নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃভাষা অবিহনে অন্য ভাষাৰ জ্ঞান আহৰণ কৰা কষ্টকৰ

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ অসম আদর্শ জাতীয় শিক্ষা সংসদে বাস্তৱমুখী শিক্ষা প্রদানার্থে ‘অসম আদর্শ বিদ্যালয়’ প্রকল্পৰ জৰিয়তে মাতৃভাষাত ৰাষ্ট্রীয় শিক্ষানীতিৰ আধাৰত বুনিয়াদী স্তৰৰ পৰা পর্যায়ক্রমে উচ্চ পর্যায়লৈ এলানি ‘অসম আদর্শ বিদ্যালয়’ স্থাপন কৰিবলৈ পৰিকল্পনা গ্রহণ কৰিছে৷ ইতিমধ্যে ২০২০ চনত অসমৰ কেইবাখনো ঠাইত সংসদৰ পঞ্জীয়নত ৩–৫ বছৰীয়া শিশুৰ বাবে পৰীক্ষামূলক ভিত্তিত আদর্শ বিদ্যালয় স্থাপিত হৈছে৷ সমান্তৰালকৈ যাদুনগৰী মায়ঙৰ ঢ়েঁকীয়াবাৰীত প্রতিষ্ঠিত এই বিদ্যালয়খন প্রথম বার্ষিকী প্রতিষ্ঠা দিৱসটি  দিনজোৰা কার্যসূচীৰে পালন কৰা হয়৷ পুৱা পতাকা উত্তোলনেৰে প্রতিষ্ঠা দিৱসৰ কার্যসূচী মুকলি কৰে বিদ্যালয়ৰ অধ্যক্ষ জগন্নাথ ৰাজবংশীয়ে৷ ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱী, অসম আদর্শ জাতীয় শিক্ষা সংসদৰ অধ্যক্ষ ড০ পৰমানন্দ ৰাজবংশী, সচিব বশিষ্ঠ ৰাণাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ মুকলি সভাত ভাষণ প্রদান কৰি অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীয়ে কয় যে মাতৃভাষা অবিহনে অন্য ভাষাৰ জ্ঞান আহৰণ কৰিবলৈ কষ্টকৰ হয়৷ সেয়েহে শিক্ষাৰ প্রাৰম্ভিক পর্যায়ত মাতৃভাষাক সকলোৱে গুৰুত্ব দিয়া উচিত৷ উল্লেখ্য যে মুকলি সভাতে বিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে গীত–নৃত্যও প্রদর্শন কৰে৷

You might also like