই গ্রন্থমেলাৰ বাকৰিত পৰিলক্ষিত হয় গ্রন্থ ক্রেতা আৰু দর্শকৰ আশাব্যঞ্জক ভিৰ৷