নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলেজৰ শিক্ষার্থীলৈ ১,৫০০–স্নাতকোত্তৰ ছাত্র–ছাত্রীক ২,০০০ টকাৰ অনুদান ঘোষণা শিক্ষামন্ত্রীৰ

নিয়মীয়া বার্তা, ৪ জানুৱাৰীঃ ‘বিদায়ী ২০২০ বর্ষটো আছিল প্রত্যাহ্বানেৰে ভৰা৷ ক’ভিড–১৯ৰ সৈতে মোকাবিলা কৰিবৰ বাবেই দেশজুৰি বলৱৎ হোৱা লকডাউনে আমাৰ অর্থনৈতিক, সামাজিক, শৈক্ষিক দিশত ব্যাপক ক্ষতিসাধন কৰিলে৷ কিন্তু ইয়াৰ মাজতো সকলো প্রত্যাহ্বান নেওচি বর্তমানৰ চৰকাৰখনে ঘোষণা কৰা প্রতিখন আঁচনিয়েই জনসাধাৰণৰ কাষলৈ নিবলৈ সক্ষম হৈছে৷ সফলতাইহে প্রকৃতার্থত দায়িত্ব বঢ়ায়৷ ব্যক্তিগত আনন্দ সামাজিক আনন্দলৈ ৰূপান্তৰিত কৰিব পাৰিলেহে নিজে সঁচা অর্থত আনন্দ লাভ কৰাৰ লগতে দেশ আৰু জাতিৰ উন্নতি হয়৷’–এই মন্তব্য ৰাজ্যৰ বিত্ত, শিক্ষা, স্বাস্থ্য আৰু লোকনির্মাণ দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

শিৱসাগৰ জিলা প্রশাসনৰ উদ্যোগত কালি আয়োজিত প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হোৱা ৯৪৯গৰাকী ছাত্রীক ড০ বাণীকান্ত কাকতি বঁটা প্রদান অনুষ্ঠানত মন্ত্রী ড০ শর্মাই মুখ্য অতিথি হিচাপে অংশ লৈ কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য আৰু ঘোষণা কৰে৷

শিৱসাগৰ নাট্যমন্দিৰত সহস্রাধিক মেধাৱী ছাত্রী, শিক্ষাগুৰু, অভিভাৱকৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্রী ড০ শর্মাই কয়– নাৰী সবলীকৰণ বুলি ক’লে সকলো নাৰীৰে সমকল্যাণ হ’ব লাগিব৷ ইয়াৰ বাবে জ্ঞান আৰু দায়িত্ববোধৰ বীজ অংকুৰিত হ’ব লাগিব আমাৰ প্রতিগৰাকী শিক্ষাথ্ৰ মন–মগজুত৷ আনৰ কথা, সমাজৰ পিছপৰা শ্রেণীৰ কথা চিন্তা কৰিলেহে বিবেক স্পর্শ কৰিব পাৰে৷ সেয়েহে সফলতা প্রাপ্তিৰ অন্তত এনে পুৰোধা ব্যক্তিৰ নামত উৎসর্গিত বঁটাই আনন্দ বৃদ্ধি কৰাৰ লগতে সেই সফলতাক আৰু অধিক জাতিষ্কাৰ কৰি তোলে৷

ইয়াৰ বাবে আমাৰ ঈপ্সিত লক্ষ্যত আমি উপনীত হ’ব পাৰোঁ৷ ঐতিহাসিক শিৱসাগৰ জিলাখনে হাইসুকল শিক্ষান্ত পৰীক্ষা, ডচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বাণিজ্য, বিজ্ঞান শাখাত ৰাজ্যখনৰ ভিতৰতে স্থান ধৰি ৰাখিবলৈ সক্ষম হোৱাটো নিশ্চিতভাৱে সমগ্র জিলাখনৰে শৈক্ষিক মান বৃদ্ধি হোৱাৰে বার্তা দিছে৷

নাট্যমন্দিৰত সমৱেত ছাত্রীসকলে উৎফুল্লিত হৈ ভাষণৰ তালে তালে সঁহাৰি জনোৱাত উৎসাহিত হৈ পৰা মন্ত্রী ড০ শর্মাই কয় যে এই দৃশ্যই মোক আন এখন ছবি সন্মুুখলৈ আনি দিছে৷ সেই ছবিখন মই দেখা পাওঁ জনিয়া, বাঘবৰ আদি অঞ্চলত৷ উজনি অসমবাসীয়ে তেনে দৃশ্য নাই দেখা৷ যি সময়ত এইসকল ছাত্রীয়ে নিজৰ সফলতাৰ বাবে নাট্যমন্দিৰৰ প্রেক্ষাগৃহত চৰকাৰে আগবঢ়োৱা সুকটী ল’বৰ বাবে অপেক্ষা কৰিছে, সেই একে সময়তে কিন্তু একে বয়সৰ বহু ছাত্রীয়ে মাতৃত্বৰ বাবে মেডিকেল কলেজৰ মেটাৰনিটী ৱার্ডত অপেক্ষা কৰাটো দুর্ভাগ্যজনক৷

 মন্ত্রী ড০ শর্মাই পুনৰ কয়– বর্তমান সময়ত ক’ভিডে জুৰুলা কৰা ৰাজ্যখনৰ সাধাৰণ পৰিয়ালক সকাহ দিয়াৰ বাবে ৪ লাখ ৮০ হাজাৰ ছাত্র–ছাত্রীক বিনামূলীয়া নামভর্তিৰ ব্যৱস্থা কৰা হৈছে৷ অষ্টমমানৰ পৰা দশমমানলৈকে কিতাপ কিনিবৰ বাবে একাডণ্টত ধন দিয়া হৈছে৷ কিতাপ কিনাৰ বাবে মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীসকলক এই মাহৰ শেষত একাউণ্টত আমি ১,৫০০ টকাকৈ জমা দিম৷ একেদৰে বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলক দিয়া হ’ব ২,০০০ টকাকৈ৷

নামনি অসমৰ এখন জিলাত অনুষ্ঠিত হোৱা এক শৈক্ষিক কার্যসূচীত উপস্থিত থকা এগৰাকী চাহ বাগিচাৰ ছাত্রীৰ সৈতে হোৱা বার্তালাপৰ প্রসংগ উল্লেখ কৰি তেওঁ কয়– সেই ছাত্রীগৰাকীয়ে মহাবিদ্যালয়লৈ ১৫ কিলোমিটাৰ দূৰ অতিক্রম কৰি অহা–যোৱা কৰাৰ লগতে দুপৰীয়া বিৰতিৰ সময়ত আহাৰৰ বাবে ন্যূনতম এশ টকাৰ প্রয়োজনৰ কথা অৱগত কৰে৷ অসমৰ অধিকাংশ ছাত্র–ছাত্রীয়েই দুপৰীয়া আহাৰৰ বাবে সমর্থৱান অভিভাৱকৰ পৰা ধন আদায় লৈ আহে যদিও বহুসংখ্যকেই পিতৃ–মাতৃৰ দুৰৱস্থা অনুভৱ কৰি ধন লোৱাৰ পৰা বিৰত থাকে৷

মোৰ মনত ইচ্ছা থাকিব, কিন্তু এইবছৰ ক’ভিডৰ কাৰণে সেই ইচ্ছা পূৰণ নহ’ল যদিও যিমান ছাত্রী বিদ্যালয়–মহাবিদ্যালয়ত পঢ়ে, তেওঁলোকৰ প্রত্যেককে শ্রেণী থকা দিনসমূহত ১০০ টকাকৈ একাউণ্টত জমা দিম৷ যাতে স্কুল–কলেজত আহি চাহ খাবৰ কাৰণে মাক–দেউতাকক টকা খুজিব নালাগে৷

নিজ ভাষণত পূর্বৰ এখন সভাত এগৰাকী ছাত্রই সোধা এক প্রশ্ণৰ উত্তৰৰ প্রসংগ টানি মন্ত্রী ড০ শর্মাই পুনৰ কয়– পূর্বতে ছাত্রৰ মটৰচাইকেলৰ পাছত ছাত্রী উঠিছিল৷ এতিয়া সময় সলনি হ’ল৷ আধুনিকতাৰ লগতে পুৰুষৰ সমানে ফেৰ মাৰিব ধৰা ছাত্রীসকলৰ স্কুটিৰ পিছতহে এতিয়া ছাত্রসকল উঠিব লাগিব৷

আনহাতে, চৰকাৰে বিগত বাজেটত ঘোষণা কৰা বহুকেইখন আঁচনি ক’ভিডৰ আতংক হ্রাস পোৱাৰ লগে লগে জনসাধাৰণৰ কাষ চপাই নিয়া হৈছে বুলি মন্তব্য কৰা মন্ত্রীগৰাকীয়ে কয়– অসমৰ সবাতোকৈ জনপ্রিয় অৰুণোদয় আঁচনিৰ জৰিয়তে অসমৰ ২২ লাখ মহিলাক প্রতিমাহৰ ২৬ তাৰিখৰ দিনা ৮৩০ টকাকৈ অনুদান দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ শেহতীয়া বিধানসভাৰ অধিৱেশনত মাইক্র’ফাইনেঞ্চ কোম্পানীক কঠোৰভাৱে নাকী লগাবলৈ আইন প্রণয়ন কৰা হৈছে৷

এতিয়াৰ পৰা আৰু ধন বিচাৰি কোনো কাৰণতে ঋণীক এজেণ্টে হাৰাশাস্তি কৰিব নোৱাৰিব৷ ঋণ আদায়ৰ বাবে কেৱল ন’টিছহে প্রেৰণ কৰিব পাৰিব৷ অসমৰ ভিতৰতে শিৱসাগৰ জিলাৰ ছাত্রীসকলেই সর্বাধিক স্কুটি লাভ কৰিছে বুলি গৌৰৱেৰে ঘোষণা কৰা মন্ত্রী ড০ শর্মাই আগন্তুক দিনত এটা বছৰত যদি এক লাখগৰাকী ছাত্রীয়েও প্রথম বিভাগ লাভ কৰিবলৈ সক্ষম হয়, তেন্তে এক লাখখন স্কুটি প্রদান কৰিব বুলি প্রতিশ্রুতি প্রদান কৰাৰ লগতে আজিয়েই সেইসকল মেধাৱী ছাত্রীৰ বাবে স্কুটি বুকিং কৰা হৈছে বুলিও তেওঁ ঘোষণা কৰে৷

২০১৮ আৰু ২০১৯বষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ ক্রমে–৫০০০ আৰু ১০০০০গৰাকী ছাত্রীকো স্কুটী প্রদান কৰা হ’ব বুলি সদৰি কৰে তেওঁ৷ বঁটা বিতৰণী অনুষ্ঠানত ভাষণ প্রদান কৰি থকাৰ সময়তেই ঐতিহাসিক শিৱসাগৰৰ প্রসংগ উল্লেখ কৰি ঐতিহ্যমণ্ডিত শিৱসাগৰ নাট্যমন্দিৰৰ শেহতীয়া অৱস্থা প্রত্যক্ষ কৰি শিৱসাগৰবাসীৰ গৌৰৱৰ এই নাট্যমন্দিৰটোক সংৰক্ষণ–সংবর্ধন বাবে এক কোটি টকাৰ অনুদান ঘোষণা কৰে মন্ত্রী ড০ শর্মাই৷

শিৱসাগৰ জিলা উপায়ুক্তক নাট্যমন্দিৰৰ সংৰক্ষণ–সংবর্ধন সমস্ত দায়িত্ব অর্পণ কৰা মন্ত্রী ড০ শর্মাই ৯৪৯গৰাকী স্কুটি লাভ কৰা কীর্তিমানক এটকাও ঘোচৰ লেনদেন নোহোৱাকৈ লাইচেঞ্চ প্রদান কৰিবলৈ ডপায়ুক্তক নির্দেশ দিয়ে৷ ইয়াৰ উপৰি এই বঁটা প্রদান অনুষ্ঠানটোৰ পৰা দূৰত থকা ছাত্র–ছাত্রীসকলক একত্রিত কৰি এনেদৰে উৎসাহিত কৰিবৰ বাবে ব’র্ডিং খেলপথাৰত এক বৃহৎ অনুষ্ঠান পাতিবৰ বাবেও উপায়ুক্ত বিষু কমল বৰাক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়৷

You might also like