নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ সমবায় খণ্ডত প্রতিষ্ঠিত নগাঁৱৰ শিলঘাট মৰাপাট কললৈ পুনৰ নামি আহিছে অশনি সংকেত ৷ কলটোৱে ৯ কোটিৰো অধিক ধন পৰিশোধ কৰিবলৈ বাকী আছে মৰাপাট যোগানকাৰী তথা ব্যৱসায়িক ৷ পৰিশোধ কৰিব লগা ধন আদায় নিদিলে যিকোনো মুহূর্তত ব্যৱসায়ীয়ে মৰাপাট যোগান বন্ধ কৰি দিয়াৰ সম্ভাৱনা আছে ৷ যাৰ বাবে বন্ধ হৈ পৰিব পাৰে মৰাপাট কলটি ৷ বর্তমান ধাৰত পোত গৈছে শিলঘাট মৰাপাট কল ৷ ২০১২–১৩ বিত্তীয় বর্ষত ৬৮ লাখ ৮৮ হাজাৰ টকা লাভ কৰিছিল ৷ ২০১৮–১৯ বিত্তীয় বর্ষত ১ লাখ ৩৯ হাজাৰ টকা লাভ হয় ৷ এইদৰে ৫ বছৰত ৬৭ লক্ষাধিক টকা হ্রাস পাইছে ৷ উৎপাদনৰ পৰিমাণ হ্রাস পোৱাৰ লগতে বৃদ্ধি পাইছে দা–দৰমহাৰ খৰচ ৷ সৰু–ডাঙৰ প্রায় ৭০গৰাকী মৰাপাট যোগানিয়াৰ ওচৰত ৯ কোটিৰো অধিক ধন পৰিশোধ কৰিবলৈ বাকী আছে কল কর্তৃপক্ষই ৷
শেহতীয়াকৈ ১৫গৰাকী মৰাপাট যোগানিয়াৰে বাকীত কেঁচামাল যোগান ধৰাত অসুবিধা পোৱা বুলি কল কর্তৃপক্ষলৈ লিখিত পত্রও প্রেৰণ কৰিছে ৷ ইয়াকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে শিলঘাট মৰাপাট কল কর্তৃপক্ষৰ লগতে সঞ্চালকমণ্ডলীও ৷ কলিয়াবৰৰ প্রথমগৰাকী বিধায়ক লীলাকান্ত বৰাই প্রতিষ্ঠা কৰা অসম সমবায় মৰাপাট কলটি ১৯৫৯ চনত পঞ্জীয়নভুক্ত হৈ এক দীঘলীয়া প্রচেষ্টাৰ ফচল হিচাপে ১৯৭১ চনৰ পৰা উৎপাদন আৰম্ভ কৰি কলিয়াবৰত এক সমবায় আন্দোলনৰ সূচনা কৰিছিল ৷ তদানীন্তন কৃষিমন্ত্রী ফখৰুদ্দিন আলী আহমেদে ১৯৭১ চনৰ ১৭ জানুৱাৰীত মৰাপাট কলৰ উৎপাদনৰ শুভাৰম্ভ কৰে ৷ পৰৱর্তী সময়ত ১৯৮৪ চনৰ মার্চ মাহত আর্থিক সংকটৰ বাবে প্রায় ২ বছৰ ধৰি মৰাপাট কলটি বন্ধ হৈছিল ৷ শ্রমিকসকললৈ দুর্যোগ নামি আহিছিল যদিও অসম চুক্তি অনুযায়ী মৰাপাট কলটিয়ে ১৯৮৬ চনৰ ১ জানুৱাৰীৰ পৰা পুনৰ উৎপাদন আৰম্ভ কৰি শ্রমিকসকলৰ মুখত হাঁহি বিৰিঙাইছিল ৷
পৰৱর্তী সময়ত ২০১১–১২ বিত্তীয় বর্ষৰ পৰা পুনৰ মৰাপাট কলটিলৈ নামি আহিল অশনি সংকেত ৷ উত্থাপিত অভিযোগ মতে অপৰিপক্ব সিদ্ধান্তৰে মৰাপাট কল কর্তৃপক্ষই ২০১০–১১ বিত্তীয় বর্ষত ৫ কোটিৰো অধিক ধন খৰচ কৰি এটি লেমিনেটেড মৰাপাটৰ বেগ তৈয়াৰ কৰা যন্ত্র স্থাপন কৰিছিল ৷ যাৰ বাবে মৰাপাট কলটি লোকচানৰ সন্মুখীন হোৱাৰ লগতে তদানীন্তন সঞ্চালক ধর্মেশ্বৰ পাটোৱাৰীৰ কার্যকালত ক্রয় কৰা এই যন্ত্রটি বর্তমান অব্যৱহৃত হৈ পৰি ৰৈছে ৷ তদুপৰি ৬০খন হেছিয়ান তাঁত শালৰ ২৮খন শাল ৬ মাহৰো অধিক দিন বন্ধ হৈ থকাত কলটিৰ উৎপাদন হ্রাস পাব ধৰিছে বুলি মিল কর্তৃপক্ষই জানিবলৈ দিয়ে ৷
আনহাতে ২০১২–১৩ চনত কর্মী–কর্মচাৰীৰ দা–দৰমহা আদায় দিয়াত ১১ কোটি ৭১ লাখ ৪৭ টকা ব্যয় হৈছিল যদিও ২০১৮–১৯ বিত্তীয় বর্ষত এই ব্যয় বৃদ্ধি পালে ১৯ কোটি ১৭ লাখ ৬৮ হাজাৰ টকালৈ ৷ কিন্তু সেই অনুপাতে উৎপাদন কৰিব পৰা নাই কলটিয়ে ৷ উৎপাদন হ’ব লগা ২৪/২৫ টনৰ ঠাইত বর্তমান দৈনিক ১৭ টনৰ পৰা ২০ টনলৈ হ্রাস পাইছে ৷ কলটিৰ এনে দুৰৱস্থাৰ আন এক হেতু হৈ পৰিছে কর্মসংস্কৃতি ৷ কলটিৰ কর্মী পৰিষদে কল কর্তৃপক্ষলৈ শেহতীয়াকৈ লিখা এখন পত্রত কর্মী পৰিষদে স্বীকাৰ কৰিছে কর্মসংস্কৃতি হ্রাস পোৱাৰ প্রসংগ ৷ উল্লেখ্য যে ৯ কোটিৰো অধিক টকা ধাৰৰ বোজা লৈ পৰিচালন সঞ্চালক গুণমণি গগৈ আৰু সঞ্চালকমণ্ডলীৰ সদস্যসকলে মৰাপাট যোগানিয়াৰসকলক ধাৰাবাহিকভাৱে মৰাপাট যোগান ধৰিবলৈ অনুৰোধ জনোৱাত কলটি সম্প্রতি উৎপাদনক্ষম হৈ আছে যদিও বিত্তীয় বোজা বৃদ্ধি পাই গৈ থাকিলে যিকোনো মুহূর্তত বন্ধ হৈ পৰাৰ আশংকা আছে ৷ বাকীত মৰাপাট যোগান ধৰি অহা প্রায় ৭০গৰাকী যোগানিয়াৰে মৰাপাট যোগান ধৰিবলৈ অমান্তি হ’লে যিকোনো মুহূর্ততে বন্ধ হৈ পৰিব মৰাপাট কলটি ৷
ইফালে, শিলঘাটৰ অসম সমবায় মৰাপাট কলটোৰ উৎপাদন হ্রাস পোৱাৰ বাবেই বিত্তীয় বোজা ক্রমাৎ বৃদ্ধি পাই গৈ থকাৰ ফলত কলটো যাতে বন্ধ হৈ নাযায় তাৰ প্রতি গুৰুত্ব প্রদান কৰিছে কল কর্তৃপক্ষৰ লগতে পৰিচালনামণ্ডলীয়ে ৷ কিছুদিন পূর্বে কলটোত ১২খন নতুন শাল সংযোজন কৰাৰ পিছতে এইবাৰ বিশাখাপট্টনমৰ পৰা আনিছে নতুন যন্ত্র৷ ইতিমধ্যে এই যন্ত্র শিলঘাট আহি পাইছে ৷ এই নতুন যন্ত্র সংযোজন কৰাৰ পিছতেই কলটোৰ উৎপাদন পূর্বৰ উৎপাদনতকৈ কমেও ৪ৰ পৰা ৫ মেট্ৰিক টন বৃদ্ধি পোৱাৰ আশা কৰিছে কল কর্তৃপক্ষৰ লগতে পৰিচালকমণ্ডলী আৰু কর্মী পৰিষদেও ৷ পূর্বতকৈ ৪/৫ মেট্ৰিক টন উৎপাদন বৃদ্ধি পালেই অতি কম দিনৰ ভিতৰতে বিত্তীয় বোজা হ্রাস কৰিবলৈ সক্ষম হ’ব কল কর্তৃপক্ষ ৷ এনে এক দুর্যোগৰ সময়ত কলটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মৰাপাট কলটিৰ অধ্যক্ষ, স্থানীয় বিধায়ক তথা মন্ত্রী কেশৱ মহন্তই অসম চৰকাৰৰ জৰিয়তে কলটোৰ দ্বিতীয় এটা ইউনিট স্থাপনৰ বাবে প্রায় ৪৭ কোটি টকা মোকলাই দিয়াৰো ব্যৱস্থা কৰিছে ৷ অহা নতুন বর্ষৰ জানুৱাৰী মাহৰ পৰাই ইয়াৰ কাম আৰম্ভ কৰিব বুলি কলটোৰ পৰিচালন সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়াৰ লগতে উৎপাদনত বিজুলী যোগানত ব্যাঘাত নহ’বৰ বাবে মৰাপাট কলটোলৈ অসম চৰকাৰৰ পৰা এটা জেনেৰেটৰ চেট অনুদান হিচাপে আগবঢ়োৱাৰ বিষয়েও জানিবলৈ দিয়ে ৷