নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ মাহৰ অন্তত কাৰাবন্দীক সাক্ষাতৰ সুবিধা চৰকাৰৰ

ৰাজ্যৰ কাৰাগাৰত শিথিল ক’ভিড প্রট’কল

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ সুদীর্ঘ ৯ মাহৰ অন্তত ৰাজ্যৰ কাৰাগাৰসমূহত ক’ভিড প্রট’কল শিথিল কৰি আজি বন্দীসকলক সাক্ষাতৰ অনুমতি প্রদান কৰে পৰিয়ালৰ লোক তথা আত্মীয়–স্বজনক৷ কাৰাগাৰ কর্তৃপক্ষই এই অনুমতি প্রদান কৰাৰ পিছতে আজি ৰাজ্যৰ ৩১খন কাৰাগাৰত কাৰাবন্দীসকলক সাক্ষাৎ কৰাৰ বাবে বহু মানুহৰ ভিৰ লাগে৷ আজি পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু ১২ বজাৰ পৰা আবেলি ৩ বজালৈ কাৰাগাৰসমূহত দুটা পর্যায়ত পৰিয়ালৰ লোক আৰু আত্মীয়–স্বজনক বন্দীক সাক্ষাতৰ সুযোগ দিয়ে৷ অৱশ্যে কাৰাবন্দীক সাক্ষাৎ কৰিবলৈ যোৱা লোকসকলক সামাজিক দূৰত্ব মানি চলাৰ লগতে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ আৰু মাস্ক পিন্ধাটো বাধ্যতামূলক কৰে৷ ৰাজ্যৰ কাৰাগাৰসমূহৰ উপ–মহাপৰিদর্শক বিদ্যাধৰ শইকীয়াই জনোৱা মতে, আজিৰে পৰা কাৰাবন্দীসকলক সাক্ষাৎ কৰিবলৈ দিয়া হৈছে যদিও ক’ভিড প্রট’কলৰ প্রাথমিক নীতি–নিয়মসমূহ মানি চলিবলৈ কোৱা হৈছে৷ লগতে দুজন দুজনকৈ সাক্ষাৎকাৰীক কাৰাগাৰত বন্দীক সাক্ষাৎ কৰিবলৈ দিয়া হয়৷ উল্লেখ্য যে ৰাজ্যৰ মুঠ ৩১খন কাৰাগাৰৰ ভিতৰত ৬খন কেন্দ্রীয় কাৰাগাৰ, ২২খন জিলা কাৰাগাৰ আৰু ৩খন সুকীয়া কাৰাগাৰ আছে৷ ইয়াৰে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত ১৪শ কাৰাবন্দী আছে৷ উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়ৰে পৰা ৰাজ্যৰ কাৰাগাৰসমূহত থকা বন্দীসকলক সাক্ষাৎ কৰাটো বন্ধ ৰখা হৈছিল৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা সাক্ষাৎ কৰিবলৈ অহা লোকৰ পৰা যাতে কাৰাবন্দীৰ দেহত ক’ৰোনা ভাইৰাছ সংক্রমিত হ’ব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি কাৰাগাৰসমূহত বন্দীক সাক্ষাৎ কৰাটো সাময়িকভাৱে বন্ধ ৰখা হৈছিল৷

You might also like