নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এচপৰা মাটিও নপৰিল টুইন টাৱাৰত

২০০০ কোটিৰ ৬৫ মহলীয়া বাণিজ্যিক কেন্দ্র নির্মাণৰ নামত চূড়ান্ত প্রহসন

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ চূড়ান্ত প্রহসনত পৰিণত হৈছে ৰাজ্য চৰকাৰৰ সপোনৰ প্রকল্প টুইন টাৱাৰ ট্রেড চেণ্টাৰ৷ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে অনুষ্ঠিত কৰা বিশ্ব বিনিয়োগ সন্মিলনৰ সময়ত সর্বাধিক চর্চিত হোৱা এই আইকনিক প্রকল্পৰ কাম–কাজ বর্তমানলৈ আৰম্ভই কৰিব নোৱাৰিলে চৰকাৰে৷ নেচনেল বিল্ডিং কনষ্ট্রাকচন কোম্পানীৰ (এন বি চি চি) সৈতে টুইন টাৱাৰ নির্মাণৰ বাবে চুক্তি সম্পন্ন কৰাৰ ২ বছৰ ১০ মাহ উকলি গ’ল যদিও প্রকল্পস্থলীত নপৰিল এচপৰাও মাটি৷ সময়ে সময়ে সংবাদ মাধ্যমৰ আগত বিভাগীয় মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ আশ্বাসৰ বাহিৰে সম্প্রতি টুইন টাৱাৰৰ নামত এটা ফাইলো আগ নাবাঢ়িল৷ ৬০ মাহৰ ভিতৰত এই প্রকল্প সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল যদিও আজিপর্যন্ত ইয়াৰ বাবে লাভ কৰা নাই কোনো বিনিয়োগকাৰী৷ এই ব্যয়বহুল ২,০০০ কোটি টকীয়া প্রকল্পৰ বাবে ৰাজ্য চৰকাৰে বান্ধি দিয়া বিনিয়োগৰ চর্তই কার্যতঃ আকর্ষণ কৰিব নোৱাৰিলে বিনিয়োগকাৰীসকলক৷ যাৰ পৰিপ্রেক্ষিতত এই প্রকল্পৰ দায়িত্বৰ পৰা আঁতৰি গ’ল এন বি চি চিও৷ উপায়হীন হৈ পুনৰ ৰাজ্য চৰকাৰৰ অসম ঔদ্যোগিক উন্নয়ন নিগম (এ আই ডি চি) লিমিটেডে এই টুইন টাৱাৰৰ বাবে আহ্বান কৰিবলগীয়া হৈছে ৰিকুৱেষ্ট ফৰ প্রপ’জেল (আৰ এফ পি)৷ এনে জটিলতাই প্রস্তাৱিত ৬৫ মহলীয়া টুইন টাৱাৰ ট্রেড চেণ্টাৰ প্রকল্পটোকে পুনৰ অনিশ্চয়তালৈ ঠেলি দিছে৷

উল্লেখ্য যে ২০১৮ বর্ষৰ ২ ফেব্রুৱাৰীত এন বি চি চিৰ সৈতে ৰাজ্য চৰকাৰে সম্পন্ন কৰিছিল বুজাবুজিৰ চুক্তি৷ এই চুক্তিৰ সময়ত প্রকল্পটো ৬০ মাহতে সম্পূর্ণ কৰাৰ সময় ধার্য কৰা হৈছিল৷ সেই বছৰৰে জুলাই মাহত টুইন টাৱাৰৰ কাম–কাজ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছিল৷ গ্রীন টেকন’লজী ব্যৱহাৰ কৰি নির্মাণ কৰিবলগীয়া এই টুইন টাৱাৰত ৰাজ্যৰ ঐতিহ্য প্রতিফলিত হোৱাকৈ ডিজাইন কৰাৰ চিন্তা–চর্চা কৰিছিল চৰকাৰে৷ তেতিয়াই এই বিলাসবহুল প্রকল্পটোৰ বাবে ধার্য কৰা হৈছিল ২,০০০ কোটি টকাৰ বাজেট৷ সেই চুক্তি অনুসৰি এই প্রকল্পটো নির্মাণৰ বাবে নিবিদা আহ্বানৰ দায়িত্বত আছিল এন বি চি চি৷ এই টুইন টাৱাৰ ট্রেড চেণ্টাৰৰ ডিজাইন, ইঞ্জিনীয়াৰিং, সামগ্রী ক্রয় আৰু নির্মাণৰ লগতে পৰিচালনা আৰু মেৰামতিৰ সমগ্র দায়িত্ব এই নিবিদাৰ জৰিয়তে আহ্বান কৰিব লাগিছিল এন বি চি চিয়ে৷ সেই অনুসৰি এইক্ষেত্রত প্রাৰম্ভিক পদক্ষেপ গ্রহণো কৰিছিল এন বি চি চিয়ে৷ গুৱাহাটীৰ বশিষ্ঠত নির্মাণ কৰিব লগা এই অভিলাষী প্রকল্পৰ বাবে ২০১৯ চনৰ ৭ জানুৱাৰীত নিবিদা প্রক্রিয়াৰ আহ্বান জনায় সংস্থাটোৱে৷ এন বি চি চিয়ে আহ্বান কৰা এই নিবিদা দাখিলৰ অন্তিম দিন আছিল ২০১৯ বর্ষৰ ১৯ ফেব্রুৱাৰী৷ সেই সময়ত এই প্রকল্পৰ ব্যয় তেওঁলোকে নির্ধাৰণ কৰিছিল ১৭ কোটি ৫৩ লাখ টকা৷ নিবিদাৰ মাচুল আছিল ৩ লাখ ৫৪ হাজাৰ টকা৷ কিন্তু দুর্ভাগ্যজনকভাৱে এই সময়ছোৱাত গুৱাহাটীত টুইন টাৱাৰ নির্মাণৰ বাবে কোনো সংস্থা আগবাঢ়ি নাহিল৷

ৰাজ্য চৰকাৰৰ এক শীর্ষ সূত্রই সদৰী কৰা অনুসৰি নিবিদা আহ্বানৰ সময়ত বিনিয়োগৰ ক্ষেত্রত আৰোপ কৰা চর্তৰ বাবে কোনো সংস্থা আগবাঢ়ি অহা নাছিল৷ কিয়নো টুইন টাৱাৰ নির্মাণৰ বাবে সম্পূর্ণ বিনিয়োগ নির্মাণকাৰী সংস্থাই কৰিব লাগিব বুলি চর্ত আৰোপ কৰা হৈছিল৷ সেয়েহে এই বৃহৎ পৰিমাণৰ বিনিয়োগ কৰাৰ পাছত ইয়াৰ পৰা লাভান্বিত হ’ব নে নাই, তাক লৈ নিশ্চিত হ’ব নোৱাৰা বাবেই বিনিয়োগকাৰী আগবাঢ়ি আহিবলৈ শংকাৰ সন্মুখীন হয়৷ যাৰ বাবে এই ব্যয়বহুল প্রকল্পৰ কাম–কাজ গেঁঠেলা মাৰিবলৈ আৰম্ভ কৰে৷ নিবিদা আহ্বান কৰিও বিনিয়োগকাৰীৰ সঁহাৰি লাভ নকৰাৰ পাছত টুইন টাৱাৰৰ কাম–কাজৰ পৰা ক্রমাৎ আঁতৰি যায় এন বি চি চি৷ ফলত অসম চৰকাৰে টুইন টাৱাৰ নির্মাণৰ বাবে নতুন সংস্থাৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে৷ যাৰ বাবে এ আই ডি চিৰ জৰিয়তে ৰিকুৱেষ্ট ফৰ প্রপ’জেল আহ্বানৰ সিদ্ধান্ত গ্রহণ কৰে৷ মূলতঃ বৃহৎ পৰিমাণৰ পুঁজি বিনিয়োগৰ প্রয়োজনীয়তাৰ বাবে এইক্ষেত্রত ৰাজ্য চৰকাৰ দীর্ঘদিনে এখোজ আগবাঢ়িও দুখোজ পিছুৱাবলগীয়া পৰিস্থিতি সৃষ্টি হয়৷

অৱশ্যে নতুন বিনিয়োগকাৰীৰ সন্ধানত ইতিমধ্যে এ আই ডি চিয়ে প্রকাশ কৰিছে ৰিকুৱেষ্ট ফৰ প্রপ’জেল৷ এইক্ষেত্রত এ আই ডি চিয়ে প্রকাশ কৰা এ আই ডি চি/জি এম/টি টি/ টি এ/১০০/২০২০/৪৩৯৬ নম্বৰ বিজ্ঞাপন অনুসৰি ৮ ডিচেম্বৰৰ পৰাই আৰ এফ পি ডাউনলোড প্রক্রিয়াৰ আৰম্ভ হৈছে৷ এই অনলাইন নিবিদা দাখিল প্রক্রিয়া চূড়ান্ত দিন ধার্য কৰা হৈছে ৭ জানুৱাৰী৷ অর্থাৎ কাইলৈ এই আৰ এফ পি দাখিলৰ অন্তিম সময়৷ কাইলৈ বিয়লি ৪ বজালৈ চৰকাৰী ৱেবছাইটৰ জৰিয়তে অনলাইন আৰ এফ পি দাখিল কৰিব পাৰিব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ভঁূকম্পপ্রৱণ অঞ্চলৰ পঞ্চম জ’নত অৱস্থিত অসমত ৬৫ মহলীয়া এই টুইন টাৱাৰ কিমান সুৰক্ষিত হ’ব, তাক লৈও সেই সময়ত প্রশ্ণ উত্থাপন হৈছিল৷ তৎসত্ত্বেও প্রযুক্তিগতভাৱে এয়া সম্ভৱ হ’ব বুলি সেই সময়ত ৰাজ্য চৰকাৰে আশ্বাস দিছিল৷ এই অভিলাষী প্রকল্পত বিভিন্ন দেশৰ উচ্চায়ুক্তৰ কার্যালয়, বিভিন্ন বহুজাতিক প্রতিষ্ঠানৰ কার্যালয়, হোটেল, বাণিজ্যিক চেণ্টাৰ আদি স্থাপনৰ পৰিকল্পনা কৰা হৈছিল৷ বিশেষকৈ দক্ষিণ এছিয়াৰ দেশসমূহৰ বিনিয়োগকাৰীসকলক আকর্ষিত কৰাৰ লক্ষ্যৰে এই বৃহৎ প্রকল্প ৰূপায়ণৰ কথা ৰাজ্য চৰকাৰে চিন্তা–চর্চা কৰিছিল৷ ইয়াৰ জৰিয়তে দক্ষিণ–পূব এছিয়াৰ বাণিজ্য কেন্দ্র হিচাপে গুৱাহাটী তথা অসম প্রতিষ্ঠিত হ’ব বুলিও বাৰম্বাৰ দাবী কৰিছিল মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ এই প্রকল্পৰ বাবে ৰাষ্ট্রীয় ঘাইপথৰ সমীপৰ বশিষ্ঠত ৩২ বিঘা ভূমিৰ আবণ্টন দিব বুলিও ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে৷ আনকি ২০১৮ চনৰ ১৮ জুলাইত এই টুইন টাৱাৰ প্রকল্প নির্মাণৰ বাবে ভূমিপূজন অনুষ্ঠানো অনুষ্ঠিত হৈছিল৷

লক্ষণীয় যে এই ভূমিৰ মূল্যক লৈও বিনিয়োগকাৰীসকলৰ মাজত কিছু বিভ্রান্তি সৃষ্টি হৈছিল বুলি সূত্রটোৱে সদৰী কৰিছে৷ এই প্রসংগত সূত্রটোৱে প্রকাশ কৰা অনুসৰি চৰকাৰীভাৱে এই মাটিৰ মূল্য হৈছে প্রায় ১০০ কোটি টকা৷ কিন্তু বিনিয়োগকাৰীৰ পৰা এই ভূমিৰ বাবদ ছিকিউৰিটী ডিপ’জিট মূল্য চৰকাৰে ৩০০ কোটি টকা নির্ধাৰণ কৰিছিল৷ এই বিভিন্ন জটিল চর্তৰ বাবে এই বিলাসী আৰু ব্যয়বহুল প্রকল্পই বিনিয়োগকাৰীৰ সঁহাৰি লাভ নকৰিলে৷ সম্প্রতি এই টুইন টাৱাৰ প্রকল্পৰ নামত আবণ্টিত ভূমিত আগুৰি ধৰিছে হাবি–বননিয়ে৷ ভূমিডোখৰত লগাই থোৱা হর্ডিংখন ধূলি–বালি পৰি নষ্ট হোৱাৰ লগতে গছ–লতাই প্রায় ঢ়াকি পেলোৱাৰ উপক্রম হৈছে৷ এক কথাত ক’বলৈ গ’লে মাটিডোখৰত আঁৰি থোৱা হর্ডিংখনৰ দুৰৱস্থাই যেন সমগ্র প্রকল্পটোৰ ভৱিষ্যতৰ ছবিখনকে প্রদর্শন কৰিছে৷

You might also like