ডিজিটেল ডেস্ক, ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুলাই : বাংলাদেশৰ পাছত এইবাৰ ভাৰতৰ চিৰবৈৰী ৰাষ্ট্র পাকিস্তানে অসমৰ পৰা দেশজুৰি জেহাদৰ নেটৱর্ক বিয়পোৱাৰ গভীৰ ষড়যন্ত্রত লিপ্ত হৈছে৷ শেহতীয়াকৈ অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ, চমুকৈ এছটিএফে চলিত বর্ষৰ ২২ মে’ত এজন জেহাদীক গ্রেপ্তাৰ কৰাৰ পাছত শনিবাৰে ধুবুৰী, চিৰাং আৰু বৰপেটা জিলাৰ পৰা তিনিজনকৈ জেহাদীক গ্রেপ্তাৰ কৰাত এই ভয়ংকৰ ৰহস্য পোহৰলৈ আহিছে৷
শনিবাৰে এছটিএফৰ এছএছপি প্রণৱ পেগুৱে এখন সংবাদমেলযোগে এই ভয়ংকৰ তথ্য সদৰী কৰিছে৷ গুৰুত্বপূর্ণ বিষয়টো হৈছে– পাকিস্তানভিত্তিক এক সন্ত্রাসবাদী অপৰাধমূলক নেটৱর্ক শ্বাহজাদ ভাট্টি নেটৱর্ক, চমুকৈ এছবিএনৰ সদস্য আছিল ধৃত ৩ জেহাদী৷ জেহাদীকেইটা হৈছে ক্রমে ধুবুৰীৰ বেপাৰীপাৰাৰ আক্রামুল ইছলাম (২৬), চিৰাঙৰ পাণবাৰীৰ আমিনুৰ ৰহমান (২২) আৰু বৰপেটাৰ কলগাছিয়াৰ আব্দুল হুছেইন (৫৪)৷
এছএছপি পেগুৱে কয় যে দীর্ঘদিন ধৰি ধৃত ৩ জেহাদীয়ে ৰাজ্যৰ ৩ স্থানৰ পৰা গোপনে জেহাদৰ নেটৱর্কটো সংগঠিত কৰিছিল৷ মুছলিম সম্প্রদায়ৰ কম বয়সীয়া যুৱকক ধর্মীয় অনুভূতিৰ দোহাই দি উক্ত ৩ জেহাদীয়ে জেহাদৰ প্রতি আকর্ষিত কৰিছিল৷ পাকিস্তানৰ এছবিএন নেটৱর্কৰ সদস্য ৩ জেহাদীয়ে চিৰবৈৰী ৰাষ্ট্রখনৰ পৰাই প্রয়োজনীয় সকলো সা–সুবিধা লাভ কৰিছিল৷ এছটিএফে বিগত ২২ মে’ত নলবাৰী জিলাত এজন এছবিএন সদস্যক গ্রেপ্তাৰ কৰাৰ পাছতে ধৃত ৩ জেহাদীৰ তথ্য লাভ কৰিছিল যদিও আৰক্ষীৰ চকুত ধূলি মাৰি দীর্ঘদিন ধৰি বিভিন্ন স্থানত জেহাদীকেইটাই আত্মগোপন কৰি আছিল৷ তাৰ পাছতে গোপন সূত্রৰ খবৰৰ ভিত্তিত এছটিএফে ধুবুৰী, চিৰাং আৰু বৰপেটা জিলাৰ আৰক্ষীৰ সহযোগত চলোৱা এক সমন্বিত অভিযানত শুকুৰবাৰে নিশা জেহাদীকেইটাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
জেহাদীকেইটাক গ্রেপ্তাৰৰ লগে লগে এতিয়া চর্চালৈ আহিছে এছবিএন৷ এই সন্দর্ভত জানিব পৰা মতে, এছবিএন অর্থাৎ শ্বাহজাদ ভাট্টি নেটৱর্ক হৈছে পাকিস্তানভিত্তিক এক সন্ত্রাসবাদী নেটৱর্ক৷ যিটোৱে ভাৰতৰ বিভিন্ন প্রান্তত সদস্য নিয়োগ কৰি ভাৰতবিদ্বেষী প্রচাৰ চলোৱাৰ লগতে চোৰাংচোৱাগিৰি কৰাৰ লগতে অবৈধ অস্ত্র সংগ্রহ তথা অন্যান্য ল’জিষ্টিক সহায় বিভিন্ন জেহাদী গোটক আগবঢ়ায়৷ অকল সেয়াই নহয়, এছবিএনে শ্লীপাৰ চেল গঠন কৰি আন জেহাদী সংগঠনবোৰৰ সৈতে সমন্বয় স্থাপন কৰি ভাৰতক জেহাদৰ মানচিত্রত সন্নিৱিষ্ট কৰিবলৈ দীর্ঘসময় ধৰি অপচেষ্টা চলাই আহিছে৷
কেন্দ্রীয় চোৰাংচোৱাৰ তথ্য অনুসৰি, এই এছবিএনৰ সৈতে পাকিস্তানৰ ইণ্টাৰ ছার্ভিচেছ ইণ্টেলিজেঞ্চ, চমুকৈ আইএছআইৰ ঘনিষ্ঠ সম্পর্ক আছে৷ যাৰ বাবে পাকিস্তানত থকা ভাৰতবিৰোধী শক্তিৰ নির্দেশত এছবিএনে নিজৰ কার্যকলাপ পৰিচালনা কৰে৷ ভাৰতীয় চোৰাংচোৱা সংস্থাই তেওঁলোকৰ গতি-বিধিৰ উমান যাতে পাব নোৱাৰে, তাৰ বাবেই যোগাযোগৰ ক্ষেত্রত সংস্থাটোৰ সদস্যসকলে এনক্রিপটেড লেংগুৱেজ অর্থাৎ সংগোপনীয় সংকেতমূলক ভাষা ব্যৱহাৰ কৰে৷
শেহতীয়াকৈ কেন্দ্রীয় চোৰাংচোৱা বাহিনীৰ তদন্তত ভাৰতবিৰোধী এই নেটৱর্কে খালিস্তান আর্মড ফ’ৰ্চ, পিএছএ, খালিস্তান লিবাৰেচন আর্মী, শ্বেৰ–ই–পাঞ্জাব ব্রিগেড, শিখ টাইগার্ছ অৱ খালিস্তান আৰু তেহৰিক–এ তালিবান হিন্দুস্তান, চমুকৈ টিটিএইচৰ সৈতেও সম্পর্ক বজাই ৰাখিছিল৷ চলিত বর্ষৰ ২২ ফেব্রুৱাৰী আৰু ২৪ মে’ত পঞ্জাব আৰক্ষীৰ দুজনকৈ জোৱানক লক্ষ্য কৰি সংঘটিত হৈছিল এক নির্মম হত্যাকাণ্ড৷ পৰৱর্তী সময়ত এই হত্যাকাণ্ডৰ দায়িত্ব টিটিএইচে স্বীকাৰ কৰিছিল৷
শেহতীয়াকৈ অসমতো আইএছআইৰ পৃষ্ঠপোষকতাত এছবিএনে নিজৰ নেটৱর্ক বৃদ্ধিৰ জৰিয়তে জেহাদৰ জালখন অধিক সুদৃঢ় কৰিবলৈ চলোৱা চেষ্টাক লৈ সম্প্রতি চিন্তাত পৰিছে নিৰাপত্তা সংস্থাসমূহ৷ এছটিএফে এই সন্দর্ভত ৬/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰি ধৃত জেহাদীকেইটাক জেৰা অব্যাহত ৰাখিছে৷ অভিযানৰ সময়ত এছটিএফে জেহাদীকেইটাৰ জিম্মাৰ পৰা ৫টা ম’বাইল ফোন, ৭খন ছিম কার্ড, আধাৰ কার্ড, বেংক পাছবুক, ডেবিট কার্ডৰ লগতে অন্যান্য আপত্তিজনক নথি-পত্র জব্দ কৰিছে৷