আমেৰিকাৰ মর্নিং কনছাল্টৰ সমীক্ষাঃ বিশ্ব নেতাৰ শীর্ষস্থানত প্রধানমন্ত্রী মোদী
নিয়মীয়া বার্তা, ৩ জানুৱাৰীঃ ক’ৰোনা ভাইৰাছসৃষ্ট কঠিন সময় আৰু বিভিন্ন বিষয়ত দেশক সবল নেতৃত্ব প্রদান কৰাৰ ক্ষেত্রত চৰকাৰৰ মুৰব্বীৰ ৰূপত বিশ্বৰ শীর্ষস্থানত প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ আমেৰিকা যুক্তৰাষ্ট্রৰ এক সংস্থা ‘মর্নিং কনছাল্ট’ৰ সমীক্ষাত বিশ্বৰ আন দেশৰ নেতৃত্বক পিছ পেলাই ৫৫ শতাংশৰে কঠিন সময়ত দেশক নেতৃত্ব দিয়া চৰকাৰৰ মুৰব্বী হিচাপে শীর্ষস্থান লাভ কৰিছে প্রধানমন্ত্রী মোদীয়ে৷
মর্নিং কনছাল্টৰ তথ্য অনুসৰি ক’ৰোনাসৃষ্ট পৰিৱেশ আৰু বিভিন্ন বিষয়ত সঠিক নেতৃত্ব দিয়াৰ বাবে ৭৫ শতাংশ লোকে প্রধানমন্ত্রী মোদীক সমর্থন কৰাৰ বিপৰীতে ২০ শতাংশই অসন্মত প্রদান কৰিছে৷ অর্থাৎ গড় হিচাপত প্রধানমন্ত্রী মোদীয়ে ৫৫ শতাংশ ৰেটিং লাভ কৰিছে৷ আমেৰিকাৰ মর্নিং কনছাল্টৰ সমীক্ষাত বিশ্ব নেতৃত্বক পিছ পেলাই কঠিন সময়ত নেতৃত্ব দিয়া প্রধানমন্ত্রী মোদীয়ে শীর্ষস্থান লাভ কৰা বিষয়টোক লৈ সন্তুষ্টি ব্যক্ত কৰিছে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷
ৰাষ্ট্রীয় সভাপতি নাড্ডাই টুইটত কয় প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখন শাসনলৈ অহাৰ পাছৰে পৰা চৰকাৰখনক জনতাই আস্থাত লৈছে আৰু দেশক বিশ্বাসত লৈ চৰকাৰখনে উন্নয়নৰ সঠিক দিশেৰে আগবাঢ়ি গৈ আছে৷ দেশৰ সকলো জাতি–জনজাতি, ধর্ম–সম্প্রদায়ৰ লোকে প্রধানমন্ত্রী মোদীক আঁকোৱালি লৈছে আৰু বৈচিত্র্যৰ মাজত ঐক্য দেশখনক সঠিক দিশেৰে আগবঢ়াই নিয়াৰ বাবে মোদীক আন্তর্জাতিক পর্যায়ত ভূয়সী প্রশংসা কৰিছে৷
মর্নিং কনছাল্টৰ সমীক্ষাই প্রধানমন্ত্রীৰ সবল নেতৃত্ব, কঠোৰ পৰিশ্রমক স্বীকৃতি দিয়াৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰি তুলিছে৷ উল্লেখ্য যে ক’ৰোনাসৃষ্ট জটিল পৰিৱেশৰ পৰা দেশক সঠিক দিশেৰে আগবঢ়াই নিয়াৰ ক্ষেত্রত প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ইতিমধ্যে ৰাষ্ট্রসংঘ, বিশ্ব স্বাস্থ্য সংস্থাই ভূয়সী প্রশংসা কৰিছে৷