নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ মাদ্রাছা বিলুপ্তিকৰণৰ সিদ্ধান্তক আদৰণি জনাইছে অসম গৰিয়া পৰিষদে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লোৱা এনে সিদ্ধান্তক যুগান্তকাৰী আখ্যা দিছে সংগঠনটোৱে৷
ৰঙিয়া প্রেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সংগঠনটোৰ সভাপতি ৰহমচা আলীয়ে কয় যে মাদ্রাছা বিলুপ্তিকৰণ কোনোপধ্যেই ইছলামবিৰোধী নহয়৷ বৰঞ্চ ৰক্ষণশীলতা, মৌলবাদ আৰু সাম্প্রদায়িকতাৰ পৰা ভৱিষ্যতৰ মুছলমান প্রজন্মক ৰক্ষা কৰিব পৰা এটা গুৰুত্বপূর্ণ পদক্ষেপহে৷ লগতে আধুনিক বিশ্বৰ প্রতিযোগিতামূলক ক্ষেত্রখনত মুছলমান প্রজন্মক আগুৱাই নিয়াত এনে সিদ্ধান্ত সহায়ক হ’ব৷
আনহাতে ধর্মীয় আৰু মাদ্রাছা শিক্ষাৰ পৃষ্ঠপোষক বদৰুদ্দিন আজমলক তীক্ষ্ণ সমালোচনা কৰে সভাপতি আলীয়ে৷ আজমলে ইছলামিক শিক্ষাৰ নামত মুছলমানসকলক পিছলৈ আৰু অন্ধকাৰৰ ফালেহে নি আহিছে৷ আজমল কেৱল ধর্মৰ আধাৰত চিন্তা কৰা এজন ব্যক্তি, যিয়ে মুছলমান সমাজৰ আধুনিক আৰু সাধাৰণ শিক্ষাৰ কথা চিন্তা নকৰে৷
বেচৰকাৰী মাদ্রাছা ব’ডসমূহৰ নিয়ন্ত্রক আজমলে কেৱল ডুবাইৰ কথাহে ভাবে, আমেৰিকাৰ কথা ভাবিব নোৱাৰে বুলি ক্ষোভ প্রকাশ কৰে৷ ইফালে চৰকাৰে খিলঞ্জীয়া মুছলমানসকলৰ উন্নয়নৰ বাবে যি খিলঞ্জীয়া মুছলিম উন্নয়ন ব’ড গঠনৰ প্রক্রিয়া প্রায় সম্পূর্ণ কৰিছে, সেইক্ষেত্রত আপত্তি কৰে সংগঠনটোৰ উপদেষ্টা আব্দুল হামিদে৷
ব’ডখনৰ অধীনত একাংশ স্বয়ম্ভু অসমীয়া আৰু সন্দেহজনক বাংলাদেশীক চামিল কৰিব বিচৰা বুলি গুৰুতৰ অভিযোগ কৰে৷ ২৫ লাখ খিলঞ্জীয়া মুছলমানৰ পৰিৱর্তে ১ কোটি মুছলমানক এই ব’ডৰ অধীনত চামিল কৰিব বিচৰা কার্যৰ তীব্র বিৰোধিতা কৰে আহমেদে৷ চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে এটা জনগোষ্ঠীৰ থলুৱা পৰিচয় আৰু অধিকাৰ খর্ব কৰাৰ লগতে উন্নয়নৰ পথৰুদ্ধ কৰিব বুলি তেওঁ উদ্বিগ্ণতা প্রকাশ কৰে৷ খিলঞ্জীয়া মুছলমান উন্নয়ন ব’ডৰ পৰিৱর্তে প্রায় ২০ বছৰ ধৰি দাবী জনাই অহা ২৫ লাখ গৰিয়া জনগোষ্ঠীক সামৰি গৰিয়া উন্নয়ন পৰিষদ গঠন কৰিবলৈ দাবী জনায়৷