নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্য সচিবক বিহিত ব্যৱস্থা গ্রহণৰ নির্দেশ কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ৰাজনৈতিক নেতা, শীর্ষ আৰক্ষী বিষয়া–আমোলাৰ নাম সাঙোৰ খাই পৰা অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ চি বি আইৰ তদন্তৰ দাবী জনাই প্রধানমন্ত্রীলৈ এক পত্র প্রেৰণ কৰিছিল স্বৰাজ অসমৰ মুখ্য আহ্বায়ক তথা নৱগঠিত ৰাইজৰ দলৰ সম্পাদক ভেবন সন্দিকৈয়ে৷ বিগত বৰ্ষৰ ৩০ ছেপ্টেম্বৰত প্রধানমন্ত্রীলৈ অনলাইনযোগে প্রেৰণ কৰা পত্রখনত আৰক্ষীৰ এছ আই কেলেংকাৰি তদন্তৰ দায়িত্ব চি বি আইক প্রদান কৰাৰ দাবী জনাইছিল৷ সেই ৰাজহুৱা অভিযোগ পত্র (নম্বৰ পি এম অ’ পি জি/ই/২০২০/০৮৮০৪৭৩) দীর্ঘদিন প্রধানমন্ত্রীৰ কার্যালয়ৰ বিবেচনাধীন আছিল৷

শেহতীয়াকৈ চিঠিখন সর্ন্দভত ভাৰত চৰকাৰৰ ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্রালয়ৰ বৰ সচিব এছ পি আৰ ত্রিপাঠীয়ে অসম চৰকাৰৰ মুখ্য সচিবক বিহিত ৱস্থা গ্রহণ কৰিবলৈ এক পত্র প্রেৰণ কৰিছে৷ যোৱা ৭ জানুৱাৰীত মুখ্য সচিবলৈ প্রেৰণ কৰা পত্রখন সম্পর্কত সংবাদ মাধ্যমলৈ প্রেৰণ কৰা বিবৃতিটোত ভেবন সন্দিকৈয়ে কয় যে ‘দুর্নীতিৰ ক্ষেত্রত শূন্য সহনশীলতা’ আৰু ২৫ লাখ নিবনুৱাক কর্মসংস্থাপনৰ প্রতিশ্রুতিৰে শাসনৰ গাদী দখল কৰা চৰকাৰখনৰ এই নিযুক্তি কেলেংকাৰিৰ চি বি আইৰ তদন্তৰ সন্দর্ভত কি ব্যৱস্থা গ্রহণ কৰে সি লক্ষণীয় হ’ব৷

দুই–এজন নেতা–পালিনেতাৰ লগতে এজন আৰক্ষী অধীক্ষক–অৱসৰপ্রাপ্ত বিষয়াৰ বাহিৰে এই কেলেংকাৰিত নাম চর্চিত হৈ থকা কোনো হাই–প্রফাইল ৰাজনৈতিক নেতাক পর্যন্ত জেৰা নকৰিলে৷ এটা চাকৰিৰ আশাত ৰাজ্যখনৰ লক্ষ লক্ষ নিবনুৱা যুৱক–যুৱতীয়ে সাঁচতীয়া ধন অথবা গৰু–ছাগলী বিক্রী কৰি আবেদন কৰি পৰীক্ষাত অৱতীর্ণ হোৱাৰ খৰচ উলিয়ায়, এইসকল দুর্ভগীয়াৰ স্বার্থৰ কথা চৰকাৰে চিন্তা কৰক৷

You might also like