জানুৱাৰীৰ ভিতৰত দেশত আৰম্ভ হ’ব বিনামূলীয়াকৈ ক’ভিড ভেকচিন
নিয়মীয়া বার্তা, ৩ জানুৱাৰীঃ অৱশেষত দুৱাৰডলিত সেই ক্ষণটি৷ যিটো ক্ষণৰ বাবে উৎকণ্ঠাৰে বাট চাই আছে ঘাতক ক’ভিড–১৯ক লৈ শংকিত দেশবাসী৷ ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই অনুমতি জনালেই দেশজুৰি আৰম্ভ হ’ব গণ টিকাকৰণ৷ এক কোটিতকৈ অধিক লোক আক্রান্ত আৰু ডেৰ লক্ষাধিক লোকে প্রাণ হেৰুওৱা মহামাৰী ক’ভিড–১৯ক প্রতিহত কৰাৰ বাবেই জানুৱাৰীৰ ভিতৰতে আৰম্ভ হ’ব গণ টিকাকৰণ৷
কেন্দ্রীয় চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীয়ে জৰুৰীকালীনভাৱে এষ্ট্রাজেনেকা– অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিকশিত ভাৰতত মানৱ দেহত পৰীক্ষণ আৰু উৎপাদনৰ দায়িত্বত থকা ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ক’ভিড–১৯ প্রতিষেধক ‘ক’ভিশ্বিল্ড’ক অনুমোদন জনোৱাৰ পাছত এতিয়া অপেক্ষা মাথোঁ ডি চি ডি আইৰ অনুমতিক লৈ৷
২০২১ বর্ষৰ প্রাৰম্ভতে ক’ভিড প্রতিষেধক দেশজুৰি প্রদান কৰা হ’ব বুলি ঘোষণা কৰা অনুসৰিয়েই কেন্দ্রীয় চৰকাৰে পর্যায়ক্রমে এই টিকাকৰণৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ আজিৰে পৰা দেশজুৰি ক’ভিড–১৯ প্রতিষেধক প্রদানৰ আখৰা আৰম্ভ কৰিছে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে কালি নতুন দিল্লীৰ দৰিয়াগঞ্জৰ প্রসূতি আৰু শিশু কল্যাণ কেন্দ্রত ক’ভিড–১৯ প্রতিষেধক প্রদানৰ আখৰাৰ বুজ লয়৷
শীর্ষ বিষয়াৰ সূত্রত প্রকাশ পোৱা মতে, ৬ জানুৱাৰীৰ পৰা দেশজুৰি গণ টিকাকৰণ প্রক্রিয়া আৰম্ভ কৰিব৷ তদুপৰি কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীয়ে দিল্লীতেই নহয়, সমগ্র দেশতেই প্রথম পর্যায়ত ক’ভিড–১৯ প্রতিষেধক বিনামূলীয়াকৈ প্রদান কৰা হ’ব বুলি ঘোষণা কৰে৷ প্রথম পর্যায়ত ক’ভিড–১৯ প্রতিষেধক প্রদান কৰা হ’ব স্বাস্থ্যকর্মীক৷ দেশজুৰি ক’ভিড–১৯ৰ যুঁজত সেৱা আগবঢ়াই থকা চৰকাৰী আৰু বেচৰকাৰী স্বাস্থ্যকর্মীক প্রথমতে এই প্রতিষেধক প্রদান কৰা হ’ব৷ এক কোটি স্বাস্থ্যকর্মীক প্রতিষেধক প্রদান কৰাৰ লগতে দুই কোটি ক’ভিড–১৯ৰ অগ্রণী যোদ্ধাক এই প্রতিষেধক প্রদান কৰিব৷
দুই কোটি ক’ভিড যোদ্ধাৰ ভিতৰত চিকিৎসা সেৱাৰ সৈতে জড়িত আৰু অত্যাৱশ্যকীয় সেৱাত জড়িত কর্মীক প্রতিষেধক প্রদান কৰা হ’ব৷ তদুপৰি জুলাই মাহলৈকে ২৭ কোটি হিতাধিকাৰীক ভেকচিন প্রদান কৰা হ’ব৷ মন কৰিবলগীয়া যে প্রথম পর্যায়ত স্বাস্থ্যকর্মীকে ধৰি অগ্রণী যোদ্ধাৰ পাছত ৫০ বছৰ ঊর্ধ্বৰ লোকৰ লগতে বহু ৰোগত আক্রান্ত লোকক প্রতিষেধক প্রদান কৰা হ’ব৷
উল্লেখ্য যে এষ্ট্রাজেনেকা–অক্সফ’ৰ্ডৰ ক’ভিড–১৯ প্রতিষেধক ক’ভিশ্বিল্ড ইতিমধ্যে গ্রেট ব্রিটেইন, আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি বিশ্বৰ কেইবাখনো দেশত জৰুৰীকালীনভাৱে প্রদান কৰি আহিছে৷ বিশ্বৰ প্রথম দেশ হিচাপে গ্রেট ব্রিটেইনত ক’ভিশ্বিল্ডৰ গণ টিকাকৰণ প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতেই আমেৰিকাকে ধৰি কেইবাখনো দেশে এই ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ কৰিছে৷ ভাৰতেও ফলপ্রসূ আৰু সুৰক্ষিত ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড জৰুৰীকালীনভাৱে ব্যৱহাৰৰ প্রক্রিয়া আৰম্ভ কৰিছে৷