পাকিস্তানত গ্রেপ্তাৰ মুম্বাই আক্রমণৰ মাষ্টাৰ মাইণ্ড লাখভী
নিয়মীয়া বার্তা, ৩ জানুৱাৰীঃ ভয়াৱহ মুম্বাই আক্রমণৰ মাষ্টাৰ মাইণ্ড লস্কৰ–ই–তৈবাৰ মুৰব্বী জাকি–উৰ–ৰেহমান লাখভীক পাকিস্তানত গ্রেপ্তাৰ কৰা হৈছে৷ সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা পাকিস্তানৰ পঞ্জাব প্রদেশৰ সন্ত্রাসবিৰোধী বিভাগে কালি মুম্বাই আক্রমণৰ মাষ্টাৰ মাইণ্ড এল ই টিৰ মুৰব্বী লাখভীক গ্রেপ্তাৰ কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷
পঞ্জাবৰ সন্ত্রাসবিৰোধী বিভাগে (চি টি ডি) প্রকাশ কৰা মতে, সন্ত্রাসবাদক পুঁজি যোগান ধৰাৰ অভিযোগত এল ই টিৰ কমাণ্ডাৰ লাখভীক গ্রেপ্তাৰ কৰা হৈছে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা ঘোষিত আন্তর্জাতিক সন্ত্রাসবাদী তথা ভাৰতৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী লাখভীক পঞ্জাব প্রদেশত গ্রেপ্তাৰ কৰা হৈছে৷
উল্লেখ্য যে ২৬/১১ মুম্বাই সন্ত্রাসবাদী আক্রমণৰ মাষ্টাৰ মাইণ্ড হিচাপে চিহ্ণিত হোৱাৰ পাছত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ প্রস্তাৱৰ অধীনত ২০০৮ চনত লাখভীক আন্তর্জাতিক সন্ত্রাসবাদী হিচাপে ঘোষণা কৰা হয়৷ ২০০৮ চনত পাকিস্তানৰ পৰা ভাৰত ভূমিত প্রৱেশ কৰি ১০ সশস্ত্র এল ই টিৰ সন্ত্রাসবাদীয়ে মুম্বাইৰ কেইবাটাও স্থানত ভয়াৱহ আক্রমণ চলোৱাত ১৬৬ লোকৰ প্রাণহানি হোৱাৰ লগতে তিনি শতাধিক লোক আহত হৈছিল৷
এই আক্রমণত জড়িত আজমল কাছভ নামৰ সন্ত্রাসবাদীটোক আক্রমণস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ মুম্বাই আক্রমণৰ লগত জড়িত আজমল কাছভৰ পৰিয়ালক এল ই টিৰ মুৰব্বী লাখভীয়ে কেইবাহাজাৰ লাখ টকা উপহাৰ হিচাপে আগবঢ়োৱাৰ তথ্য ভাৰত চৰকাৰে লাভ কৰিবলৈ সক্ষম হৈছিল৷
ইয়াৰ পাছতে ২০০৮ চনৰ ৩ ডিচেম্বৰত ২৬/১১ মুম্বাই আক্রমণৰ মাষ্টাৰ মাইণ্ড হিচাপে লাখভীক ঘোষণা কৰে ভাৰতে৷ উল্লেখ্য যে পাকিস্তান চৰকাৰে লাখভীক গ্রেপ্তাৰ কৰি ছবছৰ কাৰাগাৰত ৰাখে যদিও ২০১৫ চনৰ এপ্রিল মাহত মুকলি কৰি দিয়ে৷ সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰা পাকিস্তানে সন্ত্রাসবাদক পুঁজি নিৰীক্ষণ সংস্থা ফাইনেন্সিয়েল একচন টাস্ক ফ’র্চে (এফ এ টি এফ) গ্রে–লিষ্টত অন্তর্ভুক্ত কৰাৰ পাছতে পাকিস্তানে বিশ্ব নেতৃত্বক আভুৱা–ভাঁৰিবলৈ সন্ত্রাসবাদী সংগঠনৰ শীর্ষ কমাণ্ডাৰক গ্রেপ্তাৰ কৰে আৰু মুকলি কৰি দিয়ে৷ পঞ্জাব প্রদেশত সন্ত্রাসবিৰোধী বিভাগে গ্রেপ্তাৰ কৰা এল এ টিৰ মুৰব্বী লাখভীও হয়তো এনে দুমুখীয়া নীতিৰেই এক অংশ হ’ব পাৰে বুলি চর্চিত হৈছে৷