নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘প্ৰতিটো ক্লাছৰ বিনিময়ত ছাত্ৰীয়ে লাভ কৰিব ১০০ টকা’

শিক্ষাৰ্থীলৈ বিশেষ অফাৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ  যিসকল ছাত্ৰী স্কুলত পঢ়ে-কলেজত পঢ়ে, যিমান দিনলৈ তেওঁলোকে ক্লাছ কৰে প্ৰতিটো ক্লাছৰ বাবে দিনে ১০০ টকা তেওঁলোকৰ একাউণ্টত জমা হ’ব। যাতে স্কুল-কলেজলৈ আহিবলৈ মাক-দেউতাকক পইচা খুজিবলগীয়া নহয়। শিৱসাগৰত এই গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ। ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে এই পৰিকল্পনা সফল নহ’ল যদিও এতিয়া এই ইচ্ছা পূৰণ কৰিবলৈ বিচাৰিছে মন্ত্ৰীগৰাকীয়ে। 

বিদ্যালয়ত নিয়মিতভাৱে উপস্থিত থকাত উৎসাহিত কৰিবলৈ স্কুল আৰু কলেজৰ ছাত্ৰীসকলক এই পইচা দিয়া হ’ব। যাতে নিজৰ দৈনিক খৰচটোৰ বাবে চিন্তা কৰিবলগীয়া নহয়।

সেইদৰে স্নাতক পৰ্যায়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব ১৫০০ টকা। চলিত মাহৰ শেষৰ ফালে এই ধনৰাশি একাউণ্ট যোগে লাভ কৰিব শিক্ষাৰ্থীসকলে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে লাভ কৰিব ২ হাজাৰ টকাকৈ। কিতাপ পত্ৰ ক্ৰয়কে ধৰি আনুসংগিক খৰচ বহন কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই সাহায্য।

You might also like