নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ গহনাই দখল কৰিব লাগিব বিশ্বৰ বজাৰঃ সোণোৱাল

গুৱাহাটীৰ বামুণীমৈদামত স্বর্ণ অলংকাৰ–সমীয়া গহনাৰ সমূহীয়া সেৱা কেন্দ্র উদ্বোধন মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ ৰাজ্যৰ পৰম্পৰাগত থলুৱা স্বর্ণশিল্পীক উপকৃত কৰাৰ লগতে এই শিল্পৰ প্রতি নতুন প্রজন্মক আগ্রহী কৰি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত উদ্যোগ পামত আজি স্বর্ণ অলংকাৰ আৰু পৰম্পৰাগত অসমীয়া গহনাৰ এটা সমূহীয়া কেন্দ্র উদ্বোধন কৰে৷ ৰাজ্যৰ ২.৫০ লক্ষাধিক থলুৱা স্বর্ণশিল্পী আৰু নতুন প্রজন্মৰ মাজত আশাৰ ৰেঙনি কঢ়িয়াই অনা এই কেন্দ্রটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ড’নাৰ মন্ত্রালয়ৰ অধীনৰ উত্তৰ–পূব পৰিষদৰ অর্থ সাহায্যৰে উদ্যোগ পামত স্থাপন কৰা এই কেন্দ্রটো উত্তৰ–পূর্বাঞ্চলৰ ভিতৰতে প্রথমটো স্বর্ণ অলংকাৰ আৰু পৰম্পৰাগত অসমীয়া গহনাৰ সমূহীয়া কেন্দ্র৷ বিভিন্ন আর্হিৰ সোণৰ নেকলেছ প্রস্তুত কৰা মুঠ ১২টা অত্যাধুনিক য্যন্ত্র থকা কেন্দ্রটোত সোণ, হীৰা আদিৰ বিশুদ্ধতাও পৰীক্ষা কৰা হ’ব৷ এই প্রতিষ্ঠানটোৱে থলুৱা স্বর্ণালংকাৰ আৰু পৰম্পৰাগত অসমীয়া গহনাৰ মূল্য সংযোজনেৰে বিশ্ব বজাৰ দখলৰ দিশত অনন্য ভূমিকা পালন কৰিব৷ কেন্দ্রটোত স্থাপন কৰা মানসম্পন্ন যন্ত্রপাতি, অত্যাধুনিক প্রযুক্তিয়ে গহনা প্রস্তুতকাৰীসকলক বিভিন্ন ডিজাইন আৰু মানসম্পন্ন গহনা খৰতকীয়াভাৱে উৎপাদন কৰাতো বিশেষভাৱে সহায় কৰিব৷ কেন্দ্রটোত জেমছ্ ষ্টোন প্রছেছিং আৰু জেম’লজিকেল লেবৰেটৰী, অসমীয়া থলুৱা গহনা শাখা, প্লেটিং শাখা, কাষ্টিং শাখা, দায়ি শাখা, চেইন প্রস্তুত কৰা, সোণ পৰীক্ষা আৰু লেজাৰ শ্বলজাৰিং শাখা, গহনাৰ ডিজাইন প্রস্তুত কৰা শাখা তথা বিপণনৰ বাবে শ্ব’ৰুম সন্নিৱিষ্ট কৰা হৈছে, যাতে একেটা থলীতে থলুৱা গহনা প্রস্তুতকাৰীসকলে প্রয়োজনীয় সকলো সা–সুবিধা লাভ কৰিব পাৰে৷

তদুপৰি এই কেন্দ্রটোত স্বর্ণালংকাৰ প্রস্তুতৰ লগত জডিত হোৱাৰ প্রতি আগ্রহী যুৱক–যুৱতীসকলক্ ৬ মহীয়া প্রশিক্ষণ প্রদানৰ সুবিধা থাকিব৷ স্বর্ণালংকাৰ আৰু পৰম্পৰাগত অসমীয়া গহনাৰ সমূহীয়া কেন্দ্রটো মুকলি কৰি এই উপলক্ষে উদ্যোগ আৰু বাণিজ্য বিভাগৰ দ্বাৰা আয়োজিত সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– ‘আমাৰ থলুৱা গহনাই যাতে এই বজাৰ দখল কৰিব পাৰে, এইক্ষেত্রত আজি মুকলি কৰা স্বর্ণালংকাৰ আৰু পৰম্পৰাগত অসমীয়া গহনাৰ সমূহীয়া কেন্দ্রটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব৷’ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– ‘অসমৰ জনসাধাৰণে পূর্বপুৰুষৰ পৰা বিভিন্ন ক্ষেত্রত দক্ষতা বুটলিছে৷ এই পৰম্পৰাগত শিল্প কলাত মান সংযোজনেৰে আমাৰ স্বাভিমান বৃদ্ধি কৰাৰ উপৰি ৰাজ্যখনৰ অর্থনৈতিক ভেটি শক্তিশালী কৰিব লাগিব৷’ ২১ শতিকাক এক প্রত্যাহ্বানৰ শতিকা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিশ্ব বজাৰ দখল কৰিব লাগিলে অসমৰ বাণিজ্যিক ধ্যান–ধাৰণাক শক্তিশালী ৰূপ দিব লাগিব৷ এই কেন্দ্রটোত ৬০গৰাকী স্বর্ণশিল্পৰ প্রতি আগ্রহী যুৱক–যুৱতীয়ে ৬ মহীয়া প্রশিক্ষণ লাভৰ সুবিধা লাভ কৰিব বুলি জানিব পাৰি মুখ্যমন্ত্রীয়ে এই প্রশিক্ষার্থীসকলে ইয়াত প্রশিক্ষণ লৈ নিজে উৎপাদনশীল কামত জড়িত হোৱাৰ উপৰি নিয়োগ সৃষ্টিৰ দিশতো বিশেষ ভূমিকা ল’ব পাৰিব বুলি আশা প্রকাশ কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই সমূহীয়া কেন্দ্রটোত স্থাপন কৰা অত্যাধুনিক সা–সৰঞ্জাম আৰু যন্ত্রপাতিয়ে থলুৱা স্বর্ণশিল্পীসকলৰ দক্ষতা বৃদ্ধিৰ লগতে তেওঁলোকক মানসম্পন্ন গহনা প্রস্তুতৰ দিশত সহায় কৰিব বুলি কয়৷ মন্ত্রীগৰাকীয়ে লগতে এই কেন্দ্রটোৱে অসমীয়া পৰম্পৰাগত গহনাই বিশ্ব বজাৰ দখলৰ কৰাৰ দিশতো বিশেষভাৱে সহায় কৰিব বুলি কয়৷ উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্রধান সচিব ড০ কে কে দ্বিবেদীয়ে আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰায়ো ভাষণ প্রদান কৰে৷ সভাত উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত অৰিন্দম সিঙকে ধৰি ৰাজ্যৰ ভিন্ন প্রান্তৰ ভালেসংখ্যক থলুৱা স্বর্ণশিল্পী আৰু উদ্যোগী উপস্থিত থাকে৷

You might also like