নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে ভাৰতত আৰম্ভ হ’ব বিশ্বৰ সর্ববৃহৎ টিকাকৰণ অভিযান

ভাৰতীয় বিজ্ঞানীক উচ্চ প্রশংসা মোদীৰ

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ ভাৰতত শীঘ্রেই আৰম্ভ হ’ব ক’ভিড–১৯ৰ বৃহত্তম টিকাকৰণ অভিযান৷ কালি দেশৰ ডি চি জি আয়ে অক্সফ’ড ভেকচিন ‘ক’ভিশ্বিল্ড’ আৰু ভাৰত বায়’টেকৰ ‘ক’ভাক্সিন’ৰ জৰুৰীকালীনভাৱে গণ টিকাকৰণৰ অনুমতি প্রদান কৰাৰ কেইঘণ্টামানৰ পাছতেই আজি গ্রেট ব্রিটেইনত অক্সফ’ড ভেকচিন ক’ভিশ্বিল্ডৰ টিকাকৰণ আৰম্ভ হৈছে৷ বিশ্বৰ প্রথম দেশ হিচাপে ক’ভিড–১৯ ফাইজাৰ ভেকচিন গ্রেট ব্রিটেইনে প্রথম প্রদান প্রক্রিয়া আৰম্ভ হোৱাৰ পাছত অক্সফ’ডৰ ক’ভিশ্বিল্ডো আৰম্ভ কৰিলে৷ অক্সফ’ডৰ এখন হাস্পতালত ব্রায়ান পিংকাৰ নামৰ ৮২ বছৰীয়া ডায়েলাইছিছ ৰোগী এজনক ক’ভিশ্বিল্ড ভেকচিনৰ প্রথমটো ড’জ প্রদান কৰা হয়৷ গ্রেট ব্রিটেইনৰ লগতে সমগ্র বিশ্বত অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্রাজেনেকা ঔষধ প্রস্তুত কোম্পানীৰ দ্বাৰা বিকশিত ‘ক’ভিশ্বিল্ড’ গ্রহণ কৰা ব্রায়ান পিংকাৰ হৈছে বিশ্বৰ প্রথমগৰাকী ব্যক্তি৷ তাৎপর্যপূর্ণ যে ফাইজাৰ ভেকচিনৰ সমান্তৰালকৈ অক্সফ’ডৰ ভেকচিনটোৰো

আজিৰে পৰা গ্রেট ব্রিটেইনত গণ টিকাকৰণ আৰম্ভ হৈছে৷ প্রথম পর্যায়ত ইংলেণ্ডৰ ছখন চিকিৎসালয়ত ৫,৩০,০০০ ড’জ ক’ভিশ্বিল্ড প্রয়োগৰ বাবে সাজু কৰা হৈছে৷ পৰৱর্তী ১–২ দিনৰ ভিতৰতে ব্রিটেইনৰ শতাধিক স্থানত এই ভেকচিন প্রদান কৰা হ’ব৷ চৰকাৰে মাহটোৰ ভিতৰত ১০ নিযুত ড’জ লাভ কৰিব বুলি ঘোষণা কৰিছে৷ গুৰুত্বপূর্ণ যে ফাইজাৰ ভেকচিনৰ তুলনাত অক্সফ’ৰ্ডৰ ভেকচিনৰ মূল্য কম হোৱাৰ লগতে ইয়াক ফ্রীজত তাপমাত্রাৰ ভিতৰত সংৰক্ষিত কৰিব পাৰি৷ ভেকচিনটো যোগান ধৰাৰ লগতে ব্যৱহাৰ কৰাত সহজ হয়৷

ভাৰততো এই ভেকচিনটো শীঘ্রে প্রদান কৰা হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড–১৯ৰ বিশ্বৰ বৃহত্তম টিকাকৰণ অভিযান শীঘ্রে আৰম্ভ হ’ব বুলি আজি ঘোষণা কৰিছে৷ নেচনেল মেটৰ’লজী কনক্লেভ ভার্চুৱেলযোগে মুকলি কৰি দেশৰ বিজ্ঞানীক উষ্ম প্রশংসাৰে প্রধানমন্ত্রী মোদীয়ে কয়– নতুন বর্ষই নতুন কৃতিত্ব আনি দিছে৷ ভাৰতীয় বিজ্ঞানীয়ে এটাই নহয়, দুটাকৈ ক’ভিড ভেকচিন বিকশিত কৰিছে৷ ইপিনে ক’ভিশ্বিল্ডৰ মানৱ দেহত পৰীক্ষণ আৰু উৎপাদনৰ দায়িত্বত থকা ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চি ই অ’ আদৰ পুনৱালাই চৰকাৰে বিক্রীৰ অনুমতি দিলে বজাৰত ভেকচিনটোৰ এটা ড’জৰ মূল্য ১,০০০ টকা বুলি ঘোষণা কৰিছে৷ চি ই অ’ পুনৱালাই প্রকাশ কৰা মতে, ডি চি জি আয়ে অনুমতি দিলে বাণিজ্যিকভাৱে এই ভেকচিনটো বজাৰত এটা ড’জত ১,০০০ টকাত উপলব্ধ হ’ব৷ কেন্দ্রীয় চৰকাৰক বিশেষ মূল্য প্রতিটো ড’জত ২০০ টকাকৈ দিয়া হৈছে৷ প্রথম ১০০ নিযুত ড’জ চৰকাৰক ২০০ টকাকৈ প্রদান কৰা হৈছে৷

You might also like