জনসংখ্যা সমাধান ফাউণ্ডেচন উত্তৰ-পূৱ প্ৰান্ত আৰু জনসংখ্যা সমাধান ফাউণ্ডেচন অসম প্ৰান্তৰ উদ্যোগত ইতিহাস প্ৰসিদ্ধ মায়াং অঞ্চলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰ*
নিয়মীয়া বাৰ্তা ৪ জানুৱাৰী: জনসংখ্যা সমাধান ফাউণ্ডেচন- উত্তৰ-পূব ক্ষেত্ৰ আৰু জনসংখ্যা সমাধান ফাউণ্ডেশ্যন – অসম প্ৰান্ত ৰ প্ৰস্তাব মৰ্মে ভাৰতীয় ইতিহাস সংকলন সমিতি মৰিগাওঁ জিলাৰ সহযোগৰ লগতে মৰিগাওঁ জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন আৰু মায়ং বাসী ৰাইজৰ আশীৰ্বাদ লৈ প্ৰথম বাৰৰ বাবে ২০২১ চনৰ ৩ জানুৱাৰীত বুঢ়াপাহাৰ মায়ং জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত এখনি উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আয়োজন কৰা হৈছে।
সমাজৰ সকলো লোকে অংশ গ্ৰহন কৰিব পৰা এই আলোচনা চক্ৰৰ মূল বিষয় হৈছে ৷
“মায়ংৰ ইতিহাস আৰু প্ৰবিত্ৰতা : জনসংখ্যাৰে প্ৰদূষিত।”
এই আলোচনা চক্ৰখন অনুস্থিত কৰাৰ মূল উদ্দেশ্য হ’ল–পূৰ্বৰ ইতিহাস প্ৰসিদ্ধ মায়ং অঞ্চলৰ তুলনাত বৰ্তমানৰ মায়াং অঞ্চলত কিদৰে জনবসতি গঢ়ি উঠিছে তথা এই জনবসতিৰ ঘনত্বই অঞ্চলটোত কিদৰে ঋনাত্মক প্ৰভাৱ বিস্তাৰ কৰিছে তাৰ অন্বেষণ কৰা ৷
অলোচনা-চক্ৰখনত এই বিষয়টোৰ লগত জড়িত 12 গৰাকী গৱেষকে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰে ৷
জনসংখ্যা সমাধান ফাউণ্ডেচন, উত্তৰ-পূৱ পান্তৰ সংযোজক ড’ সুভাজিত চৌধুৰীদেৱে আলোচনা-চক্ৰখন পৰিচালনা কৰে ৷ জনসংখ্যা সমাধান ফাউণ্ডেচন, উত্তৰ-পূৱ প্ৰান্তৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে ইয়াৰ উদ্দেশ্য-লক্ষ্য আৰু বিষয় সম্পৰ্কে বাখ্যা কৰি কয় যে—‘দুটা সন্তান সকলোৰে বাবে’ আইন প্ৰনয়ন কৰিবলৈ 2011 চনতে কেইগৰাকীমান ৰাষ্ট্ৰপ্ৰেমী ব্যক্তিৰ উগ্যোগত এই ‘জনসংখ্যা সমাধান ফাউণ্ডেচন’ সেচ্ছাসেৱী অনুস্থানটো গঢ় লৈ উঠিছিল যদিও অসম তথা উত্তৰ পূৱত কিন্তু 2020 চনৰ আগষ্টৰ পৰাহে সংগঠনৰ কাৰ্য-কালাপ আৰম্ভ হয় ৷ নিজৰ দেশক তথা জাতি ক বচাবলৈ লগতে নিজৰ সভ্যতা-সংস্কৃতি আৰু পৰিচয় বচাবলৈ সকলোৱে আগবাঢ়ি আহি এই আন্দোলনত সহযোগিতা কৰাৰ অতিৱ প্ৰয়োজন হৈ পৰিছে আৰু
এয়াই উপযুক্ত সময় ৷
মায়ংৰ ইতিহাসৰ জীৱন্ত দলিল শিক্ষাবিদ লোকেন্দ্ৰ হাজৰিকাই জনসংখ্যা বিষ্ফোৰণে কেনেদৰে দেশৰ পৰিবেশ-পৰিস্থিতিটোৱে সলনি কৰি দিছে তাক অতি সুন্দৰকৈ বাখ্যা কৰি আঙুলিয়াই দিয়ে ৷
তেখেতে লগতে ‘জনসংখ্যা সমাধান ফাউণ্ডেচন’ এ লোৱা কাৰ্যক ভূয়সী প্ৰশংসা কৰি গোটেই দেশতে জনসংখ্যা বিষ্ফোৰণে কেনেদৰে ক্ষতি কৰিছে সেই সম্বন্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰে চৰকাৰক কঠোৰ আইন এখন প্ৰনয়নৰো দাবী কৰিবলৈ আহ্বান জনাইছে ৷
আন কেইগৰাকী মান বিশিষ্ট অতিথি ক্ৰমে মায়াং কলেজৰ প্ৰক্তন অধ্যক্ষ ড’ ফনীভূষণ নাথ, মায়াং কলেজৰ অধ্যাপক উৎপল নাথ, মায়াংৰ ৰজা তৰণী কোৱৰ, মহেন্দ্ৰ শইকীয়া সভাপতি, ভাৰতীয় ইতিহাস সংকলন সমিতি,মৰিগাঁও জিলা কমিতি, শ্ৰী উৎপল কান্ত টাইম 8 নিউজৰ প্ৰতিষ্ঠাপক,লোকেন্দ্ৰ হাজৰিকা কৃতিমান গৱেষক মায়ং,নজৰুল ইছলাম জ্যেষ্ঠ সাংবাদিক উপস্থিত এই সকল ব্যক্তিয়েও মূল্যৱান মন্তব্য আগবঢ়াই ফাউণ্ডেচনৰ লগত সহমত প্ৰকাশ কৰি দেশত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰে ৷