নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ‘লাইফ ইন এ পাপেট’লৈ শ্রেষ্ঠ আন্তঃৰাষ্ট্রীয় কথাছবিসহ ৭ বঁটা

চেন্নাইৰ উৰুৱতী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ  ভোগালী বিহুৰ উৎসাহ–উদ্দীপনাই ৰাজ্যবাসীক আনন্দমুখৰ কৰি ৰখাৰ সময়তে ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’–এ পুনৰ সুখবৰ কঢ়িয়াই আনিছে অসমলৈ৷ চেন্নাইত অনুষ্ঠিত উৰুৱতী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ‘লাইফ ইন এ পাপেট’–এ শ্রেষ্ঠ আন্তঃৰাষ্ট্রীয় চলচ্চিত্রৰ বঁটা লাভ কৰিছে৷ লগতে পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে শ্রেষ্ঠ ভাৰতীয় চলচ্চিত্রৰ পৰিচালকৰ বঁটা৷ ছবিখনে ভাৰতীয় চলচ্চিত্র শাখাত শ্রেষ্ঠ অভিনেত্রী, শ্রেষ্ঠ চিত্রনাট্যকে ধৰি বিভিন্ন শিতানত লাভ কৰিছে মুঠ সাতটা বঁটা৷ দক্ষিণৰ চলচ্চিত্র জগতৰ কিংবদন্তি পুৰুষসকলৰ সন্মানার্থে আয়োজিত এই আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত বিশ্বৰ প্রায় ৩০খন দেশৰ ডেৰ শতাধিক ছবিয়ে বিভিন্ন শিতানত যোগদান কৰা বুলি ফেষ্টিভেল ডাইৰেক্টৰে জানিবলৈ দিছে৷ চেন্নাইত আয়োজন কৰা ‘ডিচেম্বৰ, ২০২০ উৰুৱতী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র সমাৰোহ’ৰ আজি ঘোষিত সম্পূর্ণ ফলাফল অনুসৰি ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ক শ্রেষ্ঠ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র হিচাপে ঘোষণা কৰা হৈছে৷ যুটীয়াভাৱে শ্রেষ্ঠ বিবেচিত হৈছে ইণ্ডোনেছিয়াৰ চলচ্চিত্র‘Rio The Survivor’৷

উল্লেখ্য যে অসমৰ বিলুপ্তপ্রায় পুতলা নাচৰ ওপৰত ৰাজেন দাসে নির্মাণ কৰা চলচ্চিত্র ‘লাইফ ইন এ পাপেট’–এ মহোৎসৱত যোগদান কৰা অভিজাত বেনাৰৰ আন্তর্জাতিক বহু নামী–দামী চলচ্চিত্রক চেৰ পেলাই শ্রেষ্ঠত্বৰ খিতাপ অর্জন কৰিছে৷ মহোৎসৱত যোগদান কৰা আমেৰিকা, কানাডা, ৰাছিয়া, ছুইডেন, গ্রেট ব্রিটেইন, ফ্রান্স, জাপান, কোৰিয়া, নামিবিয়া, আৰব এমিটার্ছ আদি ৰাষ্ট্রৰ চলচ্চিত্রক চেৰ পেলাই মহোৎসৱত জিলিকিল অসমৰ ছবি ‘লাইফ ইন এ পাপেট’৷ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র শাখাত শ্রেষ্ঠ ছবি অসম তথা ভাৰতৰ ‘লাইফ ইন এ পাপেট’ৰ বিপৰীতে জুৰীৰ বিশেষ বঁটা লাভ কৰে আমেৰিকাৰ দুখন ছবি ক্রমেNo Tears For Bankers আৰুOn The Day That I Died–এ৷ সেইদৰে এই শাখাতAudience Choice Award লাভ কৰে ছুইডেনৰ ছবিMareled-এ৷ একেদৰে এই শাখাত জুৰীৰ বিশেষ সন্মান লাভ কৰে গ্রেট ব্রিটেইনৰ ছবিHannah More আৰু সমালোচকৰ বিশেষ বঁটা লাভ কৰে ৰাছিয়ান ছবিTheJar নামৰ চলচ্চিত্রখনে৷ একে শাখাতHonourable Mention লাভ কৰে আমেৰিকাৰ ছি Well Dressed Lie-এ৷ আনহাতে, ভাৰতীয় চলচ্চিত্র শাখাত ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে শ্রেষ্ঠ পৰিচালক আৰু প্রযোজনাৰ বঁটা৷ একেই শাখাত চলচ্চিত্রখনত পুতলা নাচৰ শিল্পীৰ চৰিত্রত অভিনয় কৰা আশা বৰদলৈয়ে লাভ কৰিছে শ্রেষ্ঠ অভিনেত্রীৰ সন্মান৷ আনহাতে, এই শাখাত দীপান্বিতা দাসে লাভ কৰিছে জুৰীৰ বিশেষ সন্মান৷ ‘লাইফ ইন এ পাপেট’ৰ কাহিনী তথা চিত্রনাট্যকাৰ ৰাজেন দাসলৈ আগবঢ়োৱা হৈছেBest Sript Writerৰ সন্মান৷ একেদৰে পৰিচালক ৰাজেন দাসলৈ ভাৰতীয় শাখাত আগবঢ়োৱা হৈছে‘Best Cinematographer’ৰ বঁটা৷ অহা ফেব্রুৱাৰী মাহত বিশ্বৰ চলচ্চিত্র জগতৰ তিনিগৰাকী নির্বাচিত পৰিচালকৰ সৈতে মহোৎসৱৰ জুৰীয়ে ভার্চুৱেল প্লেটফর্মত মত বিনিময় কৰিব৷ ইয়াৰ ভিতৰত ভাৰতৰ পৰা ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসক বাছনি কৰাৰ কথা মহোৎসৱ কর্তৃপক্ষই পৰিচালকগৰাকীক অৱগত কৰিছে৷ উল্লেখ্য যে দাক্ষিণাত্যৰ আন এক ৰাজ্য কেৰালাত বিখ্যাত Orange Film Academy, Mass Media আৰুFolk Films Indiaই আয়োজন কৰ International Folklore Film Festivalত অসমৰ চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ সামৰণি মহোৎসৱৰ একমাত্র ভাৰতীয় ছবি হিচাপে প্রদর্শিত হোৱাৰ সন্মান অর্জন কৰিছে৷ বহু অভিজাত ছবিক চেৰ পেলাই অসমৰ থলুৱা লোককলা পুতলা নাচৰ ওপৰত নির্মাণ কৰা এখন নিভাঁজ অসমীয়া চলচ্চিত্রৰ এই সাফল্যত উৎফুল্ল হৈ পৰিছে ৰাজেন দাসৰ ওপজা গাঁও ভালুকী৷ এই গাঁওখনৰ প্রায়সংখ্যক লোকেই ছবিখনত অভিনয় কৰিছে৷ পৰিচালক ৰাজেন দাসে এই সন্মান অসমৰ পুতলা নাচৰ শিল্পীসকলৰ হাতত অর্পণ কৰাৰ লগতে এয়া অসমৰ পুতলা নাচলৈ এক বিৰল স্বীকৃতি বুলি সাংবাদিকৰ আগত মত প্রকাশ কৰে৷

পৰিচালক ৰাজেন দাসে লগতে কয়– ‘অসমৰ বিলুপ্তপ্রায় পুতলা নাচৰ বিশ্বজনীন প্রচাৰ আৰু প্রসাৰৰ জৰিয়তে এই লোককলাক পুনৰ উজ্জীৱিত কৰাৰ বাবেই এক দুঃসাহস কৰি চলচ্চিত্রখন নির্মাণ কৰা হৈছে৷ যাত্রাৰ আৰম্ভণিতেই ছবিখনৰ ক্রমাগত সাফল্যই আমাক প্রেৰণা যোগাইছে৷ মই সংবাদ মাধ্যম তথা অসমৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছেছা৷’ ছবিখনত অভিনয় কৰা অসম পাপেট থিয়েটাৰৰ প্রতিষ্ঠাপক পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকাৰ লগতে পুতলা নাচৰ লগত জডিত শিল্পীসকলো এই সাফল্যত উৎফুল্ল হৈ পৰিছে৷ পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকাই কয়– ‘পৰিচালক ৰাজেন দাসে চলচ্চিত্রখনৰ জৰিয়তে অসমৰ বিলুপ্ত লোককলা পুতলা নাচক এক নতুন জীৱন দিছে৷ এই স্বীকৃতি অসমৰ নিঃস্ব পুতলা নাচৰ শিল্পীসকলৰ বাবে এক আশাৰ বতৰা৷’ উল্লেখ্য যে মীনাক্ষি দাসৰ সহঃ প্রযোজনা আৰু মৃণাল শর্মাই প্রডাকচন ডিজাইন কৰা ছবিখনত অভিনয় কৰিছে আশা বৰদলৈ, পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকা, দীপান্বিতা দাস, হিমাদ্রী শর্মা, প্রকাশ ঠাকুৰীয়া, সোণেশ্বৰ কলিতা, পাহি, প্রিয়ংকা, ৰিমঝিমকে ধৰি ভালুকী গাঁৱৰ প্রায়সংখ্যক লোক৷ ‘লাইফ ইন এ পাপেট’ৰ সংগীত ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত শিল্পী তৰালি শর্মাৰ৷
‘বেলকনিত ভগৱান’লৈ শ্রেষ্ঠ পৰিচালকৰ ‘ৰয়েল গ’ল্ডেন টাইগাৰ সন্মান
ভাৰতৰ অন্যতম বৃহত্তম আৰু এছিয়া মহাদেশৰ এটি উল্লেখযোগ্য চলচ্চিত্র মহোৎসৱ ২৬সংখ্যক কলকাতা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত ‘বেলকনিত ভগৱান’ৰ বাবে অসম সন্তান বিশ্বজিৎ বৰাই লাভ কৰিছে শ্রেষ্ঠ পৰিচালকৰ ‘ৰয়েল গ’ল্ডেন টাইগাৰ’ সন্মান৷ মাইনা প্রডাকচনৰ বেনাৰত নির্মিত, ‘জেতুকা পাতৰ দৰে’ কথাছবিৰ বাবে ৰাষ্ট্রীয় বঁটাপ্রাপ্ত নুৰুল চুলতানৰ দ্বাৰা প্রযোজিত আৰু বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত এই ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া কথাছবিখনে যোৱা ৮ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ অনুষ্ঠিত ‘২৬সংখ্যক কলকাতা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’ৰ‘NATIONAL COMPETITION ON INDIAN LANGUAGE’ৰ প্রতিযোগিতাত অংশ লৈ শ্রেষ্ঠ পৰিচালকৰ সন্মান অর্জন কৰে৷ মেনিলাৰLiza Dino, অষ্ট্রেলিয়াৰAnne Demy-Geroe আৰু তুর্কীৰAlin Tasciyanৰ দ্বাৰা গঠিত জুৰী মণ্ডলীয়ে ‘শ্রেষ্ঠ কথাছবি’ৰ বাবে ‘কালা ন’ত্তাম’ (ৰাহুল ৰিজ নায়াৰৰ কথাছবি) আৰু শ্রেষ্ঠ পৰিচালকৰ বাবে বিশ্বজিৎ বৰা (বেলকনিত ভগৱান) নির্বাচিত কৰে৷ সুখৰ খবৰ যে ‘বেলকনিত ভগৱানে’ ইতিমধ্যে দেশৰ অন্যতম সর্ববৃহৎ ‘২৫সংখ্যক কেৰালা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’লৈ’indian cinema now’ৰ প্রতিযোগিতা শাখাৰ বাবে আমন্ত্রিত হৈছে৷ ২৫সংখ্যক কেৰালা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ অহা ১০ ফেব্রুৱাৰীৰ পৰা ৫ মার্চলৈকে প্রায় ২৪ দিনীয়া এক বৃহৎ কার্যসূচীৰে অনুষ্ঠিত হ’ব৷ দেশ–বিদেশৰ প্রায় ২০০ কথাছবিৰো অধিক প্রদর্শন হ’বলগীয়া এই মহোৎসৱত ‘বেলকনিত ভগৱান’ প্রদর্শিত হ’ব ৪বাৰকৈ৷ চলচ্চিত্রখনত মুখ্য চৰিত্রত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্রমে য়াহা, কমিনে, মিডনাইটছ চিলড্রেন, গেংগছ অব ৱাছিপুৰ আদিত অভিনীত হৰিশ খান্নাই৷ লগতে ইয়াত আন দুটা মুখ্য চৰিত্রত অভিনয় কৰিছে প্রণামী বৰা আৰু পৰিনান্ধি জিমা চুলতানাই৷ ইয়াৰ উপৰি অৰুণ হাজৰিকা, ৰাজীৱ ক্র, শোণিত বৰা, ইভা মহন্ত, পৱিত্র বৰুৱা, গৌৰীশংকৰ ভূঞা, যতীন খনিকৰ, বিনোদ লাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জ্যেষ্ঠ অভিনেতা দীনেশ দাস, জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আৰু ৰাজদীপ বাইলুং বৰুৱায়ো অভিনয় কৰিছে এই ছবিখনত৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰায়ো এটা গুৰুত্বপূর্ণ ভূমিকা ৰূপায়ণ কৰিছে৷

You might also like