নলবাৰীত আছু নেতাসহ সহস্রাধিক বিজেপিলৈ
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ ২০২১ৰ বিধানসভা নির্বাচনলৈ মাজতে মাত্র তিনি মাহ বাকী থকা অৱস্থাত নলবাৰীত বিজেপিত আজি প্রাক্তন আছু নেতাকে ধৰি সহস্রাধিকে যোগদান কৰা ঘটনাই ৰাজনৈতিক মহলত বিশেষ তাৎপর্য বহন কৰিছে৷ বিৰোধী শিবিৰত কঁপনি তুলি বিজেপিয়ে আজি কৰা কৰা এনে বিশাল যোগদান কার্যসূচীয়ে আগন্তুক সময়ত দলটোক আৰু অধিক শক্তিশালী কৰা বুলি চর্চিত হৈছে৷ বিজেপিৰ টাউন মণ্ডল আৰু স্থানীয় বিধায়ক অশোক শর্মাৰ উদ্যোগত আজি নলবাৰী নাট্য মন্দিৰত বিশাল যোগদান কার্যসূচী অনুষ্ঠিত হয়৷ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক পুলক কুমাৰ শর্মাই আঁত ধৰা অনুষ্ঠানটোত সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক অশোক শর্মা, বিজেপিৰ ৰাজ্যিক উপ–সভাপতি জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, টাউন মণ্ডলৰ সভানেত্রী অজিতা বর্মন উপস্থিত থাকে৷ সভাত উপস্থিত থাকি সাংসদ দিলীপ শইকীয়াই ভাষণ প্রসংগত চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা দোহাৰি কয়– শেহতীয়াভাৱে ২৫ ডিচেম্বৰত ৯ কোটি কৃষকক দুই হাজাৰ টকাকৈ মুঠ ১৮ হাজাৰ টকা পোনপটীয়াকৈ বেংক একাউণ্টযোগে প্রদান কৰা হৈছে৷ কিছুদিনৰ পাছতে সন্ধাত নলবাৰীৰ তৃতীয়খন উৰণীয়া সেতু নির্মাণ কৰা হ’ব৷ নলবাৰীৰ উন্নয়নৰ বাবে প্রায় ডেৰশ কোটি টকাৰ এখন মাষ্টাৰ প্লেন প্রস্তুত কৰা হৈছে৷ উল্লেখ্য যে সভাত নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক নীলকমল বর্মন, শিক্ষা সম্পাদক শশাংক দত্তৰ নেতৃত্বত ডেৰ শতাধিক ছাত্র নেতা–কর্মীয়ে বিজেপিত যোগদান কৰে৷ আজি বিজেপিত যোগদান কৰা প্রতিগৰাকী ব্যক্তিকে উষ্ম আদৰণি জনায়৷ যোগদান কার্যসূচীৰ নেতৃত্ব লোৱা বিধায়ক অশোক শর্মাই নতুনকৈ বিজেপিত যোগদান কৰাসকলক দললৈ আদৰণি জনাই বিগত সময়ত বিজেপি চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ পৰা জনসাধাৰণে কিদৰে উপকৃত হৈছে, তাক উল্লেখ কৰে৷ সভাত বিজেপিৰ ৰাজ্যিক উপ–সভাপতি জয়ন্ত মল্ল বৰুৱাই কয়– আজি বিজেপিত যোগদান কৰিবলৈ অহা প্রায় এহেজাৰ লোকৰ সৰহসংখ্যকেই হৈছে মহিলা৷ ভাৰতীয় জনতা পার্টী এক ৰাজনৈতিক দলেই নহয়, ই এক মিছন৷ লগতে আন দলত মাত্র কেইজনমান ব্যক্তিহে থাকিব বুলি মন্তব্য কৰি ২০২১ চনত ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাটো খাটাং বুলিও দাবী কৰে বিজেপি নেতাগৰাকীয়ে৷