নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমাচলৰ পং ডেমত ১২০০ পৰিভ্রমী পক্ষীৰ ৰহস্যজনক মৃত্যু

প্রকৃতিপ্রেমী সংগঠনৰ প্রতিক্রিয়া, তদন্ত চলাইছে বন বিভাগে

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ হিমাচলৰ পং ডেমত ১২ শতাধিক পৰিভ্রমী চৰাইৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ৰহস্যজনক পৰিস্থিতিত মৃত্যুমুখত পৰা এই চৰাইবোৰৰ ভিতৰত আছে কেইবাবিধো দুষ্প্রাপ্য প্রজাতিৰ চৰাই৷ অতি দুষ্প্রাপ্য প্রজাতিৰ ৰাজহাঁহ, সামুদ্রিক পক্ষী আদিও আছে ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা চৰাইবোৰৰ ভিতৰত৷ মাত্র এটা সপ্তাহৰ ভিতৰত এনেদৰে পৰিভ্রমী পক্ষীৰ মৃত্যু হোৱা বিষয়টোক লৈ ইতিমধ্যে প্রকৃতিপ্রেমী সংগঠনসমূহৰ মাজত সৃষ্টি হৈছে প্রতিক্রিয়া৷

চৰাইবোৰৰ মৃত্যুৰ কাৰণ জানিবলৈ ইণ্ডিয়ান ভেটেৰিনাৰী ৰিছার্চ ইনষ্টিটিউট আৰু ৰিজ’নেল ডিজিজ ডায়’গ্ণষ্টিক লেব’ৰেটৰীলৈ বিভিন্ন অংগ–প্রত্যংগ প্রেৰণ কৰা হৈছে৷ বেৰেইলী আৰু জলন্ধৰস্থিত প্রতিষ্ঠান দুটাত পৰিভ্রমী চৰাইবোৰৰ মৃত্যুৰ বিষয়টো লৈ বিভিন্ন পৰীক্ষা–নিৰীক্ষা আৰম্ভ হৈছে৷ স্মর্তব্য যে ২৮ ডিচেম্বৰৰ পৰা পঙৰ ফতেহপুৰ অঞ্চলত মৃত্যু হৈছে এই চৰাইবোৰৰ৷

অন্যান্য প্রান্ততো পৰিভ্রমী পক্ষীয়ে এনে ৰহস্যজনক মৃত্যুক আঁকোৱালি ল’ব পাৰে বুলি সন্দেহ প্রকাশ কৰিছে প্রকৃতিপ্রেমী সংগঠনসমূহে৷ লগে লগে ফতেহপুৰ, ধামেতা, গুগলাৰা আৰু নাগ্র’তা অঞ্চলত পানীত বিষক্রিয়া হোৱা বুলি বিভিন্ন ধৰণৰ পৰীক্ষা চলাইছে বন বিভাগে৷ অৱশ্যে পক্ষীবোৰৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত খাদ্যত বিষক্রিয়া হোৱাৰ কোনো ধৰণৰ প্রমাণ ধৰা পৰা নাই৷

গতিকে বিষয়টোক লৈ উদ্বিগ্ণ হৈছে চৰকাৰ৷ মুখ্য বন সংৰক্ষক অর্চনা শর্মাই নিউ ইণ্ডিয়ান এক্সপেছক জনোৱা অনুসৰি পং ডেম অঞ্চলত ইতিমধ্যে বন বিভাগৰ তৰফৰ পৰা তদন্তও চলোৱা হৈছে৷ পৰিভ্রমী পক্ষীৰ মৃত্যুৰ বাবে যদি কোনো অসাধু চক্র জগৰীয়া বুলি ধৰা পৰে, তেন্তে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰাৰ হুংকাৰ দিছে শর্মাই৷

You might also like