নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ আগন্তুক নির্বাচনক লক্ষ্য কৰি যোৱা সময়ছোৱাত একাধিক দলীয় কার্যসূচীৰে ব্যস্ত হৈ পৰা আঞ্চলিক দল অগপই এইবাৰ পূর্বে ৰাইজক দেখুওৱা সপোনৰ পৰা আঁতৰি থাকিব৷ নৱবর্ষৰ প্রাকক্ষণত আজি সাংবাদিকৰ সৈতে হোৱা বার্তালাপত অতীতত কৰা ভুলৰ ক্ষমা বিচাৰি অতুল বৰাই ক’লে– ৰাইজক আমি আৰু সপোন নেদেখুৱাও৷ যুক্তি আৰু বাস্তৱক লৈ ৰাজনীতি কৰিম৷ অসমৰ হকে, অসমৰ সমস্যা সম্পর্কে মাত মাতি যাবলৈ আমি প্রতিশ্রুতিবদ্ধ৷ কোনো পেছাদাৰী শক্তিৰ পৃষ্ঠপোষকতাত অগপই ৰাজনীতি নকৰে৷ অসমৰ জনগণৰ চিন্তা–চেতনাই হ’ব অগপৰ ৰাজনীতিৰ আধাৰ৷ উল্লেখ্য যে বিজেপিৰ সৈতে মিত্রতা অটুট ৰখা অগপই এইবাৰ অধিক আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে মিত্রদলটোৰ ওপৰত হেঁচা অব্যাহত ৰাখিছে৷
১৯৮৫ চনৰ পৰা এতিয়ালৈ অগপই জয়লাভ কৰা সমষ্টিসমূহত দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে নামি পৰা অগপই শেহতীয়াকৈ বিশাল সভাৰে দলৰ শক্তি উমান দিবলৈ চেষ্টা কৰিছে৷ আজি এই প্রসংগতে অতুল বৰাই কয় অগপ দল আঞ্চলিকতাবাদৰ মূল স্তম্ভ৷ ৰাজ্যখনৰ সুৰক্ষাৰ স্বার্থত অগপ দলে প্রগতিশীল আঞ্চলিকতাবাদৰ লক্ষ্যৰে ৰাজ্যখনত বসবাস কৰা সকলো জাতি–জনগোষ্ঠী আৰু ধর্মাৱলম্বী লোকক একত্রিতভাৱে আগবঢ়াই নিবলৈ পদক্ষেপ গ্রহণ কৰিব৷ অগপই উন্নয়ন আৰু বিকাশৰ বাবে ৰাজনীতি কৰিছে৷ সমালোচনাৰ নামত উন্নয়ন স্তব্ধ কৰিব বিচৰা কোনো শক্তিয়েই অগপক লক্ষ্যভ্রষ্ট কৰিব নোৱাৰে৷ মিত্রতাৰ প্রসংগত আঞ্চলিক দলটোৰ সভাপতিগৰাকীয়ে কয় দেশৰ ৰাজনীতি হৈছে মিত্রতাৰ ৰাজনীতি৷ শেহতীয়াকৈ কেইবাটাও নির্বাচনে পুনৰ এই কথাকে প্রতিপন্ন কৰিছে৷ অগপ দলেও ৰাজনীতিক বিশ্বাস কৰে৷ আঞ্চলিকতাবাদী চৰিত্রত অটল থাকি অগপ দলে অহা নির্বাচনত নিজকে প্রতিষ্ঠা কৰিব৷ আজি সাংবাদিকৰ সৈতে হোৱা বার্তালাপত দলৰ কার্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্রী ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ৰমেন্দ্র নাৰায়ণ কলিতা, নুৰুল হুছেইন, বিধায়ক সত্যব্রত কলিতা, মনোজ শইকীয়া, হিৰণ্য কোঁৱৰ, উপ–সভাপতি দিলীপ পাটগিৰি আদিকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে৷